নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পি এম শ্ৰী ভূৰাগাঁও হৰিচৰণ সৰকাৰ উঃ মাঃ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন

মৰিগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পি এম শ্ৰী ভূৰাগাঁও হৰিচৰণ সৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। ১৯৫৮ চনত স্হাপন হোৱা ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসত বিদ্যালয় প্ৰাংগণত এক উখল-মাখল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে।

পুৱা ৯ বজাত মূল দ্বাৰ উন্মোচনৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। মূল দ্বাৰ উন্মোচন কৰে অৱসৰী কাৰ্যবাহী অভিযন্তা জীৱন চন্দই। ইয়াৰ পিছত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদকৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰে অৱসৰী শিক্ষক খোৰা মোহন সৰকাৰ আৰু মৌজাদাৰ মাধৱ সিংহই। স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তুতুল বৰঠাকুৰে আৰু শ্বহীদ তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা প্ৰাক্তন ছাত্ৰ নেতা ছাত্তাৰ আলীয়ে। বিদ্যালয়ৰ পতাকা উত্তোলন কৰে ভাৰপ্ৰাপ্ত অধ্যক্ষ সুনীল চন্দ্ৰ ডেকা আৰু প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ৰংধৰ বণিয়াই। দুপৰীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মাহিন্দ্ৰী দেৱীয়ে। ইয়াৰ পিছত উদযাপন সমিতিৰ সভাপতি ৰংধৰ বণিয়াৰ সঞ্চালনাত অনুষ্ঠিত হয় ন-পুৰণি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীৰ অন্তৰংগ অনুষ্ঠান । অন্তৰংগ অনুষ্ঠান উদ্বোধন কৰে মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈয়ে।

দিনৰ ২ বজাত ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অৱসৰী শিক্ষক ৰাধানাথ সৰকাৰে। আবেলি বিদ্যালয়ৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰী আৰু আমন্ত্ৰিত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা জৱহৰলাল ৰয়ে। সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সামৰণি পৰে।

নিয়মীয়া বাৰ্তা, ভূৰাগাঁও, ৪ জানুৱাৰী :

You might also like