দিল্লীত ৭জন চিকিৎসক ক’ৰোনাত আক্ৰান্ত
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ চিকিৎসা কৰা চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। ইতিমধ্যে ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে সাতগৰাকীকৈ চিকিৎসক। এগৰাকী চিকিৎসকে সংবাদমাধ্যমৰ আগত আক্ষেপ কৰি কৈছে যে ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰোগীসকলৰ সমুখ শৰীৰত থাকি চিকিৎসা কৰি থকা সত্বেও সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লাভ কৰা নাই। চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে বুলি চিকিৎসকগৰাকীয়ে উল্লেখ কৰিছে। স্মৰ্তব্য যে ছফডৰজং হাস্পতালত শেহতীয়াকৈ দুজন আৱাসী চিকিৎসক ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে।