ভাৰতীয় অৰ্থনৈতিক সংস্থাৰ পূব মণ্ডলৰ সমন্বয়ক হিচাপে নিৰ্বাচিত ড০ বোধেন কুমাৰ শইকীয়া
দেশ বিদেশৰ প্ৰায় বাৰ হাজাৰ আজীৱন সদস্যৰে গঠিত সৰ্ব ভাৰতীয় অৰ্থনৈতিক পৰিষদৰ পূব মণ্ডলৰ সমন্বয়ক হিচাপে ২০২৬ বৰ্ষৰ বাবে নিৰ্বাচিত হৈছে ড০ বোধেন কুমাৰ শইকীয়া। ড০ শইকীয়া মৰিগাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক হোৱাৰ উপৰিও এজন অৰ্থনীতিবিদ আৰু লেখক-নিৱন্ধকাৰ।
যোৱা ২৭ ডিচেম্বৰ তাৰিখৰ পৰা ২৯ ডিচেম্বৰলৈ তামিলনাডুৰ চেন্নাইৰ VELS বিশ্ববিদ্যালয়ত অনুস্থিত হোৱা বাৰ্ষিক শৈক্ষিক অধিবেশনত হোৱা সংস্থাৰ নিৰ্বাচনত ড০ শইকীয়া বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়।
স্মৰ্তব্য যে ভাৰতীয় অৰ্থনৈতিক সংস্থা হ’ল দেশৰ স্বাধীনতাৰ পূৰ্বে ১৯১৭ চনতেই গঠিত ভাৰতৰ এক বৃতত্তম শৈক্ষিক সংস্থা ভাৰতীয় অৰ্থনৈতিক সংস্থা হল বিশিষ্ট অৰ্থনৈতিক পণ্ডিত তথা বৃত্তিমুখী অৰ্থনীতিবিদ , অৰ্থনীতি আৰু সমাজ বিজ্ঞানৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক, গৱেষক আদিৰে গঠিত দেশৰ আটাইতকৈ পুৰণি শৈক্ষিক সংস্থা।
১০৮ বছৰ পুৰণি এই অনুষ্ঠানতেই দেশৰ প্ৰতিটো অৰ্থনৈতিক নীতি আৰু গৱেষণাৰ পুংখানুপুংখ আলোচনা আৰু পৰ্যালোচনা হয়। দেশ বিদেশৰ কেইবা হাজাৰ প্ৰতিনিধি বৰ্গৰ উপস্থিতিত অনুষ্ঠিত এই বেলিৰ সন্মিলনৰ নিৰ্বাচনত ড০ বোধেন কুমাৰ শইকীয়াই বিপুলভাৱে গ্ৰহণযোগ্য সমৰ্থনত বিনা প্ৰতিদ্বন্দিতাৰে পূৱ মণ্ডলৰ সমন্বয়ক হিচাপে নিৰ্বাচিত হোৱাটো এক উৎসাহৰ খবৰ।
ইয়াৰ আগতেও তেওঁ এই সংস্থাৰ কাৰ্য্যবাহী সদস্য, যুটীয়া সম্পাদক-উত্তৰ পূৱ, কোষাধ্যক্ষ আদি বিভিন্ন গুৰুত্বপূৰ্ণ পদত বিশ্বাস যোগ্যতাৰে প্ৰায় দুটা দশক কাল নিষ্ঠাৰে দায়িত্ব পালন কৰি আহিছে। পূব মণ্ডলৰ সমন্বয়ক হিচাপে তেওঁৰ ওপৰত উত্তৰ পূৱৰ আঠখন ৰাজ্যৰ উপৰি পশ্চিম বংগ, উৰিষ্যা আৰু বিহাৰ প্ৰদেশৰ দায়িত্বও অৰ্পণ কৰা হৈছে। অধ্যয়নপুষ্ট, সুলেখক আৰু সুবক্তা ড০ শইকীয়া যে অনুষ্ঠান পৰিচালনাৰ ক্ষেত্ৰতো সুদক্ষ তেওঁৰ প্ৰতি এই সন্মানেই প্ৰমাণ কৰে। এই সাফল্যত তেওঁৰ গুণমুগ্ধ সকলৰ লগতে গৃহ ভূমি বেবেজীয়াৰ সমীপৰ শেতালি গাঁৱৰ ৰাইজৰ লগতে অঞ্চলবাসীয়েও আনন্দ প্ৰকাশ কৰি শুভেচ্ছা জ্ঞাপন কৰে।
বিশেষ বাৰ্তা, নগাঁও, ৩১ ডিচেম্বৰ