বিশেষ সংশোধনীৰ সংহত খচৰা ভোটাৰ তালিকা প্রকাশ
অসমৰ সকলো বিধানসভা সমষ্টিৰ বিশেষ সংশোধনী (এছ আৰ ২০২৬)ৰ সংহত খচৰা নিৰ্বাচনী তালিকা প্রকাশ কৰা হৈছে৷খচৰা ভোটাৰ তালিকাত মুঠ ২,৫২,০১,৬২৪গৰাকী ভোটাৰ অন্তৰ্ভুক্ত হৈছে আৰু ২০২৫চনৰ জানুৱাৰীত প্ৰকাশিত পূৰ্বৰ চূড়ান্ত তালিকাৰ তুলনাত এই সংখ্যা ১.৩৫% বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷
এই তথ্য প্ৰকাশেৰে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে অহা ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হব বুলিও সদৰি কৰে৷ ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে ৰাজ্যৰ নাগৰিকসকলক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাত নিজৰ নাম সঠিকভাৱে সন্নিবিষ্ট হোৱাটো নিশ্চিত কৰিবলৈ ২২ জানুৱাৰীৰ ভিতৰত দাবী আৰু আপত্তি দাখিল কৰিবলৈ আহ্বান জনায়।
মুখ্য কাৰ্যবাহী বিষয়া অনুৰাগ গোৱেলে কয় যে এই খচৰা ভোটাৰ তালিকা প্ৰস্তুতৰ প্ৰক্ৰিয়াটো এইবাৰ, “ব্যতিক্ৰমীভাৱে নিকা আৰু স্বচ্ছ” ৰূপত কৰা হৈছে, য’ত গ্ৰামসভা পৰ্যায়ৰ খচৰা ভোটাৰ তালিকাৰ ৰাজহুৱা পঠন কৰা হৈছে। অসমত এই প্ৰক্ৰিয়া প্ৰথমবাৰৰ বাবে কৰা হ’ব। মানুহে ধৰি ল’ব নালাগে যে বিএলঅ’ত প্ৰ-পত্ৰ জমা দিলে স্বয়ংক্ৰিয়ভাৱে অন্তৰ্ভুক্তিৰ নিশ্চয়তা পোৱা যায়।
খচৰা তালিকাখন ৰাজহুৱাভাৱে পৰীক্ষা কৰিব লাগিব।দাবী আৰু আপত্তিৰ সময়ছোৱাত যিকোনো বাদ পৰা বা ভুল চাব লাগিব লাগিব। মুৰব্বী নিৰ্বাচন আয়োগৰ নিৰ্দেশনা আৰু নিৰ্বাচনী তালিকাৰ হাতপুথি অনুসৰি প্ৰতিটো ভোটগ্ৰহণ অংশৰ খচৰা তালিকা গ্ৰামসভাৰ সভাত গাঁওবাসী আৰু স্থানীয় নেতাৰ উপস্থিতিত উচ্চস্বৰে পাঠ কৰা হ’ব।
এই বৈঠকসমূহ ৩, ৪, ১০, আৰু ১১ জানুৱাৰীত অনুষ্ঠিত হ’ব, যাৰ তাৰিখ নিজ নিজ জিলা উপায়ুক্তই চূড়ান্ত কৰিব। “ইয়াৰ দ্বাৰা বাদ পৰা বা ডুপ্লিকেচনসমূহ ঠাইতে চিনাক্ত কৰা হয় আৰু তৎক্ষণাত সংশোধনীমূলক ব্যৱস্থা কৰা হয়। অসমত প্ৰথমবাৰৰ বাবে এই পৰ্যায়ৰ ৰাজহুৱা তদাৰকী ৰূপায়ণ কৰা হৈছে বুলিও কয় মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে।
অনুৰাগ গোৱেলে কয়- ২০২৬ চনৰ ২২ জানুৱাৰীলৈকে দাবী আৰু আপত্তিৰ সময় সীমা খোলা থাকিব।২৩ জানুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত কোনো প্ৰ-পত্ৰ গ্ৰহণ কৰা নহ’ব, ১০ ফেব্ৰুৱাৰীত চূড়ান্ত নিৰ্বাচনী তালিকা প্ৰকাশ কৰা হ’ব। প্ৰকাশৰ পিছত যদি কোনো অভিযোগ উত্থাপন হয় তেন্তে ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ভোটাৰে জিলা উপায়ুক্তৰ কাষ চাপিব পাৰে। জিলা উপায়ুক্তৰ সিদ্ধান্তৰ বিৰুদ্ধে আবেদন মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত কৰিব পাৰি যাৰ সিদ্ধান্ত চূড়ান্ত হ’ব। আৰু যিকোনো প্ৰত্যাহ্বান আদালতৰ ওপৰত নিৰ্ভৰ কৰিব।
মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে লগতে কয়, ‘ফেব্ৰুৱাৰীৰ শেষৰ ফালে বা মাৰ্চৰ আৰম্ভণিতে নিৰ্বাচন ঘোষণা হোৱাৰ সম্ভাৱনা আছে।এতিয়ালৈকে সকলো ঠিকে আছে, আৰু আমি ৰাজনৈতিক দলৰ সৈতে বৈঠকত মিলিত হৈছো। খচৰা তালিকাত ২,৫২,০১,৬২৪ জন ভোটাৰৰ তালিকা দিয়া হৈছে, ইয়াৰে ১২৫৭২৫৮৩ জন পুৰুষ। মহিলা ভোটাৰৰ সংখ্যা ১,২৬,২৮,৬৬২ গৰাকী৷ তৃতীয় লিংগ ৩৭৯গৰাকী৷ ভোটাৰ লিংগ অনুপাত: ১,০০৪গৰাকী,ভোটাৰ জনসংখ্যা অনুপাত ৬৪৩গৰাকী৷ অসমত এতিয়া ৩১,৪৮৬টা ভোটগ্ৰহণ কেন্দ্ৰ সংযোজন হৈছে৷ইয়াত সংযোজন হৈছে ১,৮৩০টা নতুন ভোটকেন্দ্ৰ। সৰ্বাধিক সংখ্যক ভোটাৰ থকা সমষ্টি হল দলগাঁও সমষ্টি ৷ ইয়াতত ৩,১৮,৩২৬ জন ভোটাৰ আছে৷
সৰ্বনিম্ন সংখ্যক ভোটাৰ থকা সমষ্টি হল আমৰি সমষ্টি ৷ ইয়াতত ১,০০৩১৯ জন ভোটাৰ আছে৷ খচৰা তালিকাত ১৮–১৯ বছৰ বয়সৰ ২,৪৫,০০০ যুৱ ভোটাৰৰ ৰেকৰ্ড আছে, যদিও বুথ পৰ্যায়ৰ বিষয়া (BLO) সমূহে ছয় লাখৰো অধিক যোগ্য যুৱকক চিনাক্ত কৰিছে, যাৰ বহুতেই এতিয়াও প্ৰ-পত্ৰ জমা দিব পৰা নাই। ৮৫ বছৰ আৰু তাৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকৰ সংখ্যা ১,৩৬,৫৪৬গৰাকী৷ আনহাতে ২,০২,৪৩৩ জন ভোটাৰ বিশেষভাৱে সক্ষম ব্যক্তি।
সেৱা আৰু ডাক নিৰ্বাচক ৬,৩,৩১৪ জন। খচৰা তালিকাত ২০২৫ চনৰ ৬ জানুৱাৰীৰ পৰা ২৫ ডিচেম্বৰৰ ভিতৰত ধাৰাবাহিকভাৱে উন্নীতকৰণৰ সময়ত ৭,৮৬,৮৪১ জন ভোটাৰ নতুনকৈ সংযোজন কৰা হয়, ৪,৪৭,১৯৬ জন নাম ডিলিট কৰা হয় আৰু ৩.৩ লাখতকৈ অধিক ভোটাৰৰ নিকা বৃদ্ধি ৰেকৰ্ড কৰা হয়। ৬০ হাজাৰতকৈ অধিক বিএলঅ’ই ঘৰে ঘৰে চলোৱা পৰীক্ষণৰ সময়ত ৪,৭৮,৯৯২ জন মৃত নিৰ্বাচক আৰু ৫,২৩,৬৮০ জন স্থানান্তৰিত ভোটাৰ চিনাক্ত কৰা হয়।
অৱশ্যে তেওঁলোকৰ নাম খচৰা তালিকাত থাকিব আৰু আপত্তিৰ সময়ছোৱাত যথাযথ প্ৰক্ৰিয়াৰ অন্ততহে বাদ দিয়া হ’ব। ইয়াৰ উপৰিও ৫৩,৬১৯ টা ডুপ্লিকেট প্ৰৱেশ সংশোধনৰ বাবে চিনাক্ত কৰা হৈছে। আনহাতে জনপ্রতিনিধিত্ব আইন, ১৯৫০ অনুসৰি চিনাক্ত কৰা নামসমূহ এতিয়াও ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা নাই বুলি সদৰি কৰে মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে৷ তেওঁ কয় যে বর্তমান অব্যাহত থকা দাবী আৰু আপত্তি দাখিলৰ সময়ছোৱাত লাভ কৰা আনুষ্ঠানিক আবেদন অনুসৰিহে এই নামসমূহৰ কৰ্তন বা স্থানান্তৰ প্ৰক্ৰিয়া কৰা হ’ব।
ইয়াৰোপৰি দাবী আৰু আপত্তিৰ ক্ষেত্ৰত জনসাধাৰণৰ অংশগ্ৰহণৰ বাবে বৰ্তমান “সংশোধনী” পর্যায় মুকলি আছে। ত্রুটিমুক্ত ভোটাৰ তালিকা নিশ্চিত কৰিবলৈ নাগৰিকসকলক ৬,৭,আৰু ৮ প্ৰ-পত্ৰসমূহ ব্যৱহাৰ কৰিব পাৰিব৷ প্ৰ-পত্ৰ ৬যোগে নতুন ভোটাৰ হিচাপে নাম অন্তর্ভুক্তিকৰণ কৰিব পাৰিব৷প্র-পত্র ৭ যোগে পুনৰীক্ষণ প্ৰক্ৰিয়াত চিনাক্ত কৰা মৃত ভোটাৰৰ নাম আনুষ্ঠানিকভারে কর্তন বা আপত্তি দাখিলৰ বাবে আবেদন কৰিব পাৰিব৷প্র-পত্র ৮ যোগে বাসস্থান স্থানান্তৰ, তথ্য সংশোধন, দিব্যাংগৰ অৱস্থা চিহ্নিতকৰণ বা ভোটাৰ পৰিচয়-পত্ৰৰ সলনিৰ বাবে আবেদন কৰিব পাৰিব৷
নির্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা নিশ্চিত কৰিবলৈ ৰাজ্যজুৰি ভোটগ্রহণ কেন্দ্ৰসমূহ পুনৰ নিৰ্ধাৰণ কৰি মুঠ ৩১,৪৮৬টা ভোটগ্রহণ কেন্দ্ৰ কৰা হৈছে। স্বীকৃত ৰাজনৈতিক দলসমূহলৈ দাবী আৰু আপত্তিৰ সাপ্তাহিক তালিকা নিয়মিতভাৱে প্ৰেৰণ কৰা হ’ব।
ডিজিটেল ডেস্ক, ৩১ ডিচেম্বৰ