‘নিযুত মইনা আঁচনি’ৰ আৰ্হিৰে নৱবৰ্ষত ‘বাবু আঁচনি’
ৰাজ্যৰ শিক্ষাখণ্ডত ছাত্ৰসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে এক নতুন কল্যাণমূলক আঁচনি ঘোষণা কৰিছে। ‘নিযুত মইনা আঁচনি’ৰ আদৰ্শত ‘বাবু আঁচনি’ আৰম্ভ কৰা হ’ব বুলি চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে।
এই আঁচনিৰ অধীনত বছৰি ৪ লাখ টকাৰ তলত আয় থকা পৰিয়ালৰ ছাত্ৰসকলক আৰ্থিক সহায় আগবঢ়োৱা হ’ব। ইয়াৰ ভিতৰত স্নাতকোত্তৰ স্তৰৰ ছাত্ৰসকলক প্ৰতিমাহে ২ হাজাৰ টকা আৰু স্নাতক স্তৰৰ ছাত্ৰসকলক প্ৰতিমাহে ১ হাজাৰ টকা ধন আগবঢ়োৱা হ’ব।
সূত্ৰ অনুসৰি, এই আঁচনিৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰসকল উপকৃত হ’ব আৰু উচ্চশিক্ষাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰা হৈছে।
ডিজিটেল ডেস্ক, ১ জানুৱাৰী