নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হৃদয়বিদাৰক কাণ্ড : দুৰ্বৃত্তই জ্বলা দিলে এগৰাকী অশীতিপৰ আইতাৰ দোকান

নগৰবেৰাৰ হেকৰা-সাউৰাতলত পথত সংঘটিত হৈছে এক নিকৃষ্ট কাণ্ড। নিশাৰ আন্ধাৰৰ সুযোগ লৈ কোনোবা অচিনাক্ত দুৰ্বৃত্তই জ্বলাই দিয়ে এগৰাকী অশীতিপৰ আইতাৰ গেলামাল দোকান।

ধূপধৰা আৰক্ষী থানাৰ অধীনস্থ সাউৰাতলত সূৰোবালা মণ্ডল আইতাই বিগত বহু বছৰ ধৰি দোকানখনেৰে কোনোমতে জীৱনটো চলাই নিছিল, সেইয়াও যেন সহ্য নহ’ল চকুচৰহাৰ।

নিশা কোনো নথকাৰ সুযোগ লৈ জ্বলাই দিয়ে আইতাৰ মৰমৰ দোকানখন। ফলত দোকানৰ বয়বস্তুৰ লগতে জ্বলি ছাই হয় ফ্ৰীজ, আলমিৰাৰ লগতে সকলোখিনি।

জানিব পৰা মতে, প্ৰায় ৫ লাখ টকাৰ সম্পত্তি জ্বলি ভস্মীভূত হয় এই অগ্নিকাণ্ডত। এই নিকৃষ্ট ঘটনাৰ পাছতেই শোকত ভাগি পৰিছে আইতাগৰাকী৷ জ্বলি যোৱা দাইল, আলু, পিঁয়াজৰ ওপৰত হাত বুলাই হুকহুকাই কান্দিছে অকলশৰীয়া আইতাই।

এই নিকৃষ্ট ঘটনাক তীব্ৰ গৰিহণা জনাই শীঘ্ৰেই দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৩১ ডিচেম্বৰ

You might also like