ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে ঢকুৱাখনাবাসীৰ বাবে ভাল খবৰ। কিয়নো উন্নয়ন আৰু বিকাশৰ বতৰা লৈ নৱবৰ্ষৰ প্ৰথম সপ্তাহতেই অৰ্থাৎ ৭ জানুৱাৰীত কেইবাটাও উন্নয়নমূলক কাৰ্যসূচী হাতত লৈ ঢকুৱাখনা সমষ্টিত উপস্থিত হ’ব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। কাইলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ঢকুৱাখনা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ আৰ্থিক অনুদান বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে প্ৰায় ২৯০ কোটি টকাৰ কেইবাটাও অভিলাষী প্ৰকল্পৰ শিলান্যাস কৰিব।
মুখ্যমন্ত্রীৰ এই আগমনক লৈ ঢকুৱাখনাত ব্যস্ততা বাঢ়িছে দলীয় কৰ্মী তথা সমজিলা প্ৰশাসনৰ।সোমবাৰে বিয়লি মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে স্থানীয় বিধায়ক নৱ কুমাৰ দলেই সমজিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ বিষয়াবৰ্গৰ লগত ঘিলামৰাৰ মুখ্যমন্ত্ৰীৰ সভাৰ স্থান পৰিদৰ্শন কৰাৰ লগতে সভাৰ প্ৰস্তুতিৰ বুজ লয়। বুধবাৰে প্ৰথমে ঢকুৱাখনা সমজিলাৰ ঘিলামৰাত উপস্থিত হ’ব অসমৰ মুখ্যমন্ত্রীগৰাকী। দুপৰীয়া ১২.৩০ বজাত ঢকুৱাখনা সমজিলা প্ৰশাসনে ঘিলামৰা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ খেলপথাৰত আয়োজন কৰা ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি’ৰ চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰি প্ৰায় ৩৬ হাজাৰ মহিলা হিতাধিকাৰীৰ মাজত আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰিব।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিয়লি ২.৩০ বজাত মাতমৰাত উপস্থিত হৈ এছিয়ান ডেভেলপমেন্ট বেংকৰ প্রায় ১৫০ কোটি টকাৰ সাহায্যৰে ৰূপায়ণ কৰিব লগা ব্ৰহ্মপুত্ৰ মথাউৰিৰ বান-খহনীয়া প্ৰতিৰোধ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। উক্ত আধাৰশিলা স্থাপনথলীৰ পৰাই মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আন তিনিটা গুৰুত্বপূৰ্ণ প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় ৭৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ১০০খন বিছনাযুক্ত ঢকুৱাখনা অসামৰিক চিকিৎসালয়ক ২০০খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণৰ লগতে চিকিৎসক নিবাস নির্মাণ, ১২ কোটি ৬৮ লাখ টকাৰে উত্তৰ অসমৰ প্ৰধান বৈষ্ণৱপীঠ বাসুদেৱ থান নৰোৱা সত্ৰৰ উন্নয়ন (পর্যায়-১) আৰু ৪০ কোটি টকা ব্যয়েৰে ঐতিহ্যমণ্ডিত ফাটবিহু ক্ষেত্র উন্নয়ন প্রকল্পৰ ভূমিপূজনো বৈদ্যুতিন-দূৰসংযোগ ব্যৱস্থাপনাৰে একত্রে সমাপন কৰিব। তাৰ সমান্তৰালকৈ ঢকুৱাখনা নগৰৰ মাজমজিয়াত নিৰ্মাণ কৰা ঢকুৱাখনা জিলা বিজেপি কাৰ্যলয়ৰ গৃহ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে।
এই সন্দৰ্ভত স্থানীয় বিধায়ক নৱ কুমাৰ দলেই কয় যে ২০২৬ চনৰ ৭ তাৰিখটো ঢকুৱাখনা সমষ্টিৰ বাবে উল্লেখযোগ্য দিন হিচাপে পৰিগণিত হ’ব। ঢকুৱাখনাবাসীৰ সুৰক্ষিত ভৱিষ্যত আৰু উন্নয়নমুখী যাত্ৰাৰ প্ৰতি অতিশয় সংবেদনশীল অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ আগমনে সমষ্টিবাসীৰ প্রত্যাশাক নতুন মাত্ৰা প্ৰদান কৰিব।
ইফালে, মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিহাসপ্ৰসিদ্ধ ঢকুৱাখনাৰ হাৰ্হি দেৱালয়ো পৰিদৰ্শন কৰিব বুলি জানিব পৰা গৈছে।
নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৬ জানুৱাৰী :