বিশ্বযুদ্ধৰ আশংকা
বহুমাহ ধৰি চলি থকা সংঘাত–উত্তেজনা পর্যবসিত হ’ল আক্রমণলৈ৷ অলপতে আমেৰিকাই ভেনিজুৱেলাত ভয়ংকৰ আক্রমণ চলায়৷ পুৱতিনিশা আমেৰিকাই এয়াৰ ষ্ট্রাইকেৰে ভেনিজুৱেলাৰ ওপৰত আক্রমণ চলায়৷ দেশখনৰ কাৰাকাছকে ধৰি বহুকেহটা স্থানত আকাশমার্গেৰে বোমা নিক্ষেপ কৰে৷ সেই সময়তে ভেনিজুৱেলাত তীব্র আতংকৰ সৃষ্টি হয় আৰু সেই সময়খিনিতে আমেৰিকাৰ স্পেচিয়েল ফ’র্চে ৰাষ্ট্রপতি নিকোলাছ মাদুৰোকে ধৰি পত্নীক বন্দী কৰি লৈ যায় ৷ প্রথম অৱস্থাত এই আক্রমণৰ বাবে কোন দেশ দায়ী সেই কথা স্পষ্ট হোৱা নাছিল যদিও পিছলৈ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্ৰাম্পে সামাজিক মাধ্যমত এটা প’ষ্ট দিয়ে৷ য’ত তেওঁ লিখিছিল– ‘ভেনিজুৱেলা আৰু দেশখনৰ নেতা ৰাষ্ট্রপতি নিকোলাছৰ বিৰুদ্ধে আমেৰিকাই চলোৱা অভিযান সফল হৈছে৷’ ইয়াৰ পিছতেই ভেনিজুৱেলা চৰকাৰে সশস্ত্র বাহিনী মোতায়েন কৰি সমগ্র দেশখনতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰে৷ দুয়োখন দেশৰ মাজতেই উত্তেজনা বৃদ্ধি পাইছে৷ আমেৰিকাই ভেনিজুৱেলাৰ ৰাষ্ট্রপতিগৰাকীয়ে ব্যক্তিগতভাৱে ড্রাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ লগতে অবৈধভাৱে ক্ষমতা দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে৷ আমেৰিকাৰ এটর্নী জেনেৰেল পেম বণ্ডীয়ে কয়– নিউয়র্কৰ দক্ষিণ জিলাত মাদুৰো আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে বহুকেইটা অভিযোগ আছে সেইবোৰৰ ভিতৰৰ এটা হ’ল কোকেইন আমদানি৷ এনেধৰণৰ বহু অভিযোগ উত্থাপন কৰিছে আমেৰিকাই৷ ভেনিজুৱেলায়ো আমেৰিকাই আন্তঃৰাষ্ট্রীয় শান্তি আৰু স্থিতিশীলতাৰ প্রতি ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন কৰে৷ আমেৰিকাৰ আক্রমণৰ লক্ষ্য হৈছে–ভেনিজুৱেলাৰ কৌশলগত সম্পদ বিশেষকৈ তেল আৰু খনিজ পদার্থ জব্দ কৰা আৰু ভেনিজুৱেলাৰ ৰাজনৈতিক স্বাধীনতা বলপূর্বকভাৱে ভাঙি পেলোৱা ৷ আমেৰিকাই দেশখনত আক্রমণ কৰাৰ পিছতেই দুয়োখন দেশৰ মাজত বাক্–বিতণ্ডা চলি আছে৷ আমেৰিকাৰ এই আক্রমণত ভেনিজুৱেলাৰ সৈতে দীর্ঘদিনীয়া সু-সম্পর্ক থকা দেশসমূহে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷ ৰাছিয়াই আমেৰিকাৰ এই কার্যক গভীৰভাৱে চিন্তনীয় আৰু নিন্দনীয় বুলি কয়৷ ইৰানৰ বৈদেশিক মন্ত্রালয়ে এই আক্রমণক দেশখনৰ ৰাষ্ট্রীয় সার্বভৌমত্বৰ স্পষ্ট উলংঘা বুলি অভিহিত কৰে৷
