নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাশিফল-২০২৬… নতুন বৰ্ষটি আপোনাৰ কেনেকুৱা হ’ব জানক

মেষ ৰাশি : আয় : ৫, ব্যয় : ১, স্থিতি : ৪

কৰ্ম স্থান : মেষ ৰাশি জাতক – জাতিকা সকলৰ ২০২৬ বৰ্ষটিত কৰ্ম স্থান শুভ বুলি কব পাৰি, আগন্তুক বছৰত উচ্চ কৰ্ম লাভ কৰিব, কৰ্মত পদোন্নতি লাভ কৰিব, নিবনুৱা সকলে নতুন নতুন কৰ্মত যোগাযোগ কৰিবলৈ সক্ষম হব, ১ জুনলৈ কৰ্মত ভাতৃ স্থানীয় ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব লগতে ভাগ্য স্থানত বুধাদিত্য ৰাজ যোগ সুচিত হোৱাই মেষ ৰাশি জাতক জাতিকা সকলৰ কৰ্ম স্থান অধিক সৌভাগ্যশালী কৰি তুলিছে। যদিও শনিৰ সাৰে সাতিৰ ফলত কৰ্মক্ষেত্ৰত সামান্য বাধাৰ , জটিলতা বা অস্থিৰতাত আহিব পাৰে, সেইবাবে শনিৰ সাৰেসাতি প্ৰতিকাৰ কৰিলে কৰ্মত অধিক শুভ ফল লাভ কৰিব ।

ধন আৰু ব্যৱসায় : আগন্তুক বছৰটিত হাতলৈ ধন- সম্পত্তি আহিব, ক’ৰবাত পাবলগীয়া ধন সম্পত্তি ঘূৰাই পাৱ পাৰে। ব্যৱসায়ত সফলতা লাভ কৰিব, ১ জুনৰ পৰা যৌথ ব্যৱসায় তধিক সফলতা লাভ কৰিব। যদিও লক্ষ্মী স্থান কেতু নিচস্থ হৈ অৱস্থান ক’ৰবাত বাবে আপোনাকৰ ধন- সম্পত্তি সামান্য সঞ্চয় কমিব পাৰে।

প্ৰেম আৰু বিবাহ : আগন্তুক বছৰটি মেষ ৰাশি জাতক জাতিকা সকলৰ প্ৰেম আৰু বিবাহৰ দিনটোত শুভ বুলি কব পাৰি। সপ্তমলৈ গুৰু বৃহস্পতি পূৰ্ন দৃষ্টি থকাৰ বাবে প্ৰেম আৰু বিবাহ থকা বাধাবোৰ নাইকিয়া হয়, সামাজিক বিবাহিত যোগ দেখা যায়, পাৰিবাৰিক সুখ শান্তি বাঢ়িব, লগতে প্ৰেমিক প্ৰেমিকাই বিবাহ প্ৰস্তাব ঘৰলৈ বা অভিভাৱকৰ ওচৰলৈ লৈ যাৱলৈ পাৰিব।

শিক্ষা আৰু স্বাস্থ্য : আগন্তুক বছৰটি ছাত্ৰ ছাত্ৰী সকলৰ বাবে শিক্ষাৰ দিশটো শুভ বুলি কব পাৰি, বিদ্যাত সফলতা লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলে পৰীক্ষাত আশা কৰা ধৰণে ফলাফল লাভ কৰিব যদিও কেতুৰ অশুভ প্ৰভাৱত উচ্চ বিদ্যাত সামান্য বাধাৰ সন্মুখীন হ’ব পাৰে। লগতে স্বাস্থ্য দিশটো শুভ বুলি কব পাৰি। ৰোগ আৰোগ্য হ’ব আৰু স্বাস্থ্যৰ উন্নতি হ’ব।

