সম্পাদকীয় : গ্ৰন্থমেলা বতৰৰ চিন্তা
অসমত এতিয়া গ্রন্থমেলাৰ বতৰ৷ ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন ঠাইত এই সময়ছোৱাতে গ্রন্থমেলাৰ আয়োজন কৰাটো সম্প্রতি যেন এক পৰম্পৰাত পৰিণত হৈছে৷ ইতিপূর্বে কোনো কোনো ঠাইত ছেগা–চোৰোকাকৈ গ্রন্থমেলাৰ অনুষ্টুপীয়া আয়োজন হৈছিল যদিও বৃহৎ আকাৰত আৰু জাকজমকতাৰে ১৯৮৪ চনত গুৱাহাটীৰ জজ খেলপথাৰত অসম প্রকাশন পৰিষদৰ উদ্যোগত আয়োজিত প্রথম ‘গুৱাহাটী গ্রন্থমেলা’ৰ পৰাই যেন এই পৰম্পৰাই এক অন্য মাত্রা লাভ কৰিছে৷ শেহতীয়াকৈ প্রকাশন পৰিষদৰ সৈতে লগ হৈ সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যুটীয়াভাৱে এই প্রয়াসক আৰু এঢাপ আগুৱাই ‘অসম গ্রন্থমেলা’ নামেৰে নতুন গতি প্রদান কৰিছে৷ আজি অসমৰ মূল চহৰসমূহতেই নহয়, গাঁৱে–ভূঞে গ্রন্থমেলাই এক আন্দোলনৰ ৰূপ পৰিগ্রহ কৰিছে৷ এইক্ষেত্রত হাত উজান দিছে স্থানীয় সংস্থা, সংগঠন বা গ্রন্থপ্রেমী ৰাইজে৷ পেছা বা শিক্ষাগত অহর্তা নির্বিশেষে আবাল–বৃদ্ধ–বনিতাক আজি গ্রন্থমেলাসমূহে বিভিন্ন ধৰণে আকর্ষণ কৰিব পাৰিছে৷ গ্রন্থমেলাৰ সু–সজ্জিত কিতাপৰ মাজত সোমাই পৰাৰ পাছত যেন আঁতৰি যায় অৱসাদ, বিষাদ আদি৷ কেৱল জ্ঞান লাভৰ উপকৰণ বিচাৰিয়েই মানুহে নিশ্চয় গ্রন্থমেলাত ভৰি নিদিয়ে অথবা বিদ্যায়তনিক জীৱনৰ প্রয়োজনীয়তা পূৰণৰ সমল বিচাৰিয়েই কেৱল মানুহে গ্রন্থৰ সমুদ্র মন্থন নকৰে, গ্রন্থমেলাৰ গাম্ভীর্যপূর্ণ পৰিৱেশত বিভিন্ন বিষয়ৰ দেশী–বিদেশী ন–পুৰণি কিতাপৰ মাজত সোমাই অনেক লোকে অনাবিল আনন্দপ্রাপ্তিৰ চেষ্টাৰে কর্মব্যস্ত জীৱনৰ একঘেয়ামিত নিৰস হৈ পৰা প্রাত্যহিকতাৰ পৰা অলপ ফালৰি কাটি সঞ্জীৱনী সুধাৰহে যেন সন্ধান কৰে৷ সেয়েহে ক’ব পাৰি, অনেক লোকে ভবাৰ দৰে গ্রন্থমেলা কেৱল এক কিতাপৰ বজাৰেই নহয়, ই হ’ল সাহিত্যৰ দৰে পৰম শক্তিশালী আৰু জনপ্রিয় মাধ্যমটিৰ আকর্ষণীয় ক্ষমতাৰ জৰিয়তে পঢুৱৈ তথা ৰাইজৰ মাজত ঘনিষ্ঠতা বৃদ্ধি কৰাৰ এক ফলপ্রসূ মাধ্যম৷ সেইবাবেই আধুনিক প্রযুক্তিবিদ্যাৰ বিকাশে গ্রন্থৰ প্রতি এক বিৰাট প্রত্যাহ্বান কঢ়িয়াই আনিলেও গ্রন্থপ্রেমীক গ্রন্থৰ আকর্ষণৰ পৰা আঁতৰাই নিব পৰা নাই৷ সেইবাবেই নিশ্চয় গ্রন্থমেলাৰ জনপ্রিয়তা দেশে–বিদেশে ক্রমাগতভাৱে বৃদ্ধি