কলম্বিয়াৰ ৰাষ্ট্রপতিয়ে এই আক্রমণক লেটিন আমেৰিকাৰ সার্বভৌমত্বৰ ওপৰত আক্রমণ বুলি মত প্রকাশ কৰিছে৷ কিউবাৰ ৰাষ্ট্রপতিয়ে এই আক্রমণক ‘অপৰাধমূলক আক্রমণ’ বুলি অভিহিত কৰে৷ চীনে আমেৰিকাৰ এনে আধিপত্যই আন্তঃৰাষ্ট্রীয় আইন, ভেনিজুৱেলাৰ সার্বভৌমত্ব, লেটিন আমেৰিকা আৰু কেৰিবিয়ানৰ নিৰাপত্তা উলংঘা কৰা বুলি মত প্রকাশ কৰে৷ চীনে দাবী জনাইছে যে আমেৰিকাই যাতে আন্তঃৰাষ্ট্রীয় আইন আৰু ৰাষ্ট্রসংঘৰ চনদ মানি চলে৷ আমেৰিকাই এখন দেশৰ সার্বভৌমত্ব আৰু নিৰাপত্তা উলংঘা কৰা বন্ধ কৰিবলৈ দাবী জনায়৷ এই সকলোবোৰ মত, দুয়োখন দেশে আগবঢ়োৱা অভিযোগ–প্রতিঅভিযোগৰ পিছতো এটা কথা মন কৰিবলগীয়া যে ভেনিজুৱেলা হৈছে বিশ্বৰ বৃহত্তম খাৰুৱা তেল উৎপাদনকাৰী দেশ৷ যিখন দেশত প্রায় ৩০০ বিলিয়ন বেৰেল তেল মজুত আছে৷ যাৰ বাবে চিকাগো আৰু ৱাশ্বিংটন ডিচিৰ ৰাজপথত আমেৰিকাৰ সামৰিক অভিযানৰ বিৰুদ্ধে প্রতিবাদ কৰা বহু লোকে তেল সম্পর্কীয় শ্ল’গান দিছে৷ প্রতিবাদকাৰীয়ে কৈছিল– আমি তেলৰ বিনিময়ত তেজ নিবিচাৰোঁ৷ প্রকৃততে ভেনিজুৱেলাত ট্ৰাম্পৰ অভিযানত আমেৰিকানসকলে অনুমোদন জনোৱা নাছিল৷ যাৰ বাবে বহু আমেৰিকান নাগৰিকো ক্ষুব্ধ হৈ পৰিছে৷ পৃথিৱীৰ এই যুদ্ধবোৰৰ কাৰণ বহু থাকিলেও মূল কাৰণ হৈছে– সাম্রাজ্যবাদী মনোভাব৷ সেয়ে আমেৰিকাই ভাবে আমি সমগ্র বিশ্বক নিয়ন্ত্রণ কৰিম৷ যাৰ বাবে ২০২৬ৰ প্রথমতেই ভেনিজুৱেলাৰ ওপৰত আমেৰিকাই আক্রমণ চলায় যাতে ভেনিজুৱেলাৰ সম্পদসমূহক নিজৰ অধীনলৈ আনিব পাৰে৷ এই যুদ্ধই সমস্যাবোৰ বৃদ্ধি কৰে নে সমাধান কৰে সময়ে ক’ব৷ কিন্তু যুদ্ধই বহুতৰ জীৱন অন্ধকাৰময় কৰি তোলে, দেশ এখনক বহু বছৰ পিছুৱাই লৈ যায়৷ বিগত বর্ষসমূহত চলি থকা ৰাছিয়া–ইউক্রেইনৰ যুদ্ধৰ ফলত প্রায় ১৪ হাজাৰতকৈ অধিক নাগৰিকৰ মৃত্যু হৈছিল বুলি ৰাষ্ট্রসংঘই কৈছিল৷ ২০২৩ চনত হামাছে ইজৰাহলক আক্রমণ কৰি ১২০০জন লোকক হত্যা কৰে৷ ইয়াৰ পিছতে ইজৰাইলৰ সামৰিক কার্যত প্রায় ৭০ হাজাৰতকৈ অধিক পেলেষ্টাইনী নিহত হয়৷ যাৰ ভিতৰত ৩০ হাজাৰ শিশু আৰু মহিলা আছিল৷ চুডানত সামৰিক–অর্ধসামৰিক বাহিনীৰ মাজত চলিলে নৃশংস গৃহযুদ্ধ ৷ বিগত কিছু বছৰত যুদ্ধৰ ফলত ১ লাখ ৫০ হাজাৰৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ১ কোটি ২০ লাখ লোক গৃহহাৰা হৈছে৷ মধ্যপ্রাচ্যৰ ভয়ংকৰ মানৱীয় সংকটৰ পিছতেই এছিয়াৰ দেশসমূহৰ মাজতো যেন এখন শীতল যুদ্ধ চলি আছে৷ ভাৰত–পাকিস্তানৰ আক্রমণ–প্রতিআক্রমণৰ পিছতেই আফগানিস্তান–পাকিস্তানৰ মাজতো চলিছে শীতল যুদ্ধ ৷ বাংলাদেশৰ সৈতেও ভাৰতৰ সম্পর্ক পূর্বতকৈ অধিক জটিল হৈ পৰিছে৷ চীনেও টাইৱান দখলৰ বাবে মাজে সময়ে ভাবুকি প্রদান কৰে৷ এনে সময়খিনিত বহুতৰে মনত প্রশ্ণ উদয় হৈছে – হ’ব নেকি বিশ্বযুদ্ধ ৷ যদি হয় এই যুদ্ধ হ’ব– প্রত্যক্ষ পাৰমাণৱিক যুদ্ধ৷ যি যুদ্ধই পৃথিৱীৰ ভৱিষ্যৎ অন্ধকাৰময় কৰি তুলিব৷ যি কামনা পৃথিৱীৰ কোনো লোকেই নকৰে৷