নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজপথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল কণ্টেইনাৰ, আহত চালক-হেণ্ডিমেন

লগতে সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় হেণ্ডিমেনজনো। আহত চালকজন বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে

কালি নিশা চাপৰৰ খেৰডুবিত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা। চাপৰৰ খেৰডুবিস্হিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে এখন ২২ চকীয়া মালবাহী কন্টেনাৰ। কাৰ্বন (পুৰা কয়লাভৰ্তি) কন্টেনাৰখন বৰ্নিহাটৰ পৰা জয়গাঁও অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয়।

ইফালে দুৰ্ঘটনাত আহত হয় কন্টেনাৰখনৰ চালক। লগতে সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় হেণ্ডিমেনজনো। আহত চালকজন বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে।

উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰক্ষী কৰিছ।

ডিজিটেল ডেস্ক, ৮ জানুৱাৰী

You might also like