বৃষ ৰাশি : আয় : ২, ব্যয় : ২, স্থিতি : ০ 

কৰ্ম : বৃষ ৰাশি জাতক জাতিকা সকলৰ আগন্তুক বৰ্ষটিত কৰ্ম স্থান শুভ বুলি কব পাৰি। কৰ্মত থকা বাধাবোৰ নাইকিয়া হ’ব, উচ্চ কৰ্ম লাভ কৰিব, কৰ্মত পদোন্নতি লাভ কৰিব। কৰ্মৰ অধিপতি শনি একাদশত অৱস্থাত কৰাৰ ফলত কৰ্মস্থান অধিক শুভ কৰি তুলিছে। আগন্তুক বছৰটিত নিবনুৱা সকলে চৰকাৰী চাকৰি লাভ যোগ দেখা যায় লগতে ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে অধিক সফলতাৰে ৰাজনৈতিক দিশত আগুৱাই যাবলৈ সক্ষম হব। যদিও কৰ্ম স্থানত ৰাহু নিচস্থ হৈ অৱস্থান কৰাৰ বাবে কৰ্মত সামান্য বাধাৰ সৃষ্টি হ’ব পাৰে সেয়েহে আপোনাকে আগন্তুক বছৰটিত কৰ্মত অধিক সফলতা পাবলৈ হ’লে ৰাহুৰ প্ৰতিকাৰ কৰিব।
ধন আৰু ব্যৱসায় : আগন্তুক বছৰটিত বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ বাবে ধন আৰু ব্যৱসায় বানিজ্য দিশটো অতি শুভ বুলি কব পাৰি, ধন স্থানত গুৰু বৃহস্পতি থকাৰ বাবে ১ জুনলৈ হাতলৈ অধিক ধন- সম্পত্তি আহিব, ক’ৰবাত পাবলগীয়া ধন সম্পত্তি ঘূৰাই পাৱ পাৰে। ব্যৱসায়ত বানিজ্যত সফলতা লাভ কৰিব। যদিও যৌথ ব্যৱসায়ত সজাগ হোৱাটো ভাল হ’ব। লগ বন্ধুৰ লগত মনোমালিন্য হ’ব পৰে।
প্ৰেম আৰু বিবাহ : আগন্তুক বছৰটিত বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ প্ৰেম আৰু বিবাহৰ দিনটোত শুভ বুলি কব পাৰি। প্ৰেম আৰু বিবাহত থকা বাধাবোৰ নাইকিয়া হ’ব। সামাজিক বিবাহৰ যোগ দেখা যায় লগতে পাৰিবাৰিক সুখ শান্তি বাঢ়িব যদিও সপ্তম অধিপতি মঙ্গল অষ্টমত অৱস্থাত কৰাৰ বাবে মাংগলিক যোগ সুচিত কৰিছে।
শিক্ষা আৰু স্বাস্থ্য : আগন্তুক বছৰটিত বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ শিক্ষা আৰু স্বাস্থ্য দিনটো বহুত শুভ বুলি কব পৰা নগল, বিদ্যা স্থানত কেতু গ্ৰহৰ অৱস্থানে ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যা আহৰণত সামান্য বাধাৰ সৃষ্টি কৰিব পাৰে লগতে বন্ধুৰ দ্বাৰা বিদ্যা আহৰণত বাধাৰ সন্মুখীন হ’ব পাৰে। লগতে ৰাশিলৈ শনিৰ পূৰ্ণ দৃষ্টি থকাৰ ফলত শাৰীৰিক আৰু মানসিক অসুস্থতা বা অস্থিৰতাত ভুগিব পাৰে।

