বিজ্ঞান–প্রযুক্তি–চিকিৎসা গৱেষণাত বিৰল সাফল্য… বিদেশত সমুজ্জ্বল ৪ অসমীয়া
দিগন্ত দাসৰ প্ৰতিবেদনঃ প্রখৰ মেধা আৰু পাণ্ডিত্যৰে বহু কীর্তিমান অসমীয়াই বিশ্বমুখী অনিৰুদ্ধ যাত্রা অব্যাহত ৰাখি নিজৰ এক সুকীয়া পৰিচয় গঢ়ি বিৰল সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ সেয়া লাগিলে বিজ্ঞান–প্রযুক্তিবিদ্যা হওক বা চিকিৎসা–গৱেষণাৰ ক্ষেত্রখনতেই হওক৷ উদ্ভাৱনী সৃজনশীলতা আৰু মেধাৰে সমুজ্জ্বল হৈ পৰা এইসকল অসমীয়াৰ বাবেই আজি অসমে বিশ্ব দৰবাৰত লাভ কৰিছে এক সুকীয়া মর্যাদা৷
ড০ ৰুবুল মাউত
বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ ক্ষেত্রখনলৈ যদি চোৱা হয়, তেন্তে বিদেশত থকা অসমীয়াসকলৰ ভিতৰত এজন অন্যতম হৈছে আমেৰিকাৰ হার্ভার্ড বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বিজ্ঞানী তথা ২০২৪ বর্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা বিজয়ী ডেভিদ বেকাৰৰ সহযোগী ড০ ৰুবুল মাউত৷ অসমৰ তিনিচুকীয়া জিলাৰ এখন অখ্যাত গাঁৱৰ পৰা যাত্রা আৰম্ভ কৰা ড০ ৰুবুল মাউত জিনীয় অভিযন্ত্রণৰ গৱেষণা ক্ষেত্রখনৰ সৈতে জড়িত বৈজ্ঞানিক মহলৰ মাজত এটা সুপৰিচিত নাম৷
ড০ মাউতে কৰা মানৱ দেহৰ টি–কোষৰ সৈতে জড়িত এক শেহতীয়া গৱেষণাই বিশ্বজুৰি বিজ্ঞানীসকলৰ মাজত যথেষ্ট আশাৰ সঞ্চাৰ কৰিছে৷ তথ্য–প্রযুক্তিত বিপ্লৱৰ সূচনাকাৰী কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত নির্মিত প্র’টিন অণুৰে ৰোগ প্রতিৰোধ কৰাৰ আশাৰ বতৰা কঢ়িয়াই আনিছে অসম সন্তান ড০ ৰুবুল মাউতসহ ২৪জনীয়া গৱেষকৰ দলে৷ হার্ভার্ড মেডিকেল স্কুলৰ ডীন জর্জ ডেলীৰ নেতৃত্বত চলা এই গৱেষণাত প্রধান গৱেষক হিচাপে ড০ মাউত জড়িত থকাৰ লগতে ন’বেল বঁটা বিজয়ী ডেভিদ বেকাৰ, চিকিৎসা বিজ্ঞানৰ ন’বেল কমিটীৰ পূর্বৰ অধ্যক্ষ আৰবান লেণ্ডেল, হার্ভার্ড বিচিএমপিৰ মুৰব্বী ষ্টীভ ব্রেকলককে ধৰি মুঠ ২৪গৰাকী বিজ্ঞানী জড়িত হৈ আছে৷