পাব লাগিছে৷ তথ্য–প্রযুক্তিৰ দিশত আগবঢ়া ইউৰোপতো জার্মানীৰ ফ্রেংকফুটত ১৪৬২ চনতে আৰম্ভ কৰা গ্রন্থমেলাখনে আজি পাঁচ শতাধিক বর্ষ অতিক্রম কৰি বিশ্বৰ সর্ববৃহৎ গ্রন্থমেলাৰ ৰূপ ধাৰণ কৰিব পাৰিছে৷ ইয়াৰ তুলনাত পৰিসৰ যথেষ্ট সীমিত হ’লেও অসমত সম্প্রতি ঠায়ে ঠায়ে অনুষ্ঠিত হ’বলৈ লোৱা বিভিন্ন গ্রন্থমেলাসমূহে নিশ্চয় এক বহুমাত্রিকতা আৰু আকর্ষণ সৃষ্টি কৰিব পাৰিছে৷ ইণ্টাৰনেট ব্যৱস্থাই গ্রন্থৰ শতিকা পুৰণি জয়যাত্রাৰ প্রতি যি ভাবুকিৰ সৃষ্টি কৰিছে, তাক ওফৰোৱাৰ ক্ষেত্রত গ্রন্থমেলাসমূহে এক দৃঢ় পদক্ষেপ ল’ব পাৰে৷ ইণ্টাৰনেটৰ ব্যাপক প্রসাৰ ঘটিছে যদিও তাৰ প্রত্যাহ্বানক নেওচি আজিও বিভিন্ন নতুন নতুন গ্রন্থই পঢুৱৈক আকর্ষণ কৰিব পাৰিছে৷ এই আগ্রহে ইয়াকেই সূচায় যে গ্রন্থ অধ্যয়নৰ পৰা লাভ কৰা যি মানসিক তৃপ্তি, তাক ইণ্টাৰনেটৰ তথ্যই পূৰাব নোৱাৰে৷ সেইবুলি আমি বর্তমানৰ ই–গ্রন্থৰ স্বকীয়তাকো নিশ্চয় উলাই কৰিব নোৱাৰোঁ৷ গ্রন্থ অধ্যয়নৰ ক্ষেত্রত থকা সীমাবদ্ধতাসমূহৰ কিছু এই ই–গ্রন্থই পূৰাব পাৰে৷ সভ্যতাৰ বিকাশৰ লগে লগে গ্রন্থৰ মহত্ত্ব বৃদ্ধি পাইছে যদিও তাৰ বিপৰীতে এই পৰিক্রমাত গ্রন্থই যে কেৱল আধুনিক প্রযুক্তিবিদ্যাৰ পৰা অহা প্রত্যাহ্বানৰে সন্মুখীন হৈছে, তেনে নহয়৷ বিভিন্ন দেশত শাসক গোষ্ঠীৰ স্বার্থৰ বিৰুদ্ধে মাত মতা বা ধৰ্মীয় গোড়ামিৰ বিৰুদ্ধাচৰণ কৰা অনেক গ্রন্থকে নিষিদ্ধ ঘোষণা কৰাৰ বহুতো উদাহৰণ পোৱা যায়৷
আনকি কুৰি শতিকাতো সাহিত্যৰ বাবে নিষিদ্ধ এলেকাৰূপে চিহ্ণিত হৈছিল দক্ষিণ আফ্রিকা, পশ্চিম আফ্রিকা আৰু লেটিন আমেৰিকা অঞ্চল৷ লেটিন আমেৰিকাৰ তিনিগৰাকীকৈ নোবেল বঁটা বিজয়ী সাহিত্যিকৰ গ্রন্থ তেওঁলোকৰ নিজ দেশতেই নিষিদ্ধ ঘোষিত হৈছিল৷ তছলিমা নাছৰিণ, ছলমান ৰুশ্বদি আদি লেখকসকলৰ গ্রন্থ নিষিদ্ধ কৰাই নহয়, ধৰ্মীয় ফতোৱাৰ সন্মুুখীনো হ’বলগীয়া হৈছিল লেখকসকল৷ পিছে গ্রন্থৰ জয়যাত্রাক এনে প্রতিকূলতাই ৰুদ্ধ কৰিব পৰা নাই৷ হেনৰি ৱেলছৰ ভাষাত– ‘কিছুমান কিতাপে এখন যুদ্ধতকৈও নিজকে বেছি শক্তিশালী বুলি প্রমাণ কৰে৷’ সেয়েহে ক’ব পাৰি– কিতাপে গঢ়িবও পাৰে, ভাঙিবও পাৰে৷ সেয়েহে এখন সার্থক কিতাপৰ জয়যাত্রাত পাথেয় হ’ব পাৰে গ্রন্থমেলাসমূহ৷ গ্রন্থমেলাসমূহৰ জৰিয়তে গ্রন্থ বিক্রীৰ এক সুচল পৰিৱেশ সৃষ্টিয়েই পিছে গ্রন্থৰ প্রসাৰৰ বাবে যথেষ্ট নহয়, তাৰ বাবে প্রয়োজন অধিকসংখ্যক উৎকৃষ্ট গ্রন্থৰ সৃষ্টি৷ লেখকসকলে সার্থক সাহিত্য সৃষ্টিত আৰু সমান্তৰালভাৱে প্রকাশকসকলেও তেনেবোৰ গ্রন্থ প্রকাশত গুৰুত্ব দিলেহে এচাম সচেতন ৰসগ্রাহী পঢুৱৈৰ সৃষ্টি হ’ব আৰু গ্রন্থমেলাসমূহ অনুষ্ঠিত কৰাত ই সার্থকতা আনি দিব৷ অন্যথা অন্যান্য পণ্য সামগ্রী বিক্রীৰ বাবে আয়োজন কৰা বাণিজ্য মেলা আৰু গ্রন্থমেলাৰ মাজত বিশেষ একো পার্থক্যই নাথাকিব৷ এই গ্রন্থমেলাৰ বতৰতে বিশেষকৈ গুৱাহাটীত অনুষ্ঠিত ‘অসম গ্রন্থমেলা’ৰ সময়তে যিহেতু বছৰৰ শেষত এই গ্রন্থমেলাখন অনুষ্ঠিত হয়, পূর্ণতা পাব পৰাকৈ গ্রন্থৰ এটা স্থায়ী ডাটা বেছ তৈয়াৰ কৰিব পাৰে অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যুটীয়াভাৱে৷ বছৰটোৰ ভিতৰত প্রতিটো প্রকাশন প্রতিষ্ঠানে কি কি গ্রন্থ প্রকাশ কৰিলে আৰু বছৰটোত কোনখন গ্রন্থ কিমান বিক্রী হ’ল তাৰ তথ্য এনেদৰে একেটা ভাণ্ডাৰত মজুত কৰি ৰাখিব পাৰিলে, কেনেধৰণৰ গ্রন্থৰ চাহিদা কিমান তাৰ এটা লেখ পোৱা যাব পাৰে৷ এই ক্ষেত্রত প্রকাশকসকলক এই তথ্য নির্ভেজালকৈ প্রদান কৰাটো বাধ্যতামূলক কৰিব পাৰিব লাগিব৷ তাৰ বাবে প্রকাশক প্রতিষ্ঠানসমূহৰ সুকীয়া পঞ্জীয়নৰো ব্যৱস্থা কৰিব পাৰে৷ তদুপৰি ডাটা বেছটো আগ্রহী সকলোৱে অনায়াসে চাব পৰাকৈ ৰাজহুৱা কৰি ৰাখিব লাগে আৰু তাত সন্নিৱিষ্ট প্রতিখন গ্রন্থৰে বিষয়ে একোটাকৈ চমু টোকা ৰাখিব লাগে, তেতিয়াহে পঢুৱৈৰ বাবে গ্রন্থ বাছনিত সহয়ক হ’ব, নিজৰ নিজৰ ৰুচি অনুযায়ী গ্রন্থ চয়ন কৰিব পাৰিব৷ অৱশ্যে বিশেষকৈ নতুন প্রতিভাশালী লেখকসকলৰ গ্রন্থৰ মুকলি প্রচাৰৰ দায়িত্বও সমানেই প্রকাশকসকলে লোৱা উচিত, তেহে আগ্রহী সকলো পঢুৱৈয়ে কিতাপখনৰ বিষয়ে অৱগত হ’ব পাৰে৷ চিনেমাৰ যদি প্রমোচন কৰিব পৰা যায়, তেন্তে গ্রন্থৰ ক্ষেত্রত তাক কৰিব নোৱৰাৰ কোনো কাৰণ নিশ্চয় থাকিব নোৱাৰে৷ অৱশ্যে এই প্রচাৰ হোৱা উচিত ৰুচিসন্মত আৰু মনোজ্ঞ৷ এচাম ৰসগ্রাহী পঢুৱৈ সৃষ্টিত ই নিশ্চয় সহায়ক হ’ব পাৰে৷ পঢুৱৈ থাকিলেহে কিতাপ থাকিব৷ সেয়েহে গ্রন্থমেলাৰ বতৰতে এনেবোৰ চিন্তা লেখক, প্রকাশক, বিতৰক, বিক্রেতা আটায়ে আন্তৰিকতাৰে কৰা উচিত৷