নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ সংহাৰক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাঃ স্পেইনতো মৃত্যুৰ কিৰীলি

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ বিশ্বব্যাপী মাৰাত্মক ক’ভিড-১৯ ৰ সংহাৰ অব্যাহত আছে । তিনি মাহৰ ভিতৰতে বিশ্বৰ ২০৩ খন দেশলৈ সংক্ৰমণ সম্প্ৰসাৰিত হৈ স্তব্ধ কি তুলিছে বিশ্বৰ জনজীৱন । বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিড-১৯ ৰ সংক্ৰমণক লৈ উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে এই ঘাতক ভাইৰাছটোত আক্ৰান্তৰ সংখ্যা শীঘ্ৰেই ১০ লাখ স্পৰ্শ কৰিব বুলি প্ৰকাশ কৰিছে । তেনেদৰে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰিব বুলিও বিশ্ব স্বাস্থ্য সংস্থাই বিবৃতিত প্ৰকাশ কৰিছে । বিশ্বৰ সৰ্বাধিক আক্ৰান্ত দেশ আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতি মিনিটে মিনিটে ঘাতক ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আহিছে । ২ লাখতকৈ অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে দেশখনত মৃতকৰ সংখ্যা ৫ হাজাৰ অতিক্ৰম কৰিছে ।

ইপিনে, মৃতকৰ সংখ্যাৰে শীৰ্ষত থকা ইটালীৰ পাচত স্পেইনতো মৃতকৰ সংখ্যা ১০ হাজাৰ অতিক্ৰম কৰিছে । লক্ষাধিক আক্ৰান্ত ইটালীত ১৩ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে লক্ষাধিক লোক আক্ৰান্ত হোৱা স্পেইনত মৃতকৰ সংখ্যা ১০ হাজাৰৰো অধিক । বিগত ২৪ ঘণ্টাত স্পেইনত ৯৫০ জন লোকৰ প্ৰাণহানি ঘটাত মুঠ মৃতকৰ সংখ্যা ১০,০০৩ ল বৃদ্ধি পাইছে ।

জাৰ্মানী , ফ্ৰান্স, ইৰান , গ্ৰেট ব্ৰিটেইন, ছুইজাৰলেণ্ড, তুৰ্কী, বেলজিয়াম, নেডাৰলেণ্ডছ আদি দেশত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে মৃতকৰ সংখ্যাও বৃদ্ধি পাই আছে । উল্লেখ্য যে, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে কোৱাৰেণ্টাইনত থকাৰ পাচত স্বাস্থ্যমন্ত্ৰী ইয়াকুব লিট্জমেন আক্ৰান্ত হৈছে ক’ৰোনাত । স্বাস্থ্যমন্ত্ৰী ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ পাচতেই মোছাদ চীফ য়োচি কহেন আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মিৰ বেন শ্বাবতে স্বয়ং কোৱাৰেণ্টাইনলৈ গৈছে ।

You might also like