নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭ জানুৱাৰীত সৰুসজাইত ১০,০০০ শিল্পীৰ বাগৰুম্বা নৃত্য

বিহু বিনন্দীয়া আৰু ঝুমইৰ বিনন্দিনীৰ বিপুল সফলতাৰ পিছত এইবাৰ ৰাজ্যবাসীয়ে দেখিবলৈ পাব বাগৰুম্বা নৃত্যক বিশ্বত পৰিচয় কৰি দিয়াৰ এক প্রয়াস৷ উল্লেখ্য যে ১৭ জানুৱাৰীত সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত প্রায় ১০ হাজাৰৰো অধিক শিল্পীয়ে এই বাগৰুম্বা নৃত্য প্রদর্শনেৰে সৃষ্টি কৰিব অভিলেখ৷

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’ব লগা এই বাগৰুম্বা নৃত্য অনুষ্ঠান সুচাৰুৰূপে সম্পন্ন কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু সাংস্কৃতিক মন্ত্রী বিমল বড়া সৰুসজাইত তদাৰক কৰে৷

মুখ্যমন্ত্রীয়ে ষ্টেডিয়ামখন পৰিদর্শন কৰাৰ লগতে ইয়াৰ প্রস্তুতি সম্পর্কত বিষয়াসকলৰ সৈতে এক পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে৷ বিহু বিনন্দীয়া আৰু ঝুমইৰ বিনন্দিনীৰ বাবে সকলো প্রস্তুতি সময়মতে আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ দিশত ব্যৱস্থা গ্রহণৰ বাবেও প্রয়োজনীয় নির্দেশনা বিষয়াসকলক প্রদান কৰে৷

উল্লেখ্য যে ১৭ জানুৱাৰীত অনুষ্ঠিত হ’বলগা বাগৰুম্বা নৃত্যৰ চূড়ান্ত প্রদর্শনৰ পূর্বেই অহা ৪, ৫ আৰু ৬ জানুৱাৰীত ওজা প্রশিক্ষকসকলক প্রশিক্ষণ প্রদান কৰা হ’ব৷ ইয়াৰ পিছত এটা ভিডিঅ’ ট্রেকৰ সহায়ত এই ওজা প্রশিক্ষকসকলে ৰাজ্যৰ ২৩খন জিলালৈ গৈ ৮, ৯ আৰু ১০ জানুৱাৰীত মূল অনুষ্ঠানত অংশগ্রহণ কৰিব লগা শিল্পীসকলক প্রশিক্ষণ প্রদান কৰিব৷

মন্ত্রী বিমল বড়াই প্রকাশ কৰা অনুসৰি উপযুক্ত প্রশিক্ষণ প্রদানৰ পিছত শিল্পীসকলক সৰুসজাই ষ্টেডিয়ামত চূড়ান্ত পর্যায়ত নৃত্য প্রদর্শনৰ বাবে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা ১১ জানুৱাৰীত গুৱাহাটীলৈ অনা হ’ব৷ অহা ১২, ১৩, ১৪ আৰু ১৫ জানুৱাৰীত সৰুসজাই ষ্টেডিয়ামত শিল্পীসকলে চূড়ান্ত আখৰা কৰিব৷

১৬ জানুৱাৰীত চূড়ান্ত আখৰা সম্পন্ন হ’ব৷ খাম, চিম্ফু, চেৰজা আদি পৰম্পৰাগত বাদ্যযন্ত্রৰ তালে তালে বড়ো গাভৰুসকলে ১৭ জানুৱাৰীৰ সন্ধিয়া প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত ইতিহাস সৃষ্টি কৰিবলগীয়া সমূহীয়া বাগৰুম্বা নৃত্য প্রদর্শন কৰিব৷

ডিজিটেল ডেস্ক, ৩ জানুৱাৰী

You might also like