শুৱালকুছিৰ প্ৰৱেশদ্বাৰ বন্ধ কৰিলে আৰক্ষী-প্ৰশাসনে
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ লকডাউন অব্যাহত থকা সত্ত্বেও শুৱালকুছিৰ প্ৰৱেশ দ্বাৰেৰে একাংশ লোকে বিভিন্ন অজুহাত দেখুৱাই অনাহকত প্ৰৱেশ কৰি ঘূৰি ফুৰি থকা কাৰ্যই অঞ্চলটোৰ ৰাইজক চিন্তিত কৰি তুলিছে ।
ঘৰে ঘৰে পাচলি যোগানৰ নামত কিছুসংখ্যক অচিনাকি লোকে পাচলি ৰ গাড়ীসহ প্ৰৱেশ কৰি নিৰ্দিষ্ট দূৰত্ব বজাই নৰখাকৈ পাচলি বিক্ৰী কৰা কাৰ্যয়ো সচেতন মহলক স্তম্ভিত কৰি তুলিছে ।
এই সকলোবোৰ বিষয় আলোচনা চলি থকাৰ মাজতে কালি কামৰূপ ৰ উপায়ুক্ত কমল কুমাৰ বৈশ্য আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত শুৱালকুছিৰ প্ৰধান প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হয় ।