সাগৰৰ পিছত টাৰ্গেট স্থলপথ… মেক্সিকোত লেণ্ড ষ্ট্ৰাইকৰ লক্ষ্য আমেৰিকাৰ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মেক্সিকোক লৈ এক ডাঙৰ ঘোষণা কৰিছে। ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে এইবাৰ মেক্সিকোত স্থল আক্ৰমণ (লেণ্ড ষ্ট্ৰাইক) আৰম্ভ কৰা হ’ব বুলি প্ৰকাশ কৰিছে আমেৰিকাই। ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত এক পোষ্টৰ জৰিয়তে এই ঘোষণা কৰে।
পোষ্টটোত ট্ৰাম্পে লিখে, “আমি এতিয়া ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে মেক্সিকোত লেণ্ড ষ্ট্ৰাইক আৰম্ভ কৰিবলৈ ওলাইছো।” তেওঁ লগতে অভিযোগ তোলে যে মেক্সিকোত ড্ৰাগছ সৰবৰাহকাৰীয়ে দেশখন শাসন কৰিছে। “মেক্সিকোৰ অৱস্থা দেখি অতি দুখ লাগে। ড্ৰাগছ সৰবৰাহকাৰীয়ে দেশখন চলাই আছে আৰু তেওঁলোকে আমাৰ দেশত বছৰে প্ৰায় তিনি লাখ লোকক হত্যা কৰি আছে,” বুলি ট্ৰাম্পে দাবী কৰে।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে নিশা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত সাগৰীয় পথত আমেৰিকাই ডাঙৰ সফলতা লাভ কৰিছে। তেওঁৰ মতে, “আমি সাগৰৰ মাজেৰে অহা প্ৰায় ৯৭ শতাংশ ড্ৰাগছ বন্ধ কৰিবলৈ সক্ষম হৈছো। এতিয়া আমাৰ গুৰুত্ব স্থলপথৰ ওপৰত থাকিব।”
ট্ৰাম্পে স্পষ্ট কৰি কয় যে “আমি এতিয়া ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে লেণ্ড ষ্ট্ৰাইক আৰম্ভ কৰিবলৈ ওলাইছোঁ।” তেওঁ পুনৰ দাবী কৰে যে মেক্সিকো ড্ৰাগছ সৰবৰাহকীৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু সৰবৰাহকাৰীয়ে দেশখন চলাই আছে। “এইটো বৰ দুখৰ কথা। সেই দেশখনৰ লগত কি হৈছে?” বুলি প্ৰশ্ন তোলে ট্ৰাম্পে।
ট্ৰাম্পৰ এই মন্তব্য আৰু ঘোষণাই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নতুন আলোড়ন সৃষ্টি কৰিছে। মেক্সিকো আৰু আমেৰিকাৰ সম্পৰ্কত ইয়াৰ কি প্ৰভাৱ পৰিব, সেয়া এতিয়া লক্ষণীয় হ’ব।
ডিজিটেল ডেস্ক, ১০ জানুৱাৰী