ড০ মাউতে প্রকাশ কৰা মতে, মানুহৰ দেহৰ প্রতিৰোধতন্ত্রৰ প্রধান সৈনিক হৈছে টি লিম্ফ’ছাইট বা টি–কোষ৷ তেজৰ প্রৱাহত অহৰহ এঠাইৰ পৰা আন ঠাইলৈ অতন্দ্র প্রহৰীৰ দৰে টহল দি থকা এই কোষবোৰে আক্রমণকাৰী অণুজীৱ বা কর্কটৰ দৰে ভয়ংকৰ ৰোগৰ কোষকো প্রতিহত কৰাৰ ক্ষমতা থাকে৷ শেহতীয়াকৈ বিশিষ্ট বিজ্ঞানীগৰাকীয়ে আৱিষ্কাৰ কৰিছে ‘কৃত্রিম প্র’টিন অণু’৷ কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত নির্মিত এই প্র’টিন অণুৱে মানুহৰ প্রতিৰোধতন্ত্র সক্রিয় কৰি টি লিম্ফ’ছাইট সৃষ্টি কৰাত সহায় কৰিব পাৰে৷
‘নিয়মীয়া বার্তা’ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিশিষ্ট বিজ্ঞানী ড০ মাউতে কয় যে বিভিন্ন ধৰণৰ টি–কোষ আমাৰ শৰীৰত থাকে৷ ইয়াৰ ভিতৰত Regulatory টি–কোষ আৰু আন টি–কোষৰ মাজত ভাৰসাম্য থকাটো অতি প্রয়োজনীয়৷ তেওঁ কয় যে চিকিৎসা বিজ্ঞানত এইRegulatory টি–কোষবোৰৰ কার্য নিয়ন্ত্রণ কৰি ভৱিষ্যতে বহুতো ৰোগ নির্মূল কৰাৰ প্রচেষ্টা চলি আছে৷ বহু সময়ত উত্তেজিত টি–কোষবোৰে দেহৰ ভিতৰত প্রৱেশ কৰা বিষাক্ত বীজাণুক আক্রমণ কৰি সেইবোৰ নির্মূল কৰে৷ কিন্তু অতি শান্তিকামী ৰূপে পৰিচিতRegulatory টি–কোষবোৰৰ বাবে বহু সময়ত বীজাণু হ’লেও সৈনিক টি–কোষবোৰে সেইবোৰ নির্মূল কৰিব নোৱাৰে৷
সেইবাবেই এই দুয়োবিধ কোষৰ মাজত ভাৰসাম্য নিয়ন্ত্রণ কৰাটো অত্যন্ত প্রয়োজনীয়৷ এই নিয়ন্ত্রণ কৰিব পাৰিলে অদূৰ ভৱিষ্যতে হয়তো কর্কটৰ দৰে ভয়ানক ৰোগকো প্রতিহত কৰাটো সম্ভৱপৰ হৈ উঠিব পাৰে৷ ইয়াৰ বাহিৰেওconventional Dendritic-1 নামৰ আন এবিধ মানৱ দেহত থকা অতিকৈ দুষ্প্রাপ্য কোষৰ ওপৰতো ড০ মাউতে গৱেষণা অব্যাহত ৰাখিছে৷ তেওঁ কয় যে এইবিধ কোষ একপ্রকাৰ তথ্য প্রদানকাৰী মাধ্যম যিয়ে মানৱ দেহত বিভিন্ন সময়ত প্রৱেশ কৰা অপকাৰী বীজাণুৰ বিষয়ে সৈনিক টি–কোষবোৰক তথ্য প্রদান কৰে৷ অর্থাৎ কোনবিধ বীজাণু শৰীৰৰ বাবে মাৰাত্মক হয় বা কোনবিধ নহয়, তাৰ নির্ভৰযোগ্য তথ্য এইবিধ কোষে টি–কোষক প্রদান কৰে৷