মিথুন ৰাশি : আয় : ৮, ব্যয় : ১, স্থিতি : ৭ 

কৰ্ম : মিথুন ৰাশিৰ জাতক জাতিকা সকলৰ আগন্তুক বৰ্ষটি শুভ বুলি কব পাৰি। কৰ্মত বাধা নাথাকিব, কৰ্মত পদোন্নতি লাভ কৰিব, কৰ্মস্থানত পৰিবৰ্তন হ’ব পাৰে, কৰ্মচাৰী সকলৰ বদলি হ’ব পাৰে, লগতে উচ্চ কৰ্ম লাভৰ যোগ দেখা যায়। কৰ্মস্থানত শনি আৰু কৰ্মৰ অধিপতি গুৰু বৃহস্পতি নিজৰ ৰাশিত অৱস্থান কৰাই কৰ্ম ক্ষেত্ৰ অতি শুভ কৰি তুলিছে। ৰাজনীতি লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক জীৱনত সফলতা লাভ কৰিব পাৰিব, কৰ্মত ন্যায় লাভ কৰিব লগতে ১ জুনলৈ কৰ্মত থকা সকলো বাধা নাইকিয়া হ’ব। যদিও আপুনি কৰ্মক্ষেত্ৰত ভাতৃ স্থানীয় ব্যক্তিৰ পৰা সাৱধান হ’ব। লগতে আপোনাৰ ভাগ্য স্থানত ৰাহু গ্ৰহ নিচস্থ হৈ অৱস্থান কৰাৰ ফলত ভাগ্য নাশ হব পাৰে। সেইবাবে ৰাহুৰ প্ৰতিকাৰ কৰিব।
ধন আৰু ব্যৱসায় : মিথুন ৰাশিৰ জাতক জাতিকা সকলৰ আগন্তুক বছৰটিত ধন- আৰু ব্যৱসায়িক দিশটো শুভ বুলি কব পাৰি। হাতলৈ ধন-সম্পত্তি আহিব, লগতে গুৰু বৃহস্পতি আৰু শুক্ৰ শুভ প্ৰভাৱত বাবে ব্যৱসায় বানিজ্য জৰিয়তে ধন সম্পত্তি লাভৰ আৰু সঞ্চয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
প্ৰেম আৰু বিবাহ : আগন্তুক বছৰটিত মিথুন ৰাশিৰ জাতক জাতিকা সকলৰ প্ৰেম আৰু বিবাহৰ দিনটোত শুভ বুলি কব পাৰি, সপ্তমত ৰবি, মঙ্গল, বুধ আৰু শুক্ৰ গ্ৰহৰ অৱস্থানে সামাজিক বিবাহৰ যোগ দেখা যায়। লগতে বিবাহত থকা বাধাবোৰ নাইকিয়া হ’ব, পাৰিবাৰিক সুখ শান্তি বাঢ়িব যদিও সপ্তমত মঙ্গল গ্ৰহ অৱস্থানে মাংগলিক যোগ সুচিত কৰিছে, মাংগলিক বা মঙ্গলৰ প্ৰতিকাৰ কৰিব।
শিক্ষা আৰু স্বাস্থ্য : আগন্তুক বছৰটিত ছাত্ৰ ছাত্ৰী সকলৰ শিক্ষাৰ দিশটো শুভ বুলি কব পাৰি, বিদ্যাত থকা বাধাবোৰ নাইকিয়া হ’ব, পৰিক্ষাৰ্থী সকলে আশা কৰা ধৰণে সফলতা লাভ কৰিব পাৰিব লগতে উচ্চ বিদ্যা আহৰণত কৰিবলৈ সক্ষম হব। লগতে স্বাস্থ্যৰ দিশটো শুভ বুলি কব পাৰি, স্বাস্থ্যৰ উন্নতি হ’ব, ৰোগ আৰোগ্য হ’ব।

কৰ্কট ৰাশি : আয় : ২, ব্যয় : ১, স্থিতি : ১ 

কৰ্ম : মিথুন ৰাশিৰ জাতক জাতিকা সকলৰ আগন্তুক বছৰটি কৰ্ম স্থান শুভ বুলি কব পাৰি। কৰ্মক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হব, কৰ্মত থকা বাধাবোৰ আঁতৰিব , উচ্চ কৰ্ম লাভ, কৰ্মত পদোন্নতি আৰু বদলি লাভ কৰিব। লগতে নিবনুৱা সকলে নতুন নতুন কৰ্মৰ সুযোগ সুবিধা লাভ কৰিব। যদিও ভাগ্য স্থানত শনি গ্ৰহ অৱস্থান কৰাই ভাগ্য নাশ হ’ব পাৰে সেইবাবে শনিৰ প্ৰতিকাৰ কৰিব আৰু আপুনি আগন্তুক বছৰটিত লগ বন্ধুৰ লগত কথা বতৰা পাতোঁতে সাৱধান হ’ব লাগিব, কেতিয়াবা নকবলগীয়া কথা কৈ আনৰ লগত আপোনাৰ ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে।
ধন আৰু ব্যৱসায় : আগন্তুক বছৰটিত আপোনাৰ ধন স্থানত কেতু গ্ৰহ নিচস্থহৈ অৱস্থান কৰাৰ ফলত আপোনাৰ ধন স্থান শুভ বুলি কব পৰা নগল। যদিও ব্যৱসায় বানিজ্যৰ দিনটো শুভ বুলি কব পাৰি, ব্যৱসায়ত সফলতা লাভ কৰিব, নতুন নতুন ব্যৱসায় বানিজ্যত আত্মনিয়োগ কৰিবলৈ সক্ষম হব।
প্ৰেম আৰু বিবাহ : প্ৰেম আৰু বিবাহৰ দিশটো শুভ বুলি কব পাৰি। শনিবাৰ শুভ প্ৰভাৱত সামাজিক বিবাহৰ যোগ দেখা যায়। ১ জুনৰ পৰা প্ৰেম আৰু বিবাহত অধিক শুভ হ’ব।
শিক্ষা আৰু স্বাস্থ্য : আগন্তুক বছৰটিত ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যা আহৰণত সফলতা লাভ কৰিব । গুৰু বৃহস্পতি পূৰ্ণ দৃষ্টিৰ ফলত ছাল ছাত্ৰী সকলে পৰীক্ষাত আশা কৰা ধৰণে ফলাফল লাভ কৰিব আৰু উচ্চ বিদ্যা আহৰণত কৰিবলৈ সুযোগ লাভ কৰিব। লগতে আগন্তুক বছৰটিত মিথুন ৰাশিৰ জাতক জাতিকা সকলৰ স্বাস্থ্যৰ উন্নতি হ’ব, ৰোগ আৰোগ্য হ’ব যদিও অষ্টমত ৰাহু অৱস্থান কৰাৰ বাবে দুৰ্ঘটনা আদিৰ আৰু শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

