আজিৰে পৰা হালাকুৰা উচ্চতৰ মাধ্যমিকৰ মহাৰজত জয়ন্তী
আজিৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ আগশাৰীৰ শিক্ষানুষ্ঠান হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী অনুষ্ঠান। কাৰ্যসূচী অনুসৰি, আজি পুৱা মহাৰজত জয়ন্তীৰ মুখ্য তোৰণ উদ্বোধনেৰে প্ৰথম দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ ঘটে।
অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীয়ে আনুষ্ঠানিক ভাবে তোৰণ উদ্বোধনৰ পিছত মহাৰজত জয়ন্তীৰ মুখ্য পতাকা উত্তোলন কৰে মহাবজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা গোলকগঞ্জৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰে।
ইয়াৰ পিছত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য ৰঘুৰঞ্জন বেপাৰী আৰু হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চবৰ্গৰ সহায়ক বীৰেন্দ্ৰ নাথ মণ্ডলৰ বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণেৰে শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ ঘটে।
ইয়াৰ পিছত মহাৰজত জয়ন্তীৰ সৈতে সংগতি ৰাখি স্থানীয় মান্যগণ্য ব্যক্তিৰে ৭৪খন পতাকা উত্তোলন কাৰ্যসূচীৰ সম্পন্ন কৰা হয়। পিছত গ্ৰন্থমেলা উদ্বোধন কৰে ড° দ্বিজেন্দ্ৰ নাথ ভকতে।
ইয়াৰ পিছত বিদ্যালয় পৰিচালন আৰু উন্নয়ন সমিতিৰ সভাপতি উপেন্দ্ৰ ভকতে আনুষ্ঠানিক ভাবে স্মাৰক উন্মোচন কৰে। ইয়াৰ পিছত, হালাকুৰা উচ্চতৰ বিদ্যালয়ৰ ভূমি দাতাৰ প্ৰতিমূর্তি উন্মোচন কৰিব প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰে।
লঘু আহাৰৰ পিছত উলিওৱা বৰ্ণাঢ্য এক শোভাযাত্ৰাৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে বিদ্যালয়খনৰ অধ্যক্ষ দীনেশ চন্দ্ৰ ৰায়। আজিৰ প্ৰথম দিনটোৰ কাৰ্যসূচী মতে বিনামূলীয়া স্বাস্থ্য শিবিৰ, চিত্ৰাঙ্কন আৰু নৃত্য প্ৰতিযোগিতা, বেলুন উৰুওৱা পৰ্ব আদি অনুষ্ঠিত হ’ব।
বিয়লি বন্তি প্ৰজ্বলন, আতচবাজী প্ৰদৰ্শন আদি কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পিছত সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’ব সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যক্ৰম। উল্লেখ্য যে, অহা ১১ জানুৱাৰীৰ তৃতীয় তথা অন্তিম দিনাৰ দুপৰীয়া মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডঃ ৰণোজ পেগু।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ৯ জানুৱাৰী