মানৱ দেহত অতি দুষ্প্রাপ্য এই কোষবিধৰ সংখ্যা কিদৰে বৃদ্ধি কৰিব পাৰি, তাৰ ওপৰতো তেওঁ গৱেষণা অব্যাহত ৰাখিছে৷ বিজ্ঞানীগৰাকীৰ মতে, যদিহে এই গৱেষণা অদূৰ ভৱিষ্যতে সফল হয়, তেন্তে চিকিৎসা বিজ্ঞানৰ বাবে নিশ্চিতভাৱে এয়া এক আশীর্বাদত পৰিণত হ’ব৷ অতি গৌৰৱৰ বিষয় এয়ে যে টি–কোষ সম্পর্কীয় ড০ মাউতৰ এই গৱেষণা বিশ্ববিখ্যাত জার্নেল চেল(Cell)ত সবিস্তাৰে যোৱা আগষ্ট মাহত প্রকাশ পোৱাৰ লগতে আন এখন প্রসিদ্ধ গৱেষণা পত্রিকা নেচাৰে(Nature) উপযাচিয়েই গৱেষণাৰ সাৰাংশ প্রকাশ কৰিছে৷
স্বাভাৱিকতে সমগ্র অসমবাসীৰ বাবে এয়া নিশ্চয়কৈ ভাল লগা খবৰ৷ গৱেষণাৰ ব্যস্ততাৰ মাজতো নিজৰ জাতি তথা ওপজা ঠাইখনৰ প্রতি দায়বদ্ধ ড০ মাউতে ২০২৩ চনত আৰম্ভ কৰা ‘আপলিফ্ট লাইব্রেৰিজ’ শীর্ষক প্রকল্পৰ জৰিয়তে গাঁৱে–ভূঞে আৰম্ভ হৈছে ক্ষুদ্র পুথিভঁৰালৰ এক বিপ্লৱ৷ বিশেষকৈ গ্রামাঞ্চলৰ ল’ৰা–ছোৱালীক কিতাপৰ জগতখনলৈ পুনৰ টানি অনাত এই পদক্ষেপে যথেষ্ট সহায়ক ৰূপে বিবেচিত হৈছে৷
ড০ হিৰণ্য কুমাৰ নাথ
অর্থনীতিৰ গৱেষণা ক্ষেত্রখনত সমগ্র বিশ্বৰ সন্মুখত অসমক গৌৰৱান্বিত কৰি তুলিছে মঙলদৈৰ অর্থনীতিবিদ ড০ হিৰণ্য কুমাৰ নাথে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ হান্সভিলৰ ছেম হিউষ্টন ষ্টেইট ইউনিভার্ছিটীৰ জ্যেষ্ঠ অধ্যাপক ড০ হিৰণ্য কুমাৰ নাথ অকল এগৰাকী শিক্ষাবিদ ৰূপেই সমাদৃত নহয়, অর্থনীতিবিদ হিচাপেও যথেষ্ট সুনাম তেওঁ অর্জন কৰিছে৷ ১৯৮৫ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পঞ্চম স্থান লাভ কৰি তাৰ পাছত কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষাত অসমৰ ভিতৰতে প্রথম স্থান লাভ কৰা ড০ নাথে এক আকর্ষণীয় শৈক্ষিক কেৰিয়াৰৰ অন্তত বিগত ২০০২ চনৰ পৰা হান্সভিলৰ ছেম হিউষ্টন ষ্টেইট ইউনিভার্ছিটীত অধ্যাপনাৰে কর্মময় জীৱন আৰম্ভ কৰিছিল৷
কেইবাটাও গুৰুত্বপূর্ণ গৱেষণাৰে অর্থনীতিৰ ক্ষেত্রখন সমৃদ্ধ কৰি তোলা অধ্যাপক ড০ নাথৰ গৱেষণা ক্ষেত্রখনৰ অন্যতম মাইলষ্ট’ন হৈছে জুয়ে পোৰা তিৰাশীৰ গোষ্ঠীগত সংঘর্ষ প্রত্যক্ষ কৰা শিশু–কিশোৰসকলৰ পৰৱর্তী জীৱনত পৰা প্রভাৱ সন্দর্ভত কৰা গৱেষণা৷ Long-term impact of exposure to violent conflict : Are there gender differences’ শীর্ষক গৱেষণা–পত্রখন ২০২৩ চনত ‘জার্নেল অৱ ইক’নমিক বিহেভিয়াৰ এণ্ড অর্গেনাইজেচন’ শীর্ষক বিদ্যায়তনিক জার্নেলখনত প্রকাশ পাইছে৷