সিংহ ৰাশি :  আয় : ১১, ব্যয় : ০, স্থিতি : ১১

কৰ্ম : সিংহ ৰাশি জাতক জাতিকা সকলৰ আগন্তুক বৰ্ষটিত কৰ্ম স্থান শুভ বুলি কব পাৰি, কৰ্ম স্থানত চন্দ্ৰ গ্ৰহ আৰু একাদশত বৃহস্পতি গ্ৰহ শুভ অৱস্থাৰ ফলত কৰ্মক্ষেত্ৰত অধিক সৌভাগ্যশালী কৰি তুলিছে,কৰ্মত সফলতা লাভ কৰিব, উচ্চ কৰ্ম লাভ কৰিব, নিবনুৱা সকলে নতুন নতুন কৰ্ম যোগাযোগ কৰিবলৈ সক্ষম হব পদোন্নতি লাভ কৰিব যদিও কৰ্মক্ষেত্ৰলৈ শনি পূৰ্ণ দৃষ্টি থকাৰ ফলত কৰ্মক্ষেত্ৰত সামান্য পৰিবৰ্তন বা বদলি হ’ব পাৰে।
ধন আৰু ব্যৱসায় : আগন্তুক বছৰটিত সিংহ ৰাশি জাতক জাতিকা সকলৰ ধন আৰু ব্যৱসায় বানিজ্যৰ দিনটো শুভ বুলি কব পাৰি। ধন প্ৰতি লক্ষ্মী স্থানত অৱস্থান কিৰ ধন স্থান অধিক শুভ কৰি তুলিছে। হাতলৈ ধন- সম্পত্তি আহিব, ক’ৰবাত পাবলগীয়া ধন সম্পত্তি ঘূৰাই পাৱ পাৰে লগতে ব্যৱসায় বানিজ্যৰ জৰিয়তে ধন- সম্পত্তি লাভৰ যোগ দেখা যায়।
প্ৰেম আৰু বিবাহ : আগন্তুক বছৰটিত সিংহ ৰাশি জাতক জাতিকা সকলৰ প্ৰেম আৰু বিবাহৰ দিশটো শুভ বুলি কব পৰা নগল। বিবাহৰ স্থানতন ৰাহু গ্ৰহ নিচস্থ হৈ অৱস্থান কৰাৰ ফলত প্ৰেম- বিবাহ আৰু পাৰিবাৰিক দিশত সমান্য বাধাৰ সৃষ্টি হ’ব পাৰে আৰু ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে ।
শিক্ষা আৰু স্বাস্থ্য : আগন্তুক বছৰটিত ছাত্ৰ ছাত্ৰী সকলৰ শিক্ষাৰ দিশটো শুভ বুলি কব পাৰি, বিদ্যাত সফলতা লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলে পৰীক্ষাত আশা কৰা ধৰণে ফলাফল লাভ কৰিব উচ্চ বিদ্যা আহৰণ কৰিবলৈ সুযোগ লাভ কৰিব যদিও আগন্তুক বছৰটিত সিংহ ৰাশি স্বাস্থ্য দিনটো শুভ বুলি কব পৰা নগল, ৰাশিত কেতু গ্ৰহ অৱস্থান কৰাৰ ফলত শৰীৰত ৰোগ ব্যাধি বাঢ়িব পাৰে।

কন্যা ৰাশি : আয় : ৮, ব্যয় : ১, স্থিতি : ৭ 

কৰ্ম : আগন্তুক বছৰটিত কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ কৰ্ম স্থান শুভ বুলি কব পাৰি, কৰ্ম স্থানত বৃহস্পতি আৰু ভাগ্য স্থানত চন্দ্ৰ গ্ৰহ অৱস্থান কৰি কৰ্মস্থান অধিক শুভ কৰি তুলিছে। কৰ্মত সফলতা লাভ কৰিব, উচ্চ কৰ্ম লাভ কৰিব, পদোন্নতি লাভ কৰিব, নিবনুৱা সকলে নতুন নতুন কৰ্মত যোগাযোগ কৰিবলৈ সক্ষম হব । যদিও ভাগ্য স্থানলৈ শনিৰ পূৰ্ণ দৃষ্টি থকাৰ ফলত ভাগ্য নাশ হ’ব পাৰে। সেইবাবে শনিৰ প্ৰতিকাৰ কৰিব।
ধন আৰু ব্যৱসায় : আগন্তুক বছৰটিত ধন আৰু ব্যৱসায় স্থান শুভ বুলি কব পাৰি। শনিৰ শুভ প্ৰভাৱত ব্যৱসায় বানিজ্যৰ জৰিয়তে হাতলৈ ধন- সম্পত্তি আহিব। ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব যদিও দ্বাদশত কেতু গ্ৰহ অৱস্থান কৰাৰ ফলত সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
প্ৰেম আৰু বিবাহ : আগন্তুক বছৰটিত প্ৰেম আৰু বিবাহৰ দিশটো শুভ বুলি কব পৰা নগল। বিবাহৰ স্থানত শনি গ্ৰহৰ অৱস্থানে প্ৰেম বিবাহ আৰু পাৰিবাৰিক দিশত সমান্য খেলিমেলিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
শিক্ষা আৰু স্বাস্থ্য : আগন্তুক বছৰটিত কন্যা ৰাশিৰ ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যা আহৰণত সফলতা লাভ কৰিব, বিদ্যাত থকা বাধাবোৰ আঁতৰিব, পৰীক্ষাৰ্থী সকলে আশা কৰা ধৰণে পৰিক্ষাত ফলাফল লাভ কৰিব, লগতে উচ্চ বিদ্যা আহৰণ কৰিবলৈ সক্ষম হব। লগতে স্বাস্থ্য দিনটো শুভ হব, ৰোগ আৰোগ্য হ’ব, স্বাস্থ্যৰ উন্নতি সাধন হব।

তুলা ৰাশি : আয় : ২, ব্যয় : ২, স্থিতি : ০ 

কৰ্ম : তুলা ৰাশি জাতক জাতিকা সকলৰ আগন্তুক বছৰটিত কৰ্মস্থান শুভ বুলি কব পাৰি। ভাগ্য স্থানত গুৰু বৃহস্পতি অৱস্থানে অধিক সৌভাগ্য শালী কৰি তুলিছে। কৰ্মত সফলতা লাভ কৰিব, কৰ্মত থকা বাধাবোৰ নাইকিয়া হ’ব, নিবনুৱা সকলে নতুন নতুন কৰ্ম সুযোগ লাভ কৰিব, কৰ্মত পদোন্নতি আৰু বদলিৰ যোগ দেখা যায়।
ধন আৰু ব্যৱসায় : আগন্তুক বছৰটিত তুলা ৰাশিৰ জাতক জাতিকা সকলৰ ধন স্থানত শুভ বুলি কব পৰা নগল। সঞ্চয় কমিব, লগতে আয় উপাৰ্জন ক্ষেত্ৰত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে যদিও ব্যৱসায়িক দিশত শুভ বুলি কব পাৰি।
প্ৰেম আৰু বিবাহ : আগন্তুক বছৰটিত তুলা ৰাশি ব্যক্তি সকলৰ প্ৰেম আৰু বিবাহ দিনটো শুভ বুলি কব পাৰি। মঙ্গল শুভ অৱস্থাৰ ফলত সামাজিক বিবাহৰ যোগ দেখা যায়। পাৰিবাৰিক সুখ শান্তি বাঢ়িব।
শিক্ষা আৰু স্বাস্থ্য : আগন্তুক বছৰটিত তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰী সকলে বিদ্যা আহৰণত সফলতা লাভ কৰিব, পৰীক্ষাত আশা কৰা ধৰণে ফলাফল লাভ কৰিব, যদিও উচ্চ বিদ্যা আহৰণত সামান্য বাধাৰ সন্মুখীন হ’ব পাৰে। স্বাস্থ্যৰ উন্নতি হ’ব, শৰীৰৰ ৰোগ আৰোগ্য হ’ব।

