নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আশাৰ বতৰা কঢ়িয়াইছে জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনে

অসমৰ পৰ্যটন মানচিত্ৰত আশাৰ বতৰা কঢ়িয়াই আনিছে জামুগুৰিহাটৰ দক্ষিণাঞ্চলত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনে। পাণপুৰ-বিশ্বনাথ মথাউৰিৰ দাঁতিতে থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই ষষ্ঠ সংযোজন এলেকাত বৃদ্ধি পাইছে গড়ঁ আৰু বাঘৰ সংখ্য।

ইতিমধ্যে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া এই  ষষ্ঠ সংযোজনত পৰ্যটকে জীপ ছাফাৰিৰ জৰিয়তে উপভোগ কৰিব পাৰিব হাতী, গঁড়, বাঘ, হৰিণৰ লগতে বনৰীয়া গাহৰিৰ মুক্ত বিচৰণৰ দৃশ্য। অসমৰ পৰ্যটন মানচিত্ৰত শেহতীয়াভাৱে বিশেষ গুৰুত্ব লাভ কৰিবলৈ সক্ষম হোৱা জামুগুৰিহাটৰ দক্ষিণাঞ্চলত থকা কাজিৰঙাৰ এই ষষ্ঠ সংযোজনত শীতৰ বতৰত সুদূৰ ছাইবেৰিয়া, ইণ্ডোনেছিয়া আদিৰ পৰা উৰি আহি বিল, জলাশয়ত আশ্ৰয় লোৱা পৰিভ্ৰমী চৰাইৰ মুক্ত বিচৰণৰ দৃশ্যও পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

নিয়মীয়া বাৰ্তা, জামুগুৰিহাট, ৪ জানুৱাৰী :
You might also like