শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ ৭৩ সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে আজি পবিত্ৰ লাইখুঁটা স্থাপন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আগন্তুক ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে গোলাঘাট জিলাৰ মেৰাপানীৰ নাৰায়ণপুৰ দৈয়াং আঞ্চলিক শাখাৰ নামঘৰৰ সমীপত গান্ধীৰাম লইং সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ ৭৩ সংখ্যক অধিৱেশন অনুষ্ঠিত হ’ব। তদুপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা সমিতিৰ বিষয়ববীয়া আৰু জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতি, শাখা সমিতিৰ পাঁচ শতাধিক ভক্তিপ্ৰাণ লোকৰ উপস্থিতিত অধিৱেশনৰ লাইখুঁটা স্থাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গোলাঘাট জিলা শাখা সমিতিৰ সভাপতি গোলাপ শইকীয়াই।
লাইখুঁটা স্থাপন কাৰ্যসূচীৰ পাছতে দৈয়াং আঞ্চলিক শাখা নামঘৰ প্ৰাংগণত অনুষ্ঠানটোৰ মুকলি সভা অনুষ্ঠিত হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখা সমিতিৰ সম্পাদক পবিত্ৰ নাথে উদ্বোধন কৰা মুকলি সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে সংঘৰ শংকৰী সংস্কৃতি গৱেষণা পৰিষদৰ সভাপতি পবিত্ৰ প্ৰাণ বৰা আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপ-পদাধিকাৰ চন্দ্ৰ হাজৰিকা। সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখা উপ-সভাপতি কামিনী কুমাৰ দত্ত, আদৰণী সমিতিৰ সভাপতি বৰুণবিভুৰ শইকীয়া, কাৰ্যকৰী সভাপতি পোনা বৰা, গোলাঘাট জিলা শাখা সমিতিৰ বিষয়ববীয়াসকল, বিভিন্ন আঞ্চলিক সমিতি আৰু শাখা সমিতিসমূহৰ সভাপতি, সম্পাদককে ধৰি পাঁচ শতাধিক ভক্তিপ্ৰাণ ৰাইজ।
উল্লেখযোগ্য যে আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি পোনা বৰাই ৭৩ সংখ্যক বাৰ্ষিক অধিৱেশনখনিত সমূহ ভকত-বৈষ্ণৱসহিতে সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা আৰু দিহা-পৰামৰ্শ কামনা কৰাৰ লগতে মেৰাপানীৰ নাৰায়ণপুৰ দৈয়াং আঞ্চলিক শাখাৰ ৰাইজে গান্ধীৰাম লইং সমন্বয় ক্ষেত্ৰৰ আগন্তুক অধিৱেশনত গোলাঘাট জিলাৰ শ শ ভকত-বৈষ্ণৱক আদৰণি জনাবলৈ সাজু হৈ উঠিছে বুলি জানিব পৰা গৈছে।