৫টা সংকল্পৰে ‘নতুন অসম’ গঢ়াৰ সংকল্প প্ৰদেশ কংগ্ৰেছৰ
ইংৰাজী বছৰৰ পহিলা দিনটোত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে সংবাদ মেল সম্বোধন কৰি ৰাজ্যবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে। এই উপলক্ষে তেওঁ কয় যে নতুন বছৰত সকলোৱে নিজ নিজ পৰিকল্পনা কৰে আৰু কংগ্ৰেছেও নতুন বছৰৰ পৰিকল্পনা অসমবাসীৰ সন্মুখত দাঙি ধৰিব বিচাৰে।
গৌৰৱ গগৈয়ে সংবাদ মেলত কংগ্ৰেছৰ পাঁচটা মুখ্য সংকল্প ঘোষণা কৰে। প্ৰথম সংকল্প হিচাপে শিক্ষা আৰু চিকিৎসাক উল্লেখ কৰি তেওঁ কয়, “নতুন অসমত শিক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত অসমক ভাৰতবৰ্ষৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ লক্ষ্য লৈছো।”
দ্বিতীয় সংকল্প হিচাপে চৰকাৰী ব্যৱস্থাত আধুনীকৰণৰ কথা উল্লেখ কৰি তেওঁ কয় যে বৰ্তমানৰ চৰকাৰে চৰকাৰী কৰ্মচাৰীক শত্রু হিচাপে দেখে, কিন্তু কংগ্ৰেছৰ শাসনত চৰকাৰী কৰ্মচাৰীক লগত লৈ একেলগে আগবাঢ়ি যোৱা হ’ব।
তৃতীয় সংকল্প হিচাপে অৰ্থনীতিৰ কথা উল্লেখ কৰি গগৈয়ে কয়, বৰ্তমান অৰ্থনৈতিক উন্নয়ন কেৱল মহানগৰী আৰু ডাঙৰ ঠিকাদাৰসকলৰ মাজতে সীমাবদ্ধ হৈ আছে। কংগ্ৰেছৰ শাসনত এই উন্নয়ন গাঁও-গ্ৰামলৈ লৈ যোৱা হ’ব।
চতুৰ্থ সংকল্প হিচাপে অপৰাধ নিয়ন্ত্ৰণৰ কথা উল্লেখ কৰি তেওঁ অভিযোগ কৰে যে ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি অত্যন্ত শোচনীয়। আৰক্ষী এতিয়া অসমৰ ৰাইজৰ স্বাৰ্থত কাম কৰা নাই আৰু বিজেপিৰ চিন্ডিকেটত জড়িত লোকসকলক ক্লীনচিট দিয়াত ব্যস্ত বুলি গৌৰৱ গগৈয়ে অভিযোগ তোলে।
পাঁচ নম্বৰ সংকল্প হিচাপে যুৱকসকলৰ কথা উল্লেখ কৰি তেওঁ কয়, “আমাৰ যুৱকসকলক ড্ৰাগছৰ পৰা মুক্ত কৰিম, দক্ষতা বিকাশৰ বাবে কাম কৰিম আৰু খেলৰ সংস্কৃতি গঢ়ি তুলিম।”
সংবাদ মেলত গৌৰৱ গগৈয়ে দাবী কৰে যে বিজেপি চৰকাৰ বিফল হোৱা প্ৰতিটো কাম কংগ্ৰেছে সম্পূৰ্ণ কৰিব। লগতে তেওঁ কয়, ৰাইজৰ পৰামৰ্শ ল’বলৈ কংগ্ৰেছে বিশেষ ই-মেইল আইডি[email protected]মুকলি কৰিছে।
আনহাতে, কাইলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ৰাজনৈতিক পৰিক্ৰমা শাখাৰ বৈঠক অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি গগৈয়ে কয় যে কংগ্ৰেছৰ ৱেবচাইটৰ জৰিয়তে প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলে আবেদন পত্ৰ ডাউনলোড কৰিব পাৰিব। ৫ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ আবেদন প্ৰক্ৰিয়া চলিব আৰু আবেদন মাচুল হ’ব ৫০,০০০ টকা।
গৌৰৱ গগৈয়ে পুনৰ উল্লেখ কৰে যে কংগ্ৰেছে ১০০টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব। যিসকল প্ৰাৰ্থীৰ আসন বিৰোধী মিত্ৰদলক দিয়া হ’ব, তেওঁলোকৰ জমা ধন ওভতাই দিয়া হ’ব।
নতুন ভোটাৰ তালিকা সন্দৰ্ভত মন্তব্য কৰি গগৈয়ে কয়, যদি বিহাৰত ভোট প্ৰদান কৰা কোনো লোকে আহি অসমত ভোট দিব বিচাৰে, তেন্তে সজাগ হ’ব লাগিব। এই সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়োগৰ পৰা সম্পূৰ্ণ খচৰা বিচৰা হৈছে।
মুখ্যমন্ত্ৰীক আক্ৰমণ কৰি গগৈয়ে কয়, মুখ্যমন্ত্ৰীয়ে “পাতল কথা” কয় আৰু নতুন বছৰত পাকিস্তানৰ সৈতে থকা তথাকথিত সংযোগৰ বিষয়ে স্পষ্ট তথ্য আগবঢ়াব বুলি তেওঁ আশা প্ৰকাশ কৰে। অখিল গগৈৰ সন্দৰ্ভত কৰা প্ৰশ্ন এৰাই চলে গৌৰৱ গগৈয়ে।
ডিজিটেল ডেস্ক, ১ জানুৱাৰী