ডিজিটেল ডেস্ক, ১৩ জানুৱাৰী : হেঁপাহৰ ভোগালীৰ উৰুকাৰ দিনাই ৰাজ্যবাসীৰ মাজলৈ আহিল আন এক দুঃখবৰ। প্ৰখ্যাত সংগীত শিল্পী সমৰ হাজৰিকা আৰু নাই। দীৰ্ঘদিন ধৰি অসুস্থতাৰ সৈতে যুঁজ দি অৱশেষত নিজৰাপাৰস্থিত বাসগৃহত পুৱা ৮.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পী সমৰ হাজৰিকাই।
অসমীয়া সংগীত জগতত এক সুকীয়া পৰিচয় গঢ়ি তোলা সমৰ হাজৰিকাৰ বিয়োগে সংগীতৰ পথাৰ উকা কৰি থৈ গ’ল। সমৰ হাজৰিকাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ হৈ পৰিছে শিল্পী সমাজৰ লগতে অনুৰাগীসকল । তেওঁৰ মৃত্যু সংবাদে সমগ্ৰ ৰাজ্যবাসীক শোকস্তব্ধ কৰি তোলে। সংগীতসূৰ্য ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাই নিজৰ কণ্ঠৰ জৰিয়তে অসমীয়া সংগীতক এক নতুন মাত্ৰা দিছিল। ১৯৬০ চনত সমৰ হাজৰিকাই সংগীত জীৱন আৰম্ভ কৰিছিল আৰু ১৯৬৮ চনত তেওঁৰ প্ৰথম এলবাম “উত্তৰ কোঁৱৰ প্ৰতিমা বৰুৱা দেৱী” মুক্তি পাইছিল।
কেইবাখনো অসমীয়া ছবিত কণ্ঠ নিগৰাই তেওঁ দর্শক-শ্ৰোতাৰ মন জয় কৰিছিল। তেওঁৰ অৱদান অসমীয়া সংগীত জগতত সদায় স্মৰণীয় হৈ থাকিব। শিল্পীগৰাকীৰ দেহাৱসানত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, শিল্পী সমাজ তথা গুণমুগ্ধ শ্ৰোতাই গভীৰ শোক প্ৰকাশ কৰিছে।