নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাদুৰোৰ গ্ৰেপ্তাৰক আদৰণি শান্তিৰ ন’বেলজয়ী মাচাডোৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে তেওঁৰ শেষ কথা-বতৰা হৈছিল ২০২৫ চনৰ অক্টোবৰ মাহত, আৰু তাৰ পিছৰ পৰা তেওঁলোকৰ মাজত কোনো যোগাযোগ নাই

আমেৰিকাই ৩ জানুৱাৰীত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক নিজ প্ৰাসাদৰ পৰা বন্দী কৰি নি গ্ৰেপ্তাৰ কৰে। এতিয়া আমেৰিকাৰ কাৰাগাৰৰ বন্দী মাদুৰো। ইয়াৰ পাছতেই দেশখনৰ বিৰোধী নেত্ৰী মাৰিয়া কোৰিনা মাচাডোৱে এই বিষয়ত খোলাখুলিভাৱে নিজৰ মত প্ৰকাশ কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে তেওঁৰ শেষ কথা-বতৰা হৈছিল ২০২৫ চনৰ অক্টোবৰ মাহত, আৰু তাৰ পিছৰ পৰা তেওঁলোকৰ মাজত কোনো যোগাযোগ নাই।

আক্ৰমণৰ সময়ত মাচাডো ক’ত আছিল?

এক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত কোৰিনা মাচাডোৱে জনায় যে ২০২৫ চনৰ ১০ অক্টোবৰত শান্তিৰ নোবেল পুৰস্কাৰ ঘোষণা হৈছিল আৰু সেই দিনাই তেওঁ ট্ৰাম্পৰ সৈতে শেষবাৰৰ বাবে কথা পাতিছিল। উল্লেখ্য যে মাচাডোক এতিয়া ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ আটাইতকৈ বিশ্বাসযোগ্য প্ৰতিদ্বন্দ্বী হিচাপে ধৰা হয়। তেওঁ যোৱা মাহত নোবেল পুৰস্কাৰ গ্ৰহণ কৰিবলৈ নৰৱে গৈছিল আৰু তেতিয়াৰ পৰা এতিয়ালৈকে তেওঁ দেশলৈ ঘূৰি অহা নাই। ভেনিজুৱেলালৈ উভতি যোৱাৰ বিষয়ে সোধা হ’লে তেওঁ কয়, “মই যিমান সোনকালে পাৰোঁ ঘৰলৈ উভতি যোৱাৰ পৰিকল্পনা কৰি আছোঁ।”

আমেৰিকাক আদৰণি মাচাডোৰ

মাদুৰোৰ বিৰুদ্ধে আমেৰিকাৰ কাৰ্য্যক আদৰণি জনাই মাচাডোৱে ইয়াক মানৱতা, স্বাধীনতা আৰু মানৱীয় মৰ্যাদাৰ বাবে এটা ডাঙৰ পদক্ষেপ বুলি অভিহিত কৰে। ভেনিজুৱেলাৰ উপ-ৰাষ্ট্ৰপতি ডেলছি ৰ’ড্ৰিগেজে সোমবাৰে (৫ জানুৱাৰী ২০২৬) অন্তৰ্ৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে।

আদালতত নিৰ্দোষী ঘোষণা মাদুৰোৰ

নিকোলাছ মাদুৰোৰ পুত্ৰ নিকোলাছ মাদুৰো গুৱেৰাই পিতৃৰ গ্ৰেপ্তাৰৰ পাছত কয় যে ইতিহাসেই ক’ব কোন গাড্ডাৰ আছিল। তেওঁ শাসক দলৰ ভিতৰত সম্ভাৱ্য বিশ্বাসঘাতকতাৰ বিষয়ে সতৰ্ক কৰি দলটোক ঐক্যবদ্ধ হৈ থাকিবলৈ আহ্বান জনায়। মাদুৰো আৰু তেওঁৰ পত্নীয়ে সোমবাৰে ফেডাৰেল আদালতত ড্ৰাগছ সৰবৰাহসহ আন গুৰুত্বপূর্ণ অভিযোগসমূহত নিজকে নিৰ্দোষ বুলি দাবী কৰে। ন্যায়াধীশৰ সন্মুখত তেওঁ কয় যে তেওঁ এতিয়াও ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি।

ভেনিজুৱেলাৰ তেলৰ ওপৰত আমেৰিকাৰ দৃষ্টি

ভেনিজুৱেলাৰ ওচৰত বিশ্বৰ আটাইতকৈ ডাঙৰ তেল ভঁৰাল আছে— ৩০৩ বিলিয়ন বেৰেল, যি বিশ্বব্যাপী মুঠ ভঁৰালৰ প্ৰায় ২০ শতাংশ, আৰু ছৌদি আৰবতকৈও অধিক। কাৰাকাছত আমেৰিকাৰ বিশেষ বাহিনীৰ অভিযানৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে এতিয়া যুক্তৰাষ্ট্ৰই ভেনিজুৱেলাক চলাব, য’ত দেশখনৰ প্ৰচুৰ তেল সম্পদো অন্তৰ্ভুক্ত থাকিব। ট্ৰাম্পে লগতে কয় যে আমেৰিকান কোম্পানীসমূহে ভেনিজুৱেলাৰ জীৰ্ণ তেল অৱকাঠামো উন্নয়নৰ বাবে বিলিয়ন ডলাৰৰ বিনিয়োগ কৰিবলৈ সাজু আছে।

ডিজিটেল ডেস্ক, ৬ জানুৱাৰী

লগতে এইটোও পঢ়ক — মুখ্যমন্ত্ৰী-ৰ নিযুত বাবু আঁচনিৰ ধন কোনে লাভ কৰিব, চাওক সকলো 

You might also like