লণ্ডন স্কুল অৱ ইক’নমিকছত আধাৰিত ইণ্টাৰনেচনেল গ্র’থ চেণ্টাৰৰ অর্থ–সাহায্যত সম্পন্ন কৰা এই গৱেষণাত অধ্যাপক ড০ নাথৰ লগতে অষ্ট্রেলিয়া, কম্বোডিয়া আৰু অসমৰ কেইবাগৰাকীও গৱেষকে সহযোগিতা কৰিছিল৷ দেখাত সাধাৰণ যেন লাগিলেও এই গৱেষণাৰ জৰিয়তে এক আশ্চর্যজনক ফলাফল অধ্যাপকগৰাকীয়ে উলিয়াবলৈ সক্ষম হৈছিল৷ ‘নিয়মীয়া বার্তা’ৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয় যে পুৰুষ আৰু মহিলাক লৈ পৃথকে চলোৱা এই গৱেষণাত পোহৰলৈ আহিছিল ’৮৩ৰ জুয়ে পোৰা অসমৰ সেই সময়ছোৱাৰ শিশুসকল যি বর্তমান প্রাপ্তবয়স্ক হৈছে তেওঁলোকৰ মাজত অর্থনৈতিক উন্নয়নৰ প্রভাৱ স্পষ্ট হৈ পৰিছে৷
নেলী, মেৰাপানী আৰু গহপুৰক কেন্দ্র কৰি চলোৱা এই গৱেষণাত আন বহু তথ্য পোহৰলৈ আহিছিল৷ সম্প্রতি বিভিন্ন বিষয়ৰ লগতে বহনক্ষম উন্নয়নৰ ওপৰত গৱেষণা অব্যাহত ৰাখিছে অধ্যাপক ড০ নাথে৷ তেওঁৰ মতে বহনক্ষম উন্নয়নৰ ক্ষেত্রত ভাৰতবর্ষৰ দৰে ৰাষ্ট্রৰ বাবে মিতব্যয়ী উদ্ভাৱন এক গুৰুত্বপূর্ণ বিষয়৷ গতিকে এই উদ্ভাৱন আৰু উন্নয়নৰ মাজত থকা সম্পর্কৰ ওপৰত তেওঁ গৱেষণা অব্যাহত ৰাখিছে৷ বিদেশত থাকিও মাতৃভূমিৰ প্রতি সকলো সময়তে দায়বদ্ধ ড০ নাথে বিভিন্ন সময়ত অসমৰ উন্নয়নৰ প্রতিও বৰঙণি যোগাই আহিছে৷
তেওঁ কয় যে অর্থনৈতিক উন্নয়ন এতিয়া চৌদিশে হৈছে৷ কিন্তু এয়া অধিক অর্থৱহ তেতিয়াহে হ’ব যেতিয়া সমাজৰ প্রতিজন লোকে ইজনে–সিজনক সহায় আগবঢ়াই যাব৷ এই উদ্দেশ্য আগত ৰাখি ড০ নাথে বিগত ২০১৬–১৭ বর্ষত আৰম্ভ কৰিছিল সু–প্রতিৱেশী প্রয়াস নামৰ এক প্রকল্প৷ ক’ভিড মহামাৰীৰ আগলৈকে এই প্রকল্প অব্যাহত ৰাখি নিজৰ জন্ম গাঁওখনত বহুকেইটা আর্থিকভাৱে দুর্বল পৰিয়ালক সহায়ৰ হাত আগবঢ়াইছিল৷ তদুপৰি ক’ভিডৰ সময়ৰে পৰা অধ্যাপকগৰাকী আমেৰিকা যুক্তৰাষ্ট্র নিৱাসী কেইবাজনো প্রবাসী অসমীয়া আৰু দেশৰ বিভিন্ন প্রান্তত থকা অসমীয়াসকলৰ সৈতে গঢ়ি তোলা ‘১৫ মিনিট শিক্ষা’ নামৰ অনলাইন মঞ্চখনৰ জৰিয়তেও অসমৰ শিক্ষার্থীসকলক বিভিন্ন ধৰণে শিক্ষিত কৰাৰ প্রয়াস অব্যাহত ৰাখিছে৷