বৃশ্চিক ৰাশি : আয় : ৫, ব্যয় : ১, স্থিতি : ৪

কৰ্ম : বৃশ্চিক ৰাশিৰ জাতক জাতিকা সকলৰ আগন্তুক বৰ্ষটি কৰ্ম স্থান শুভ বুলি কব পৰা নগল। কৰ্ম স্থানত কেতু নিচস্থ হৈ অৱস্থান কৰাৰ ফলত কৰ্মত সামান্য বাধা বা জটিলতা সৃষ্টি হ’ব পাৰে। লগতে লগ বন্ধুৰ পৰা সাৱধান হ’ব।
ধন-ব্যৱসায়িক : আগন্তুক বছৰটিত বৃশ্চিক ৰাশিৰ জাতক জাতিকা সকলৰ ধন স্থান শুভ বুলি কব পাৰি, হাতলৈ ধন- সম্পত্তি আহিব । লগতে ব্যৱসায় বানিজ্যৰ জৰিয়তে আয় উপাৰ্জন বাঢ়িব, নতুন নতুন ব্যৱসায় আৰম্ভ কৰিব সুযোগ লাভ কৰিব যদিও আপুনি যৌথ ব্যৱসায়ত সজাগ হোৱাটো ভাল হ’ব।
প্ৰেম আৰু বিবাহ : আগন্তুক বছৰটিত বৃশ্চিক ৰাশিৰ জাতক জাতিকা সকলৰ বিবাহৰ স্থানত চন্দ্ৰ গ্ৰহ অৱস্থান কৰাৰ ফলত প্ৰেম আৰু বিবাহ স্থানত অতি শুভ কৰি তুলিছে। নতুন প্ৰেমৰ আৰম্ভণি হ’ব পাৰে, সামাজিক বিবাহৰ যোগ দেখা যায়। পাৰিবাৰিক সুখ শান্তি বাঢ়িব।
শিক্ষা আৰু স্বাস্থ্য : আগন্তুক বছৰটিত বৃশ্চিক ৰাশিৰ জাতক জাতিকা সকলৰ চতুৰ্থত ৰাহু গ্ৰহ অৱস্থান কৰাৰ ফলত শিক্ষাৰ দিশটো মধ্যম হ’ব। ছাত্ৰ ছাত্ৰী সকলে লগ বন্ধুৰ পৰা ক্ষতিৰ সন্মূখীন হ’ব পাৰে, যদিও শনিৰ শুভ অৱস্থানে উচ্চ বিদ্যা আহৰণ সফলতা লাভ কৰিব। স্বাস্থ্যৰ দিশটো শুভ হ’ব , ৰোগ আৰোগ্য হ’ব। শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি হ’ব

ধনু ৰাশি : আয় : ১১, ব্যয় : ১, স্থিতি : ১০

কৰ্ম : আগন্তুক বছৰটিত ধনু ৰাশি জাতক জাতিকা সকলৰ কৰ্মত শুভ বুলি কব পাৰি। কৰ্মত সফলতা লাভ কৰিব, কৰ্মত থকা বাধা সমুহ আতৰিৰ, নিবনুৱা সকলে নতুন নতুন কৰ্মৰ সুযোগ লাভ কৰিব, কৰ্মত পদোন্নতি আৰু বদলি লাভ হ’ব যদিও সজাগ নহ’লে ভাগ্য নাশ হ’ব পাৰে লগতে আপুনি বন্ধু আৰু ভাতৃ স্থানীয় ব্যক্তিৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।
ধন আৰু ব্যৱসায় : আগন্তুক বছৰটিত ধনু ৰাশি জাতক জাতিকা সকলৰ ধন আৰু ব্যৱসায় বানিজ্যৰ দিনটো শুভ হব, একাদশলৈ বৃহস্পতি দৃষ্টি থকাই আয় উপাৰ্জন বাঢ়িব, ব্যৱসায় বানিজ্যৰ জৰিয়তে হাতলৈ ধন- সম্পত্তি আহিব। যদিও ব্যৱসায়ত বন্ধু আৰু ভাতৃ স্থানীয় ব্যক্তিৰ পৰা সাৱধান হ’ব।
প্ৰেম আৰু বিবাহ : আগন্তুক বছৰটিত ধনু ৰাশি জাতক জাতিকা সকলৰ বিবাহ স্থানত গুৰু বৃহস্পতি অৱসান কৰাৰ ফলত প্ৰেম আৰু বিবাহ দিনটো অতি শুভ কৰি তুলিছে। বিবাহ- প্ৰেম আৰু পাৰিবাৰিক দিশত থকা বাধাবোৰ আঁতৰিব। সামাজিক বিবাহৰ সুযোগ লাভ কৰিব। লগতে নতুন প্ৰেমৰ আৰম্ভণি হ’ব পাৰে।
শিক্ষা আৰু স্বাস্থ্য : ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যা আৰু বন্ধুৰ স্থানত শনি গ্ৰহ অৱস্থান কৰাৰ ফলত বিদ্যা স্থান শুভ বুলি কব পৰা নগল। ছাত্ৰ ছাত্ৰী সকলৰ সামান্য চঞ্চল হ’ব পাৰে, বিদ্যাৰ ক্ষেত্ৰত বন্ধুৰ দ্বাৰা সামান্য ক্ষতিৰ সন্মূখীন হ’ব পাৰে। যদিও বৃহস্পতি শুভ প্ৰভাৱত ছাত্ৰ ছাত্ৰী সকলে উচ্চ বিদ্যা আৰু পৰীক্ষাত সফলতা লাভ কৰিব পাৰিব। স্বাস্থ্য শুভ বুলি কব পাৰি। স্বাস্থ্যৰ উন্নতি হ’ব।

