নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতীঘুলি মজলীয়া বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ লাইখুঁটা স্থাপন

১৯৫২ চনত প্ৰতিষ্ঠা লাভ কৰা শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত হাতীঘুলি মজলীয়া বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠানটো অহা ১৭ আৰু ১৮ জানুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব ৷

এই উপলক্ষে ২ জানুৱাৰীত এক মাংগলিক পৰিৱেশত লাইখুঁটা স্থাপন কৰা হয় ৷ উদযাপন সমিতিৰ যুটীয়া সম্পাদক শশাংক নাথে আঁত ধৰা অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী তৰুলতা বৰুৱা, উদযাপন সমিতিৰ সভাপতি মুহিকান্ত নাথ, কাৰ্যকৰী সভাপতি হেমন্ত নাথে হীৰক জয়ন্তী কাৰ্যসূচী সম্পৰ্কে ৰাইজক অৱগত কৰাৰ লগতে দুয়োটা দিনৰ সকলো কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি কামনা কৰি বক্তব্য প্ৰদান কৰে ৷ লাইখুঁটা স্থাপন অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোটৰ উপৰি অভিভাৱক-অভিভাৱিকা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷

নি‌য়মীয়া বাৰ্তা, গৌৰীসাগৰ, ৪ জানুৱাৰী :
You might also like