নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্যমিতা আঁচনি : অসমৰ ৮.৮০ লাখ মহিলা হৈছে লাখপতি বাইদেউ

উদয়জিৎ বুঢ়াগোহাঞিৰ প্ৰতিবেদনঃ সমাজত আত্মসন্মানসহকাৰে মূৰ তুলি জীয়াই থাকিবলৈ প্রতিগৰাকী মহিলাই আকাংক্ষা আৰু হাবিয়াস কৰে৷ আশা কৰে, বিত্তীয় স্বাৱলম্বিতাৰে নিজৰ ঘৰখন উজলাই তুলিবলৈ৷ পুৰুষৰ সমানে সমানে খোজ দি নিজৰ লগতে সন্তান, আত্মীয়–পৰিজনৰ মুখত হাঁহি বিৰিঙাই তুলিবলৈ প্রতিগৰাকী নাৰীয়েই ইচ্ছা কৰে৷

অর্ধআকাশ হৈ পৰিয়ালৰ মুখত হাঁহি বিৰিঙাবলৈ যত্নৱান হোৱা অসমৰ লাখ লাখ মহিলা স্বাৱলম্বিতাৰ ক্ষেত্রত আগবাঢ়ি যোৱাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰেও বহু অভিলাষী আঁচনি গ্রহণ কৰিছে৷ এই আঁচনিসমূহৰ ভিতৰত মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা আঁচনি অন্যতম৷ এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলাসকলক আর্থিকভাৱে শক্তিশালী কৰি তুলিব বিচৰা হৈছে৷

মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলাসকলক লাখপতি বাইদেউ হিচাপে আত্মনির্ভৰশীল কৰি তুলিবলৈ প্রথম বর্ষত তেওঁলোকক ১০ হাজাৰকৈ টকা প্রদান কৰা হৈছে৷ অসম চৰকাৰৰ ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ সূত্রই জনোৱা মতে, মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ ১০ হাজাৰ টকা লাভ কৰি অসমৰ মহিলাসকলক লাখপতি হিচাপে গড় দিবলৈ বিচৰা হৈছে৷

ইতিমধ্যে ৰাজ্যৰ ৮.৮০ লাখ মহিলা লাখপতি বাইদেউ হিচাপে উন্নীত হ’ব পাৰিছে৷ তেওঁলোকৰ মাজৰে একাংশ মহিলাই বছৰি ১০ লাখ টকা বা তাতোকৈ অধিক টকাৰ ব্যৱসায় কৰি মহালাখপতি বাইদেউ হিচাপেও স্বীকৃতি লাভৰ কথা সদৰী কৰিছে সূত্রটোৱে৷ উল্লেখ কৰিব পাৰি যে ইতিমধ্যে মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যত চলিত বর্ষৰ ৩১ ডিচেম্বৰ পর্যন্ত আত্মসহায়ক গোটৰ মুঠ ১৩.৭৫ লাখ মহিলাক ১০ হাজাৰকৈ টকা প্রদান কৰা হৈছে৷

অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ কার্যালয়ৰ তথ্য অনুসৰি বর্তমানলৈকে ৰাজ্য চৰকাৰে আত্মসহায়ক গোটৰ ১৩.৭৫ লাখ মহিলাৰ বিপৰীতে ১৩৭৯.৫৫ কোটি টকা মোকলাই দিছে৷ ২০২৫ চনৰ পহিলা এপ্রিলৰ পৰা আৰম্ভ কৰা মুখ্যমন্ত্রী উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যৰ মুঠ ৩০.৬৩ লাখ আত্মসহায়ক গোটৰ সদস্যাক ১০ হাজাৰকৈ ধন প্রদানৰ বাবে বিবেচনা কৰা হৈছে৷

৩১ ডিচেম্বৰ পর্যন্ত ৰাজ্যৰ ১২.৬৭ লাখ গ্রামাঞ্চলৰ মহিলাক ধন প্রদানৰ বিপৰীতে ১.০৮ লাখ নগৰাঞ্চলৰ আত্মসহায়ক গোটৰ মহিলাক ধন প্রদান কৰা হৈছে৷ স্মর্তব্য যে মুখ্যমন্ত্রী উদ্যমিতা আঁচনিৰ বাবে গ্রামাঞ্চলৰ মুঠ ২৮.৫৯ লাখ আত্মসহায়ক গোটৰ মহিলাক চেক বিতৰণৰ কার্যসূচী ২০২৪ চনৰ পহিলা

এপ্রিলত বিহালী বিধানসভা সমষ্টিত আৰম্ভ কৰা হৈছিল৷ দ্বিতীয় পর্যায়ত চলিত বর্ষৰ আগষ্ট মাহত নলবাৰী, জাগীৰোড, মার্ঘেৰিটা আৰু ধুবুৰীত চেক বিতৰণ কৰা হৈছিল৷ বর্তমানলৈকে নগৰাঞ্চলৰ দুটা বিধানসভা সমষ্টিসহ মুঠ ৬০টা বিধানসভা সমষ্টিত মুখ্যমন্ত্রী উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰা হৈছে আৰু আগন্তুক বর্ষৰ ফেব্রুৱাৰী মাহৰ ভিতৰত আঁচনিৰ ধন বিতৰণৰ কার্যসূচী সমাপ্ত হ’ব বুলি আশা কৰা হৈছে৷

অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ সূত্রটোৱে সদৰী কৰা অনুসৰি ৰাজ্যত মুখ্যমন্ত্রী উদ্যমিতা আঁচনি লাভ কৰিবৰ বাবে ৩৬ লাখ মহিলাই আবেদন কৰিছিল৷ ইয়াৰ ভিতৰত মুঠ ৩০.৬৩ লাখ মহিলা আঁচনি লাভৰ ক্ষেত্রত যোগ্য বিবেচিত হয়৷ মহিলাসকলে আঁচনিৰ সুবিধা লাভৰ বাবে ১৫২টা কর্মক্ষেত্রৰ তথ্য দিছিল৷

আঁচনিৰ ধন লাভৰ পিছতে আত্মসহায়ক গোটৰ সদস্যাসকলে কৃষি, উদ্যানশস্য, ছাগলী পালন, গাহৰি পালন, কুকুৰা পালন, হস্ততাঁত আৰু বস্ত্রশিল্প আদিৰ ক্ষেত্রত নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ প্রথম কিস্তিৰ ১০ হাজাৰ ধন সুচাৰুৰূপে ব্যৱহাৰ কৰাৰ পাছত মহিলাসকলে ২৫ হাজাৰ টকা দ্বিতীয় কিস্তিৰূপে লাভ কৰিব৷ সেই ২৫ হাজাৰ ধনৰ ১২,৫০০ টকা ৰাজসাহায্য হিচাপে লাভ কৰিব৷

You might also like