ভৱিষ্যতে ইতিমধ্যে চলি থকা আন এক প্রকল্প অধিক সম্প্রসাৰণ কৰাৰ পৰিকল্পনাত তেওঁ ব্যস্ত আছে৷ বিগত তিনি বছৰ পূর্বে অধ্যাপক ড০ নাথে বন্ধু পৱন শর্মাৰ সৈতে মিলি আৰম্ভ কৰা একাদশ–দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রীৰ বাবে গ্রীষ্মকালত আয়োজন কৰা আৱাসিক বুথ শিবিৰ এই বর্ষত অধিক সম্প্রসাৰণ কৰাৰ চিন্তা–চর্চা চলাই আছে৷ আইআইআইটি অর্থাৎ ভাৰতীয় তথ্য–প্রযুক্তি প্রতিষ্ঠান গুৱাহাটীৰ অধ্যাপক হৰিকান্ত চৌধুৰীৰ সহযোগিতাত কৰা এই আৱাসিক বুথ শিবিৰত এসপ্তাহ ধৰি ছাত্র–ছাত্রীসকলক বিভিন্ন বিশেষজ্ঞৰ দ্বাৰা অর্থনীতিৰ সৈতে জড়িত বিভিন্ন কথা শিকোৱা হয়৷ ভৱিষ্যতেও এনেধৰণে নিজৰ ৰাজ্যখনৰ নৱপ্রজন্মৰ উত্তৰণৰ বাবে তেওঁ কাম কৰি যাব বুলি জানিবলৈ দিছে৷
ডাঃ ৰিফাট মান্নান
চিকিৎসা বিজ্ঞানত যিকোনো ৰোগ নির্ণয়ৰ ক্ষেত্রত পেথ’লজিষ্টৰ ভূমিকা অপৰিসীম৷ মানৱ দেহৰ বাবে হানিকাৰক ৰোগৰ উৎস বিচাৰি সমাধান কৰাৰ ক্ষেত্রত বৃহৎ অৱদান থাকে পেথ’লজিষ্টসকলৰ৷ বিশ্ব দৰবাৰত অসমীয়াৰ অনিৰুদ্ধ গতি পুনৰ প্রতিফলিত কৰি বিশ্বৰ শীর্ষৰ ১০০গৰাকী পেথ’লজিষ্টৰ মাজত স্বীকৃতি লাভ কৰি অসমীয়াক পুনৰ গৌৰৱান্বিত কৰিছে শিৱসাগৰৰ ধাইআলি নিৱাসী ডাঃ ৰিফাট মান্নানে৷ কেলিফ’র্নিয়াৰ ‘চিটী অৱ হ’প’ নামৰ চিকিৎসালয়ত কর্কট ৰোগৰ গৱেষক চিকিৎসক ৰূপে সম্প্রতি কার্যনির্বাহ কৰি আছে ডাঃ মান্নানে৷
১৯৮৮ চনত অধুনালুপ্ত অসম হাইমাদ্রাছা পৰীক্ষাত শিৱসাগৰৰ এখন মাদ্রাছাৰ পৰা ৰাজ্যৰ ভিতৰতে শীর্ষস্থান লাভ কৰি পৰৱর্তী সময়ত কটন মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু নতুন দিল্লীৰ এইমছৰ পৰা শিক্ষাগ্রহণ কৰি সম্প্রতি কেলিফ’র্নিয়াতে স্থায়ীভাৱে বসবাস কৰি থকা ডাঃ মান্নানে খাদ্যনলী, অগ্নাশয় আৰু যকৃতৰ ককর্ট ৰোগৰ গৱেষণাক লৈ ব্যস্ত হৈ আছে৷ সম্প্রতি চিকিৎসা বিজ্ঞানত অতি দুর্লভ বুলি জনাজাত বংশগত পেটৰ কর্কট ৰোগৰ গৱেষণাক লৈ ব্যস্ত হৈ আছে ডাঃ মান্নান৷
