নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দমনীয় প্ৰদৰ্শনেৰে ইংৰাজ বাহিনীক ধৰাশায়ী কৰি এছেজ দখল কেংগাৰু বাহিনীৰ

ছিডনী ক্রিকেট গ্ৰাউণ্ড (SCG)ত অনুষ্ঠিত পঞ্চম আৰু অন্তিম এছেজ টেষ্টত অষ্ট্ৰেলিয়াই ইংলেণ্ডক ৫ উইকেটত পৰাস্ত কৰি ৪-১ ব্যৱধানত শৃংখলাটো দখল  কৰিলে। ঘৰুৱা মাটিত খেলি কেংগাৰু দলটোৱে সম্পূৰ্ণ শৃংখলাজুৰি আধিপত্য বজাই ৰাখে আৰু অন্তিম মেচখনত ১৬০ ৰানৰ লক্ষ্য সহজেই অর্জন কৰি এছেজ ট্ৰফীৰ ওপৰত নিজৰ দখল অটুট ৰাখে।

মেচখনৰ আৰম্ভণিতে ইংলেণ্ডে টছ জিকি প্ৰথমে বেটিং কৰাৰ সাহসী সিদ্ধান্ত লয়। জ’ ৰুটৰ দুর্দান্ত ১৬০ ৰান আৰু হেৰী ব্ৰুকৰ ৮৪ ৰানৰ সহায়ত ইংলেণ্ডে প্ৰথম ইনিংছত ৩৮৪ ৰানৰ শক্তিশালী স্ক’ৰ গঢ়ে। জেমি স্মিথ (৪৬) আৰু উইল জেক্‌ছ (২৭)য়ো শেষৰ ফালে উপযোগী অৱদান আগবঢ়ায়।

প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়ান বেটছমেনসকলে পিটচৰ সম্পূৰ্ণ সুবিধা লৈ ইংলেণ্ডৰ বলাৰসকলক দমন কৰে। অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৫৬৭ ৰানৰ বিশাল স্ক’ৰ গঢ়ি ১৮৩ ৰানৰ গুৰুত্বপূৰ্ণ লীড লাভ কৰে। এই ইনিংছৰ দুজন নায়ক আছিল— ট্ৰেভিছ হেড, যিয়ে বিস্ফোৰক ১৬৩ ৰানৰ ইনিংছ খেলিছিল, আৰু অধিনায়ক ষ্টিভ স্মিথে যুঁজাৰু ১৩৮ ৰান কৰি দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়।

১৮৩ ৰানত পিছ পৰি দ্বিতীয় ইনিংছত নামি ইংলেণ্ড দলটো চাপৰ সন্মুখীন হয়। যুৱ তাৰকা জেকব বেথেলে অকলে সংগ্ৰাম কৰি স্মৰণীয় ১৫৪ ৰানৰ ইনিংছ খেলিলে, যাৰ সহায়ত ইংলেণ্ডে দ্বিতীয় ইনিংছত ৩৪২ ৰান কৰিবলৈ সক্ষম হয়। তথাপি, বেথেলৰ এই শ্ৰেষ্ঠ শতকৰ পাছতো ইংলেণ্ডে অষ্ট্ৰেলিয়াক কেৱল ১৬০ ৰানৰ লক্ষ্যহে দিব পাৰিলে।

পঞ্চম দিনা লক্ষ্য অনুসৰণ কৰিবলৈ নামি অষ্ট্ৰেলিয়াই সংযত আৰম্ভণি কৰে। মাজতে ৫ উইকেট হেৰুৱালেও লক্ষ্য সৰু হোৱাত জয় অৰ্জনত বিশেষ অসুবিধা নহ’ল।

এই জয়ৰ সৈতে অষ্ট্ৰেলিয়াই ৫খনীয়া শৃংখলাটো ৪-১ ব্যৱধানত সমাপ্ত কৰে। সম্পূৰ্ণ শৃংখলাজুৰি অষ্ট্ৰেলিয়াৰ বলিং আৰু মধ্যক্ৰমৰ বেটিং ইংলেণ্ডৰ ওপৰত প্ৰভাৱশালী আছিল। ইংলেণ্ডে কেৱল এখন মেচত জয় লাভ কৰিবলৈ সক্ষম হয়, আন চাৰিখন মেচত পৰাজয়ৰ মুখ দেখিবলগীয়া হয়। ইয়াৰ সৈতে এক দৰ্শনীয় এছেজ ছিজনৰ সফল সমাপ্তি ঘটিল, য’ত দৰ্শকসকলে যথেষ্ট ৰোমাঞ্চকৰ আৰু উপভোগ্য মেচ উপভোগ কৰিলে।

ডিজিটেল ডেস্ক, ৮ জানুৱাৰী

You might also like