বিহু গণনা স্থগিত কৰিলে বৰপেটা সত্ৰই
নিয়মীয়া বাৰ্তা ৩ এপ্ৰিলঃ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ বাবে দেশত চলি থকা লকডাউনৰ পৰিপেক্ষিতত মহাপুৰুষ মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত পৰম্পৰাগতভাৱে পহিলা ব’হাগৰ দিনা চলি অহা বিহু গণনা এইবেলী স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিত দাসৰ আহ্বানত কালি বৰপেটা সত্ৰত সত্ৰৰ বংশৰাসকলৰ প্ৰতিনিধিত্বমূলক এক আলোচনাত এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে। সত্ৰৰ ডেকাসত্ৰীয়া দাসৰ উপস্থিতত হোৱা আলোচনাত দক্ষিণহাটীৰ হাটীগোট আঘোণা বায়ন বংশ , গন্ধীয়া বংশ, ভীমা বায়ন বংশ, সূত্ৰধাৰ বংশ, পাঠক বংশ, গলিয়াহাটী বায়ন বংশ, ঘোষাকীৰ্তনীয়া আৰু ব্যাস কীৰ্তনীয়াৰ উপৰি সত্ৰৰ ঘাইদেউৰী নাৰায়ণ আতৈ ভকত বিষ্টু আতৈ উপস্থিত থাকে। বংশৰাসকলৰ আলোচনাত ব’হাগৰ সাত বিহুৰ কেইদিন সত্ৰৰ নিত্য-নৈমিত্তিক প্ৰসংগ অনুষ্টুপীয়াকৈ কৰাৰো সিদ্ধান্ত লোৱা হয়। কেৱল দুই তিনিজন ভকতৰ জৰিয়তে বংশৰাসকলে
বহাগ বিহুৰ সত্ৰৰ সেৱায়িক কৰ্ম সম্পাদন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আনহাতে চ’ত আৰু ব’হাগৰ সংক্ৰান্তিৰ দিনা বিয়লি সত্ৰৰ বৰাৰ জৰিয়তে সত্ৰত ভাগ থকা ভকতসকলৰ মাজত বিতৰণ কৰা থৰেৰ প্ৰসাদো এইবাৰ বিতৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সত্ৰৰ বংশৰাসকলৰ উপস্থিতিত অনুষ্ঠিত আলোচানত বৰপেটা সত্ৰৰ পৰা অসম চৰকাৰ আৰোগ্য নিধিলৈ ১,১১,১১১ টকা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে ব’হাগৰ দিনা প্ৰতিবছৰে বিহু গণনা শুনিবলৈ আৰু বছৰটোৰ প্ৰথম দিনটোত এটা সোৱা জনাবলৈ পুৱাৰে পৰা বৰপেটা সত্ৰত অগণন লোকৰ সমাৱেশ হয়।