‘নিয়মীয়া বার্তা’ৰ সৈতে হোৱা কথা–বতৰাত ডাঃ মান্নানে কয় যে বিভিন্ন ধৰণৰ পেটৰ কর্কট ৰোগৰ গৱেষণাক লৈ মই ব্যস্ত হৈ আছোঁ যদিও বংশগতভাৱে হোৱা পেটৰ কর্কট ৰোগক লৈ গৱেষণা অব্যাহত ৰাখিছোঁ৷ অতি কম বয়সতে হোৱা এই কর্কট ৰোগবিধ বংশানুক্রমিকভাৱে হয়৷ সাধাৰণতে আন কর্কট ৰোগ বিভিন্ন ধৰণৰ পৰীক্ষাৰ দ্বাৰা চিনাক্ত কৰিব পাৰি যদিও এইবিধ কর্কট ৰোগ চিনাক্ত কৰাটো অতি জটিল৷ ডেকা বয়সতে অর্থাৎ ২০–২৫ বছৰ বয়সত এইবিধ কর্কটে মানুহক আক্রান্ত কৰে৷ বর্তমানে অব্যাহত থকা এই গৱেষণা যদি সফল হয়, তেন্তে অতি সহজে বংশগত পেটৰ কর্কট ৰোগ চিনাক্ত কৰাত সুবিধা হ’ব৷
চিনাক্ত হ’লে ইয়াৰ চিকিৎসাও খৰতকীয়া হোৱাৰ লগতে মূল কাৰণসমূহ পোহৰলৈ আহিব৷ ইয়াৰ বাহিৰেও যকৃতৰ কর্কট ৰোগৰ বিভিন্ন দিশৰ ওপৰতো তেওঁ গৱেষণা অব্যাহত ৰাখিছে৷ এগৰাকী পেথ’লজিষ্ট হিচাপে কর্কট ৰোগৰ গৱেষণাক লৈ ব্যস্ত থকা ডাঃ মান্নানৰ মতে, কর্কট ৰোগৰ মূল প্রতিষেধক হৈছে সজাগতা৷ বিদেশৰ তুলনাত ভাৰতবর্ষত কর্কট ৰোগ পলমকৈ ধৰা পৰাৰ বাবেই বহু সময়ত ৰোগীয়ে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়৷ তেওঁৰ গৱেষণাই কর্কট ৰোগ নিৰাময়ৰ ক্ষেত্রত চিকিৎসা বিজ্ঞানত বহু অৰিহণা আগবঢ়াব বুলি আশা কৰা হৈছে৷ বিদেশত নিজৰ কামত ব্যস্ত হৈ থকাৰ মাজতো অসমৰ প্রতি সদায়ে দায়বদ্ধ ডাঃ মান্নান৷
অসমত থকা ছাত্র–ছাত্রীসকলক শৈক্ষিক ক্ষেত্রত বিভিন্ন ধৰণে সহায় আগবঢ়াবলৈ সদায়ে আগ্রহী ডাঃ মান্নানে ‘১৫ মিনিট শিক্ষা’ নামৰ অনলাইন মঞ্চখনৰ সৈতেও জড়িত৷ চিকিৎসা বিজ্ঞানৰ বিভিন্ন দিশসম্বলিত বহু গুৰুত্বপূর্ণ বত্তৃণতা তেওঁ উক্ত মঞ্চখনৰ জৰিয়তে দিয়াৰ লগতে নিজাববীয়াকৈও বিভিন্ন ধৰণে অসমৰ ছাত্র–ছাত্রীক সহায় কৰি আহিছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ আছাম ফাউণ্ডেচন অৱ নর্থ আমেৰিকাৰ সৈতে জড়িত হৈ থকা চিকিৎসকগৰাকীয়ে বিভিন্ন সময়ত এই সংস্থাৰ জৰিয়তেও ছাত্র–ছাত্রীসকলৰ শৈক্ষিক ক্ষেত্রত সহায় আগবঢ়াই আহিছে৷ বর্তমানে কেলিফ’র্নিয়াৰ বাসিন্দা হ’লেও অদূৰ ভৱিষ্যতে অসমলৈ উভতি আহি কর্কট ৰোগৰ গৱেষণাত নিজক নিয়োগ কৰাৰ আশা মনত পুহি ৰাখিছে ডাঃ মান্নানে৷
