‘আধ্যাত্মিক চিন্তা অবিহনে এখন সমাজ সুস্থিৰ নহয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰি ধৰিছিল। এই ধৰ্মৰ মূল বিষয় আছিল এক ঈশ্বৰবাদ। একমাত্ৰ কৃষ্ণ কথাৰে সমাজত আধ্যাত্মিক চিন্তাৰে সমাজখনত জ্ঞানৰ পোহৰ বিলাইছিল । ধৰ্ম প্ৰচাৰৰ মাধ্যম হিচাপে গুৰুজনাই কলা-সংস্কৃতিকে বাছি লৈছিল । যিটো নেকি আমি অন্য ধৰ্মত দেখা নাপাওঁ। এই সকলোবোৰ কলা-সংস্কৃতি একত্ৰিত কৰি পৃথিৱীত নোহোৱা-নোপজা এবিধ সংস্কৃতিৰ সৃষ্টি কৰিলে, সেয়াই হৈছে অংকীয়া ভাওনা।’- এই মন্তব্য মাজুলী চামগুৰি সত্ৰৰ ডেকাসত্ৰীয়া তথা আন্তঃৰাষ্ট্ৰীয় মুখাশিল্পী কৃষ্ণ গোস্বামীৰ।
হিন্দু সনাতনী সভ্যতা আৰু সংস্কৃতিৰ বিষয়সমূহৰ লগতে আধ্যাত্মিক আৰু সাংস্কৃতিক বিষয়বোৰ যুৱপ্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে গুৰুজনাৰ ৬০০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি সত্ৰ সাংস্কৃতিক সমাৰোহ সমিতি, নামঘৰ সাংস্কৃতিক সমাৰোহ সমিতি আৰু দিহানাম সন্মিলন সমিতি, অসমৰ উদ্যোগত আজি নলবাৰী জিলাৰ বৰভাগৰ বৰকুৰিহাস্থিত সৎসংগী দামোদৰী আলগা সত্ৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰথম আন্তঃৰাষ্ট্ৰীয় সত্ৰাধিকাৰ সমাৰোহত গোস্বামীয়ে এইদৰে কয়।
নলবাৰীৰ কটৰা সৎসংগী সত্ৰৰ সত্ৰাধিকাৰ অচ্যুত গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত তেওঁ আৰু কয় যে- ‘অংকীয়া ভাওনাৰ মাজতে আমি বিচাৰি পাওঁ গীত, নৃত্য, বাদ্য, অভিনয়, সাহিত্য, ৰস, মুখাশিল্প, ভাস্কৰ্য শিল্প, মূকাভিনয় আদি কলাসমূহ’। সমাৰোহত সত্ৰাধিকাৰ ফণীধৰ কলিতা, ভাস্কৰজ্যোতি গোস্বামী, বীৰেন কলিতা, নিখিল গোস্বামী, অৰূপ শইকীয়া, দেৱেন্দ্ৰ কলিতা, বিপুল বৰুৱা, সনাতন দাস, অনিল চৌধুৰী, দীপক বৰুৱা, প্ৰফুল্ল ভূঞা, অজিত মেধি, ভাবিত কলিতা, নিশিপদ দাস, ৰাজেশ্বৰ দাস, গোলাঘাট সত্ৰৰ প্ৰদীপ গোস্বামী, কমল গোস্বামী, অৰূপ মহন্ত, মৌচম মহন্ত, ৰহা মহাবিদ্যালয়ৰ অধ্যাপক জয়নাথ কলিতা, অধিবক্তা বৰ্ণালী মহন্ত, অধ্যাপিকা মালৱিকা ৰায়মেধিৰ লগতে বিভিন্নজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি সনাতনী সভ্যতা-সংস্কৃতিৰ ওপৰত বক্তব্য প্ৰদান কৰে।
সৎসংগী দামোদৰী আলগা সত্ৰ, বৰকুৰিহাৰ সত্ৰাধিকাৰ বিমল ৰায়মেধিয়ে আঁত ধৰা সমাৰোহত ৰাজ্যখনৰ বিভিন্ন সত্ৰৰ ১৪গৰাকীক সত্ৰ সাংস্কৃতিক সত্ৰাধিকাৰ আধ্যাত্মিক, ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয় । অনুষ্ঠানত সত্ৰাধিকাৰ ভাস্কৰজ্যোতি গোস্বামীৰ গীতা পাঠ, শিশুশিল্পী জ্যোতিৰূপা দত্তচৌধুৰীৰ সত্ৰীয়া নৃত্যই সকলোকে মুগ্ধ কৰে । ইয়াৰ পূৰ্বে সমাৰোহৰ লগত সংগতি ৰাখি সত্ৰ সাংস্কৃতিক সমাৰোহ সমিতি, নামঘৰ সাংস্কৃতিক সমাৰোহ সমিতি আৰু দিহানাম সন্মিলন সমিতি, অসমৰ স্থায়ী ৰাজ্যিক কাৰ্যালয় ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিজেপিৰ পশ্চিম বৰভাগ আদাবাৰী মণ্ডলৰ সভাপতি হেমেন ডেকাই । অনুষ্ঠানত নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ গীতুমণি বৈশ্যও উপস্থিত থাকে ।