৯৩সংখ্যক ঐতিহাসিক চেঙা সভা মহোৎসৱৰ শুভাৰম্ভ
“চেঙা সভা মহোৎসৱলৈ পৰ্যটক অহাৰ ব্যৱস্থা কৰিব লাগিব। এইক্ষেত্ৰত উদ্যোক্তাই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। চেঙা সভা মহোৎসৱৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আজি ইয়াত প্ৰদৰ্শন কৰা বৰপেটাৰ থলুৱা আতচবাজী চাই মই আপ্লুত হ’লোঁ। নৃত্য-গীত-খেলত আমি আমাৰ ল’ৰা-ছোৱালীক উপযুক্ত দিশত আগুৱাই নিব লাগিব। চেঙা অঞ্চলত গৱেষণাৰ বহুতো সমল আছে। চেঙা অঞ্চলত যুগৰ লগত মিলাই নতুন নতুন কাম কৰিব লাগিব। অনুষ্ঠানৰ স’তে সংগতি ৰাখি স্মৃতিগ্ৰন্থ উলিওৱাৰ প্ৰয়োজন আছে। চেঙা সভা মহোৎসৱৰ গুণানুকীৰ্তন বিভিন্ন দেশলৈ বিয়পাই নিব লাগিব।” এই মন্তব্য বিশিষ্ট সাহিত্যিক, গৱেষক-ভাষাবিদ ড৹ উপেন ৰাভা হাকাচামৰ।
৯৩ সংখ্যক ঐতিহাসিক চেঙা সভা মহোৎসৱৰ উদ্বোধনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এইদৰে মন্তব্য আগবঢ়ায় ড৹ উপেন ৰাভা হাকাচামে।
উল্লেখ্য যে বৃহত্তৰ চেঙা অঞ্চলৰ সামাজিক প্ৰশাসনিক ব্যৱস্থাৰ সৰ্বোচ্চ অনুষ্ঠান চেঙা ঐক্য সন্মিলনৰ উদ্যোগত এইবেলি ১৫ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ আঠদিনীয়া বিভিন্ন ধৰ্মীয়-পৰম্পৰাগত, সাংস্কৃতিক-শৈক্ষিক কাৰ্যসূচীৰে আজিৰেপৰা অনুষ্ঠিত হৈছে ৯৩সংখ্যক ঐতিহাসিক চেঙা মহোৎসৱ।
সভা মহোৎসৱৰ দ্বাৰ মুকলি কৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে। চেঙা ঐক্য সন্মিলনৰ সভাপতি গৌতম পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হয় উদ্বোধনী সভা। উদ্বোধনী সভাখনৰ আঁত ধৰে ঐক্য সন্মিলনৰ উপ সভাপতি খনিন পাঠকে। সম্পাদকীয় প্ৰতিবেদন আৰু উদ্দেশ্য ব্যাখ্যা কৰে ঐক্য সন্মিলনৰ সম্পাদক চিন্ময় ডেকাই।
উদ্বোধনী সভাখনত সন্মানীয় অতিথি হিচাপে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ মুকুন্দ শৰ্মা উপস্থিত থাকি ভাষণ প্ৰদান কৰে। নিৰ্দিষ্ট বক্তা হিচাপে চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ গোপেশ কুমাৰ শৰ্মা উপস্থিত থাকি ভাষণ প্ৰসংগত চেঙাৰ ঐতিহ্য-পৰম্পৰা আৰু সমাজব্যৱস্থাৰ ওপৰত ভাষণ প্ৰদান কৰে।
আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে। সভাখনত বান্দালী সত্ৰৰ সত্ৰাধিকাৰ দ্বিজেন্দ্ৰনাথ গোস্বামী, চেঙা মুছলমান গাঁও উন্নয়ন সমিতিৰ কাৰ্যকৰী সম্পাদক ফিৰোজ তালুকদাৰ উপস্থিত থাকে।
উল্লেখ্য যে কাৰ্যসূচী অনুসৰি চেঙা ঐক্য সন্মিলনৰ পতাকা উত্তোলন কৰে সন্মিলনৰ সভাপতি গৌতম পাঠকে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে চেঙা ঐক্য সন্মিলনৰ উপ সভাপতি খনিন পাঠকে। শ্বহীদ তৰ্পণ কাৰ্যসূচীত মুখ্য তৰ্পক হিচাপে উপস্থিত থাকে সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অবিনাশ কুমাৰে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে চেঙা ঐক্য সন্মিলনৰ প্ৰাক্তন সভাপতি হিৰণ্য কুমাৰ দাস আৰু চেঙাস্থিত কৃষ্ণ মন্দিৰ নিৰ্মাণ সমিতিৰ সভাপতি বিনোদ বৰ্মনে।
ইয়াৰ পাছতেই গছপুলি ৰোপণ কৰে চেঙা মুছলমান গাঁও উন্নয়ন সমিতিৰ ক্ৰমে সাধাৰণ সম্পাদক আলাউদ্দিন আহমেদ আৰু কাৰ্যকৰী সম্পাদক ফিৰোজ তালুকদাৰ আৰু চেঙা ঐক্য সন্মিলনৰ সহকাৰী সম্পাদক জয়ন্ত ঠাকুৰীয়াই। শ্ৰীকৃষ্ণ মন্দিৰত অখণ্ড বন্তি প্ৰজ্বলন, ভোগথগী স্থাপন আৰু নাম-প্ৰসংগ অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলন আৰু ভোগথগী স্থাপন কৰে বান্দালী সত্ৰৰ সত্ৰাধিকাৰ দ্বিজেন্দ্ৰনাথ গোস্বামীয়ে। সন্ধিয়া আতচবাজী প্ৰদৰ্শন কৰা হয়। সন্ধিয়া উদ্বোধনী সভা সমাপ্ত হোৱাৰ পাছত নিশা ৯ বজাত ঢুলীয়া প্ৰদৰ্শন আৰু নিশা ১০ বজাত যাত্ৰাভিনয় প্ৰদৰ্শন কৰা হয়।
নিয়মীয়া বাৰ্তা, দৌলাশাল, ১৬ জানুৱাৰী