অসম ক্রিকেটত মেচ ফিক্সিঙৰ গুৰুতৰ অভিযোগ!
মেচ ফিক্সিঙৰ অভিযোগত গ্রেপ্তাৰ হোৱাৰ আশংকা ঘনীভূত হৈছে ৰাজ্যৰ চাৰি ক্রিকেটাৰ ক্রমে অমিত সিনহা, ঈশান আহমেদ, অমন ত্রিপাঠী আৰু অভিষেক ঠাকুৰী৷ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই চলাই থকা ১২/২৫ নম্বৰৰ গোচৰত অভিযুক্ত ক্রিকেটাৰকেইগৰাকীক তদন্তৰ বাবে বাৰম্বাৰ হাজিৰ হ’বলৈ নির্দেশ দিয়াৰ পিছতো তদন্তত সহযোগিতা নকৰাৰ বাবে যিকোনো মুহূর্তত গ্রেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে৷
জানিব পৰা মতে আৰক্ষীৰ তদন্তৰ পৰা হাত সাৰিবলৈকে খেলুৱৈকেইজন ৰাজ্যৰ বাহিৰত অৱস্থান কৰি আছে৷ আৰক্ষীয়ে তেওঁলোকক অপৰাধ শাখাৰ কার্যালয়ত উপস্থিত হ’বলৈ জাননী প্রদান কৰিছে যদিও উপস্থিত হোৱা নাই খেলুৱৈকেইগৰাকী৷
উল্লেখ কৰিব পাৰি যে চৈয়দ মুস্তাক আলী ট্রফীৰ এখন খেলত উল্লিখিত ক্রিকেটাৰকেইজনে মেচ ফিক্সিঙৰ বাবে দলৰ কেইগৰাকীমান সতীর্থক উৎসাহিত কৰিছিল৷ এই সমগ্র বিষয়টো পোহৰলৈ অহাৰ প্রাৰম্ভিক অৱস্থাত বিচিচিআইৰ দুর্নীতিবিৰোধী আৰু সুৰক্ষা গোটে তদন্ত কৰে৷
সমান্তৰালভাৱে অসম ক্রিকেট সন্থায়ো ক্রিকেটাৰকেইজনৰ বিৰুদ্ধে গ্রহণ কৰে অপৰাধজনিত কার্যব্যৱস্থা আৰু অসম আৰক্ষীৰ ওচৰত দাখিল কৰে এজাহাৰ৷ এই এজাহাৰৰ আধাৰতে আৰক্ষীয়ে ক্রিকেটাৰকেইজনৰ বিৰুদ্ধে বিএনএছৰ ৩১৬/৩১৮ আৰু ৬৮ ধাৰাত ১২/২৫ নম্বৰত এক গোচৰ ৰুজু কৰে৷
ক্রিকেটাৰকেইজনক তদন্তত সহযোগ কৰিবলৈ আৰক্ষীয়ে আহ্বান জনাই আহিছে যদিও তেওঁলোকে কোনো কর্ণপাত নকৰাত ক্রিকেটাৰকেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে বিহিত ব্যৱস্থা লোৱাৰ দিশে আগবাঢ়িছে বুলি জানিব পৰা গৈছে৷ এনে অৱস্থাত ক্রিকেটাৰকেইজন অচিৰেই আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে৷
ডিজিটেল ডেস্ক, ৩ জানুৱাৰী