সাংবাদিক ত্ৰৈলোক্য দাসক চাবুৱাত শেষ শ্ৰদ্ধাঞ্জলি
৩১ ডিচেম্বৰ দিনটোত সমগ্ৰ সাংবাদিক সমাজৰ বাবে এটা দুঃখবৰ হৈছে চাবুৱাৰ ত্ৰৈলোক্য দাসৰ অকাল বিয়োগ। ২৯ ডিচেম্বৰত কৰ্তব্যৰত অৱস্থাত উচ্চ ৰক্তচাপ জনিত কাৰণত ঠাইতে ঢলি পৰা নিউজ লাইভৰ সাংবাদিক ত্ৰৈলোক্য দাসে চিকিৎসাধীন অৱস্থাত শেষনিশ্বাস ত্যাগ কৰে বছৰৰ শেষৰ দিনটোত।
এই ঘটনাই স্বাভাৱিকে সমগ্ৰ অসমৰ সাংবাদিক সমাজৰ মাজত আৰু চাবুৱা অঞ্চলত শোকৰ ছাঁ পৰে। চিকিৎসালয়ৰ পৰা দাস মৃতদেহ আনি নিশাটো চাবুৱাৰ বাসগৃহত ৰখা হয়। চাবুৱাৰ সাংবাদিকসকলৰ উদ্যোগত এখন পুষ্পসজ্জিত স্বৰ্গৰথ নামৰ বাহেনেৰে চাবুৱা পৌৰসভাৰ কাৰ্যালয়ৰ মুকলি ঠাইলৈ লৈ যোৱা হয় আৰু তাতে ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিভিন্ন স্থানৰ সাংবাদিক, দল-সংগঠন আৰু শোভাকাংক্ষী ৰাইজে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ পিছতে চেতিয়াপথাৰ ৰঙাদৰীয়া গাঁৱৰ পিতৃগৃহলৈ মৃতদেহটো লৈ যোৱা হয়। পৰম্পৰাগত নীতি নিয়মৰ মাজেৰে পৰিয়ালবৰ্গ আৰু গুণমুগদ্ধ ৰাইজৰ উপস্থিতিত কাঠ সংস্কাৰৰ জৰিয়তে শেষকৃত্য সম্পন্ন কৰা হয়। প্ৰয়াত দাসৰ একমাত্ৰ যুৱৰাজ দাসে মুখাগ্নি কৰে।
নিয়মীয়া বাৰ্তা, চাবুৱা, ২ জানুৱাৰী