মকৰ ৰাশি : আয় : ৫, ব্যয় : ২, স্থিতি : ৩

কৰ্ম : মকৰ ৰাশি জাতক জাতিকা সকলৰ আগন্তুক বছৰটিত কৰ্ম স্থানলৈ গুৰু বৃহস্পতি পূৰ্ণ দৃষ্টি থকাৰ ফলত কৰ্মক্ষেত্ৰত অধিক শুভ আৰু সৌভাগ্যশালী বুলি কব পাৰি।কৰ্মৰ থকা বাধাবোৰ নাইকিয়া হ’ব, কৰ্মত সফলতা লাভ কৰিব, উচ্চ কৰ্ম লাভ, নিবনুৱা সকলে নতুন নতুন কৰ্ম লাভ পদোন্নতি আৰু বদলি হোৱাৰ যোগ দেখা যায়।
ধন আৰু ব্যৱসায় : আগন্তুক বছৰটিত মকৰ ৰাশি জাতক জাতিকা সকলৰ ধন স্থানত ৰাহু গ্ৰহ অৱস্থান কৰাৰ ফলত ধন আৰু ব্যৱসায় বানিজ্যৰ দিনটোত মনধ্যম ফলাফল লাভ কৰিব। সঞ্চয় কমিব পাৰে, লগতে সঞ্চিত ধন- সম্পত্তিৰ ক্ষয়- ক্ষতি হব পাৰে। যদিও লক্ষ্মী স্থানত চন্দ্ৰ গ্ৰহ অৱস্থান ফলত ব্যৱসায় বানিজ্যৰ জৰিয়তে হাতলৈ ধন- সম্পত্তি অহাৰ যোগ দেখা যায়।
প্ৰেম আৰু বিবাহ : বিবাহ স্থানৰ অধিপতি চন্দ্ৰ শুভ অৱস্থাৰ ফলত প্ৰেম আৰু বিবাহ থকা বাধাবোৰ নাইকিয়া হ’ব, নতুন প্ৰেমৰ আৰম্ভণি হ’ব পাৰে, সামাজিক বিবাহৰ যোগ দেখা যায়। পাৰিবাৰিক সুখ শান্তি বাঢ়িব।
শিক্ষা আৰু স্বাস্থ্য : আগন্তুক বছৰটিত পঞ্চমত চন্দ্ৰ থকাই ছাত্ৰ ছাত্ৰী সকলে উচ্চ বিদ্যা আহৰণত কৰিবলৈ সক্ষম হব। পৰীক্ষাত আশা কৰা ধৰণে ফলাফল লাভ কৰিব। লগতে স্বাস্থ্যৰ উন্নতি হ’ব, ৰোগ নাশ হব।

কুম্ভ ৰাশি : আয় : ৫, ব্যয় : ২, স্থিতি : ৩ 

কৰ্ম স্থান : আগন্তুক বছৰটিত কুম্ভ ৰাশি জাতক জাতিকা সকলৰ কৰ্ম স্থান শুভ বুলি কব পাৰি, কৰ্মত স্থানৰ অধিপতি মঙ্গল একাদশী আৰু ভাগ্য স্থানতলৈ বৃহস্পতিৰ শুভ দৃষ্টিৰ ফলত কৰ্মক্ষেত্ৰত অধিক শুভ আৰু সৌভাগ্যশালী কৰি তুলিছে, কৰ্মত সফলতা লাভ কৰিব, কৰ্মত থাক বাধাবোৰ নাইকিয়া হ’ব, নতুন নতুন কৰ্ম লাভ কৰিব, কৰ্মত পদোন্নতি লাভ কৰিব।
ধন আৰু ব্যৱসায় : ধন আৰু ব্যৱসায়িক স্থান শুভ বুলি কব পাৰি, ধন স্থানত শনি আৰু ধনৰ অধিপতি গ্ৰহ বৃহস্পতি লক্ষ্মী স্থানত অৱস্থান কৰাই ধন আৰু ব্যৱসায়িক স্থান অতি শুভ কৰি তুলিছে, আগন্তুক বছৰটিত হাতলৈ ধন- সম্পত্তি আহিব, ক’ৰবাত পাবলগীয়া ধন সম্পত্তি ঘূৰাই পাৱ পাৰে, ঋণ পৰিশোধ কৰিবলৈ সুযোগ লাভ কৰিব, সঞ্চয় বাঢ়িব, লগতে ব্যৱসায়িক দিশত সফলতা লাভ কৰিব।
প্ৰেম আৰু বিবাহ : কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আগন্তুক বছৰটিত প্ৰেম আৰু বিবাহৰ দিশটো শুভ বুলি কব পৰা নগল। বিবাহ স্থানত কেতু গ্ৰহ অৱস্থানে প্ৰেম আৰু বিবাহ সামান্য বাধাৰ সৃষ্টি হব পাৰে লগতে প্ৰেমত আৰু পাৰিবাৰিক দিশত মনোমালিন্যৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
শিক্ষা আৰু স্বাস্থ্য : আগন্তুক বছৰটিত ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যা আহৰণত সফলতা লাভ কৰিব, চন্দ্ৰ আৰু বৃহস্পতিৰ শুভ প্ৰভাৱৰ ফলত বিদ্যাত থকা বাধাবোৰ নাইকিয়া হ’ব,উচ্চ বিদ্যা লাভ, ছাত্ৰ ছাত্ৰী সকলে পৰীক্ষাত আশা কৰা ধৰণে ফলাফল লাভ কৰিব, লগতে প্ৰতিযোগিতাত মূল্যক পৰিক্ষাত সফলতা লাভ কৰিব। যদিও ৰাশিত বছৰৰ শেষলৈকে ৰাহু গ্ৰহ অৱস্থানে শৰীৰত ৰোগ ব্যাধি বঢ়াব পাৰে লগতে মানসিক স্বাস্থ্যৰ অৱনতি হ’ব।

