নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উভতি চাওঁ – ২০২৫ বর্ষই গঢ়িলে উষ্ণতাৰ অভিলেখ

মানুহৰ কার্যকলাপৰ ফলত পৃথিৱীৰ জলবায়ুৰ পৰিৱর্তনে দ্রুতভাৱে শোচনীয় ৰূপ পৰিগ্রহণ কৰিবলৈ ধৰাৰ উদাহৰণ তুলি ধৰিছে মেলানি মাগিবলৈ লোৱা ২০২৫ বর্ষটোৱে৷ ২০১৫ বর্ষৰ পেৰিছ চুক্তি অনুসৰি, গোলকীয় উষ্ণতাৰ হাৰ প্রাক্ ঔদ্যোগিক কালৰ ১.৫ ডিগ্রী ছেলচিয়াছতকৈ অধিক হ’বলৈ নিদিয়াৰ যি সিদ্ধান্ত লোৱা হৈছিল, সি যেন অসাৰ প্রতিপন্ন হৈছে৷

যোৱা তিনিটা বছৰৰ তাপমানৰ গড় হাৰ ভংগ কৰিছে এই বছৰটোৱে৷ বিশেষজ্ঞসকলে মত প্রকাশ কৰিছে যে এই নির্দিষ্ট তাপমানৰ ভিতৰতে পৃথিৱীখনৰ বর্ধিত উষ্ণতাক সীমাৱদ্ধ কৰি ৰাখিব পাৰিলেহে পৃথিৱীখনৰ উপৰিভাগৰ পাৰিপার্শ্বিক বিনাশ আৰু প্রাণীৰ জীৱন ৰক্ষা কৰিব পৰা যাব৷ বিজ্ঞানীসকলে কৈছে যে লা লিনাৰ প্রভাৱ সত্ত্বেও পৃথিৱীখনৰ উষ্ণতা বৃদ্ধিৰ হাৰ ৰোধ কৰিব পৰা নাই৷

উল্লেখ্য যে লা লিনাৰ প্রভাৱত প্রশান্ত মহাসাগৰীয় জলভাগৰ প্রাকৃতিকভাৱে শীতল কৰি তোলাৰ প্রভাৱ সমগ্র বিশ্বতে পৰে৷ গৱেষকসকলে দাবী কৰা মতে, মানুহে তেল, গেছ আৰু কয়লাৰ দৰে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অব্যাহত ৰখাৰ ফলত পৃথিৱীৰ বায়ুমণ্ডলত সেউজ গৃহৰ প্রভাৱ বৃদ্ধি কৰি গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাইছে৷

ৱর্ল্ড ৱেডাৰ এট্রিবিউচন নামৰ সংস্থাটোৰ সহ–প্রতিষ্ঠাপক ফ্রেডেৰিক অ’ট্টোৱে কয় যে ২০২৫ বর্ষটোত বিশ্বৰ আটাইতকৈ মাৰাত্মক জলবায়ু সম্পর্কীয় পৰিঘটনা সংঘটিত হৈছে৷ গৱেষকসকলে প্রকাশ কৰা মতে, জলবায়ু পৰিৱর্তনৰ ফলত এটা দশক পূর্বৰ তাপমানৰ তুলনাত ২০২৫ বর্ষটোত তাপমান ১০ গুণ বৃদ্ধি পাইছে৷ তেওঁ কয়– ‘জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ বন্ধ কৰিব নোৱাৰিলে ইয়াৰ পৰা পৰিত্রাণ পাব পৰা নাযাব৷’

ডিজিটেল ডেস্ক, ৩১ ডিচেম্বৰ

You might also like