WPL-2026ৰ আৰম্ভণি মেচতে চমক, মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে প্ৰথম জয় RCBৰ
মহিলা প্ৰিমিয়াৰ লীগৰ চতুৰ্থ ছিজন WPL-2026ৰ প্ৰথম মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে (RCB) মুম্বাই ইণ্ডিয়ানছক (MI) ৩ উইকেটত পৰাস্ত কৰে। ১৫৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি স্মৃতি মান্ধানা আৰু গ্ৰেছ হেৰিছৰ দ্ৰুত আৰম্ভণিৰ পিছতো একেৰাহে উইকেট পতনৰ বাবে মুম্বাই ইণ্ডিয়ানছ জয়ী হব বুলি ধাৰণা কৰা হৈছিল। অন্তিম অভাৰলৈকে মুম্বাই জয়ৰ ওচৰলৈ আহিছিল, কিন্তু নডীন ডি ক্লাৰ্কে অন্তিম ৪ বলত খেল সলনি কৰি দিলে।
এই জয়ৰ কাহিনী কেৱল অন্তিম ৪ বলতেই সীমাবদ্ধ নাছিল। সমগ্ৰ মেচজুৰি নডীন ডি ক্লাৰ্কে সংযমী আৰু বুদ্ধিমত্তাৰে বেটিং কৰি দলক লক্ষ্যৰ ওচৰলৈ লৈ আহে। এফালে উইকেট পতনৰ মাজতে তেওঁ ধৈৰ্য ধৰি খেলি জয়সূচক চাৰি মাৰি আগতেই নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে।
RCBক জয়ৰ বাবে ৬ বলত ১৮ ৰানৰ প্ৰয়োজন আছিল। নন-ষ্ট্ৰাইকত প্ৰেমা ৰাৱত থকাৰ সময়ত নডীন ডি ক্লাৰ্কে প্ৰথম দুটা বলত ৰান নকৰিলে। নাটালি স্কিভাৰ-ব্ৰান্টে কৰা অভাৰৰ তৃতীয় বলত তেওঁ দৃষ্টিনন্দন ছিক্সাৰ মাৰে। চতুৰ্থ বলত চাৰি মাৰি নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে।
পঞ্চম বলত আকৌ এটা ছিক্সাৰ মৰাৰ পিছত অন্তিম বলত RCBক জয়ৰ বাবে ২ ৰানৰ প্ৰয়োজন হৈছিল। নডীন ডি ক্লাৰ্কে অন্তিম বলত চাৰি মাৰি RCBক নাটকীয় জয় উপহাৰ দিয়ে। তেওঁ ৪৪ বলত নট আউট ৬৩ ৰান সংগ্ৰহ কৰে, য’ত আছিল ২টা ছিক্সাৰ আৰু ৭টা চাৰি।
WPLৰ পূৰ্বৰ তিনিটা ছিজনত কেতিয়াও ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ছিজনৰ প্ৰথম মেচত মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰিবলৈ সক্ষম হোৱা নাছিল। এইবাৰ প্ৰথমবাৰৰ বাবে এই ইতিহাস ৰচিত হ’ল। ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত টছ জয় কৰি স্মৃতি মান্ধানাই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল। মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেটিং কৰি ১৫৪ ৰান সংগ্ৰহ কৰিছিল।
লক্ষ্য অনুসৰণত RCBৰ অপেনিং যুটি স্মৃতি মান্ধানা আৰু গ্ৰেছ হেৰিছে ৪০ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়িছিল। কিন্তু এই পাৰ্টনাৰশ্বিপ ভাঙি যোৱাৰ পিছত একেৰাহে উইকেটৰ পতন হয়। নডীন ডি ক্লাৰ্কৰ অৰ্ধশতকীয় ইনিংছৰ লগতে অৰুন্ধতী ৰেড্ডী (২০) আৰু প্ৰেমা ৰাৱত (৮)ৰ গুৰুত্বপূৰ্ণ অৱদানেই RCBক এই স্মৰণীয় জয় লাভ কৰাত সহায় কৰে।
ডিজিটেল ডেস্ক, ১০ জানুৱাৰী