বেণু চাংমাই
মাতৃভূমিৰ পৰা দূৰৈত বহু বছৰ ধৰি গৰিষ্ঠসংখ্যক অসমীয়াই নিজৰ মেধাৰ বলত উপযুক্ত স্থানত কার্যনির্বাহ কৰি থকাৰ সময়তে জনপ্রিয় সামাজিক মাধ্যম ফেচবুকৰ অভিভাৱক কোম্পানী ‘মেটা’ত ছফ্টৱেৰ ইঞ্জিনীয়াৰ হিচাপে জড়িত হৈ আছে গুৱাহাটীৰ যুৱ অভিযন্তা বেণু চাংমাই৷ এনআইটি চুৰাটৰ পৰা বি–টেক সম্পূর্ণ কৰি পৰৱর্তী সময়ত ইউনিভার্ছিটী অৱ কেলিফ’র্নিয়াত স্নাতকোত্তৰ ডিগ্রী লাভ কৰি ২০২১ চনত জনপ্রিয় ই–কমার্চ কোম্পানী এমাজনত চাকৰি জীৱন আৰম্ভ কৰিছিল যুৱ অভিযন্তা চাংমায়ে৷
শেহতীয়াকৈ ২০২২ চনত আমেৰিকাৰ চিয়াট’লস্থিত ‘মেটা’ৰ মেচিন লাইনত ছফ্টৱেৰ অভিযন্তা হিচাপে কর্তব্যৰত হৈ থকা যুৱ অভিযন্তা চাংমায়ে মূলতঃ জেনেৰেটিভ এআইৰ সৈতে জড়িত হৈ আছে৷ উল্লেখ্য যে সম্প্রতি যুৱপ্রজন্মৰ মাজত জনপ্রিয় সামাজিক মাধ্যম ফেচবুক, ইনষ্টাগ্রাম আৰু হোৱাটছএপৰ এআইৰ বিভিন্ন কার্যৰ সৈতে জড়িত চাংমাই৷ ‘নিয়মীয়া বার্তা’ৰ সৈতে হোৱা চমু সাক্ষাৎকাৰত তেওঁ কয় যে বাহিৰত সুযোগ বহু আছে যদিও তাৰ পৰা অভিজ্ঞতাখিনি লৈ নিজৰ দেশত সেৱা আগবঢ়োৱা উচিত৷
ভৱিষ্যতে যুৱপ্রজন্মক বিদেশত থকাৰ সুযোগ–সুবিধাসমূহ গ্রহণ কৰি তাৰ জ্ঞানসমূহ আহৰণ কৰি নিজ মাতৃভূমিৰ সেৱাত নিয়োজিত হ’বলৈহে তেওঁ আহ্বান জনায়৷ বিদেশত নিজকে এজন ভ্রমণকাৰী ৰূপে গণ্য কৰা যুৱ অভিযন্তা চাংমায়ে বিদেশৰ অভিজ্ঞতাৰে পৰৱর্তী সময়ত নিজৰ দেশলৈ ঘূৰি আহিব বুলি কয়৷ বিদেশত থাকিও মাজে–সময়ে নিজৰ জন্মভূমিৰ বাবে বিভিন্ন ধৰণে অৰিহণা আগবঢ়োৱা চাংমায়ে সময় পালেই অভিজ্ঞতাসমূহ ছাত্র–ছাত্রীৰ সৈতে শ্বেয়াৰ কৰে বুলি জানিবলৈ দিছে৷ বিদেশত থাকিও নিজ মাতৃভূমিৰ প্রতি চিৰদিনে অন্তৰত এক আৱেগ কঢ়িয়াই লৈ ফুৰা এই স্বাভিমানী অসমীয়াসকলে নিজৰ ধৰণে জাতিটোৰ প্রতি সেৱা আগবঢ়াই আহিছে৷