আৰক্ষীৰ অভিযানত যুৱতীসহ পাঁচ ডকাইত আটক
- নৱবৰ্ষৰ প্ৰথম নিশাই যমুনামুখ আৰক্ষীৰ সফল অভিযান।
- আৰক্ষীৰ অভিযানত যুৱতীসহ পাঁচ ডকাইত আটক।
- হোজাই জিলাৰ যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত সৰুপথাৰত নিশা গোপন সূত্ৰৰ পম খেদি এটি ডকাইতৰ দলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
- ডকাইতৰ দলটোত এগৰাকী যুৱতীও আটক হয়।
- ধৃত ডকাইতকেইটাৰ পৰা এটি 9MM পিষ্টল উদ্ধাৰ হয়।
- যুৱতীগৰাকীয়ে লুকুৱাই ৰাখিছিল পিষ্টলটো।
- আনহাতে সূত্ৰৰ মতে ডকাইতৰ দলটোৰ হাতত আৰু কেইবাটাও অস্ত্ৰ আছিল।
- আৰক্ষীৰ অভিযানৰ সময়ত জংলৰ মাজত পেলাই দিয়ে অস্ত্ৰসমূহ।
- ধৃত ডকাইতকেইটা ক্ৰমে ছেলিমা খাতুন, ছাদিক হাছান, ছাইদুল ইছলাম, মিৰাজুল ইছলাম আৰু ৰফিকুল ইছলাম।
ডিজিটেল ডেস্ক, ১ জানুৱাৰী