আজি WPL-2026ৰ ৰোমাঞ্চকৰ আৰম্ভণি, উদ্বোধনী অনুষ্ঠানত বলীউডৰ তাৰকাৰ চমক
মহিলা ক্ৰিকেটৰ অন্যতম বৃহৎ মঞ্চ ৱমেনছ প্ৰিমিয়াৰ লীগ (WPL) ২০২৬ৰ চতুৰ্থ ছিজনটো অতি জাকজমকপূৰ্ণভাৱে আৰম্ভ হ’বলৈ গৈছে। টুৰ্ণামেণ্ট আৰম্ভ হোৱাৰ আগতে ৯ জানুৱাৰীত এক ভৱ্য উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হ’ব, য’ত ক্ৰিকেটৰ লগতে বলিউডৰ ৰঙীন আমেজো উপভোগ কৰিব পাৰিব। এই বিশেষ দিনটোত ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত প্ৰথম মেচখন অনুষ্ঠিত হ’ব।
WPL ২০২৬ৰ উদ্বোধনী অনুষ্ঠান আজি নৱী মুম্বাইস্থিত ডি. ৱাই. পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। টুৰ্ণামেণ্টৰ প্ৰথম মেচখন সন্ধিয়া ৭:৩০ বজাত (IST) আৰম্ভ হ’ব, আনহাতে উদ্বোধনী অনুষ্ঠান আৰম্ভ হোৱাৰ সম্ভাৱনা প্ৰায় এক ঘণ্টা আগতে, অৰ্থাৎ সন্ধিয়া ৬:৩০ বজাত।
ভাৰতত অনুৰাগীসকলে এই ৰঙীন অনুষ্ঠান আৰু মেচখনৰ প্ৰত্যক্ষ প্ৰচাৰ ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত চাব পাৰিব। লগতে মোবাইল আৰু ডিজিটেল প্লেটফৰ্মত জিঅ’চিনেমা এপ আৰু ৱেবছাইটত লাইভ ষ্ট্ৰিমিং উপলব্ধ থাকিব।
এইবাৰ উদ্বোধনী অনুষ্ঠানটো বিশেষ কৰি তুলিবলৈ বিচিচিআইয়ে বহু নামী তাৰকাক আমন্ত্ৰণ জনাইছে। জনপ্ৰিয় গায়ক য়ো য়ো হানী সিঙে নিজৰ সুপৰিচিত গীতসমূহেৰে ষ্টেডিয়ামৰ পৰিৱেশ উষ্ণ কৰি তুলিব। তেওঁৰ লগতে বলীউড অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজে মনোমুগ্ধকৰ প্ৰদৰ্শন আগবঢ়াব। জানিব পৰা মতে, জেকলিনৰ নৃত্য প্ৰদৰ্শন মহিলা খেলুৱৈসকলৰ আত্মবিশ্বাস আৰু দৃঢ় সংকল্পক উৎসৰ্গিত হ’ব।
ইয়াৰ উপৰি মিছ ইউনিভাৰ্ছ ২০২১ হাৰনাজ সান্ধুৱেও এই অনুষ্ঠানত উপস্থিত থাকিব, যাৰ ফলত অনুষ্ঠানটোৰ আকৰ্ষণ আৰু অধিক বৃদ্ধি পাব।
WPL ২০২৬ত মুঠ পাঁচটা দলে অংশগ্ৰহণ কৰিব— মুম্বাই ইণ্ডিয়ানছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, দিল্লী কেপিটেলছ, গুজৰাট জায়েণ্টছ আৰু ইউপি ৱাৰিয়ৰ্ছ। এইবাৰ টুৰ্ণামেণ্টখনত মুঠ ২২খন মেচ অনুষ্ঠিত হ’ব।
এই ছিজনৰ মেচসমূহ দুখন চহৰত অনুষ্ঠিত হ’ব। আৰম্ভণিৰ মেচসমূহ নৱী মুম্বাইত খেলোৱা হ’ব, আনহাতে লীগৰ গুৰুত্বপূৰ্ণ মেচ, প্লে-অফ আৰু ফাইনেল বডোদৰাৰ কোটাম্বী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। WPL ২০২৬ৰ ফাইনেল মেচখন ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব।
প্ৰত্যেকটো ছিজনৰ সৈতে WPLৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে। নতুন অধিনায়ক, আন্তঃৰাষ্ট্ৰীয় তাৰকা খেলুৱৈ আৰু যুৱ ভাৰতীয় প্ৰতিভাৰ জোৰত এইবাৰো টুৰ্ণামেণ্টখনৰ পৰা ব্যাপক ৰোমাঞ্চৰ আশা কৰা হৈছে।
ডিজিটেল ডেস্ক, ৯ জানুৱাৰী