মীন ৰাশি : আয় : ১১, ব্যয় : ১, স্থিতি : ১০

কৰ্ম : আগন্তুক বছৰটিত মীন ৰাশি জাতক জাতিকা সকলৰ কৰ্ম স্থানত চাৰিটা গ্ৰহ অৱস্থান কৰি অতি শুভ কৰি তুলিছে , আপোনাকে কৰ্মত সফলতা লাভ কৰিব, কৰ্মত থকা বাধাবোৰ নাইকিয়া হ’ব, নতুন নতুন কৰ্ম লাভ কৰিব, কৰ্মত পদোন্নতি আৰু বদলি হ’ব পাৰে যদিও শনিবাৰ সাৰে সাতিৰ প্ৰভাৱ কৰ্মত অস্থিৰতা আৰু সৰু সুৰা বাধাৰ সৃষ্টি হ’ব পাৰে। আপুনি শনিৰ প্ৰতিকাৰ কৰিব।
ধন আৰু ব্যৱসায় : আগন্তুক বছৰটিত মীন ৰাশি জাতক জাতিকা সকলৰ ধন আৰু ব্যৱসায় বানিজ্যৰ দিনটো শুভ বুলি কব পাৰি, হাতলৈ ধন- সম্পত্তি আহিব, নতুন নতুন সম্পত্তি ক্ৰয় কৰিবলৈ সুযোগ লাভ কৰিব, ঋণ পৰিশোধ কৰিবলৈ সুযোগ লাভ কৰিব,বুধৰ শুভ প্ৰভাৱ ফলত বুদ্ধিৰে ব্যৱসায় সফলতা লাভ কৰিবলৈ সক্ষম হব। ব্যয় স্থানত ৰাহু নিচস্থ হৈ অৱস্থান কৰাৰ ফলত খৰছ বৃদ্ধি যোগ দেখা যায়।
প্ৰেম আৰু বিবাহ : আগন্তুক বছৰটিত মীন ৰাশি জাতক জাতিকা সকলৰ প্ৰেম আৰু বিবাহ দিশটো শুভ বুলি কব পাৰি, বিবাহত থকা বাধাবোৰ নাইকিয়া হ’ব, প্ৰেমত সফলতা লাভ কৰিব, নতুন প্ৰেমৰ আৰম্ভণি হ’ব, সামাজিক বিবাহৰ যোগ দেখা যায়।
শিক্ষা আৰু স্বাস্থ্য : আগন্তুক বছৰটিত মীন ৰাশি জাতক জাতিকা সকলৰ বিদ্যা স্থানত বৃহস্পতি অৱসান কৰাই বিদ্যাৰ দিনটো অতি শুভ বুলি কব পাৰি, উচ্চ বিদ্যা আহৰণত, ছাত্ৰ ছাত্ৰী সকলে পৰীক্ষাত সফলতা লাভ কৰিব। যদিও ৰাশিত শনি গ্ৰহ অৱস্থান কৰাৰ ফলত শৰীৰত ৰোগ ব্যাধি বাঢ়িব, মনটো চঞ্চল হ’ব পাৰে, মানসিক স্বাস্থ্যৰ অৱনতি হ’ব পাৰে।

 

নয়নজ্যোতি শৰ্মা

জ্যোতিষ শাস্ত্ৰবিদ
You might also like