ট্ৰাম্পলৈ ন’বেল বঁটা উপহাৰ, বিশ্ব ৰাজনীতিত নতুন চৰ্চা
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ শান্তিৰ ন’বেল বঁটা উপহাৰ দিয়াৰ ঘটনাই বিশ্বজুৰি তীব্ৰ চৰ্চাৰ জন্ম দিছে। ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী তথা শান্তিৰ ন’বেল বঁটা প্ৰাপক মাৰিয়া ক’ৰিনা মাচাডোৱে হোৱাইট হাউছত অনুষ্ঠিত এক বৈঠকৰ অন্তত নিজৰ লাভ কৰা শান্তিৰ ন’বেল বঁটা ড’নাল্ড ট্ৰাম্পক উপহাৰ হিচাপে আগবঢ়ায়।
বৃহস্পতিবাৰে হোৱাইট হাউছত মাচাডোসহ এটা ভেনিজুৱেলীয় বিৰোধী প্ৰতিনিধি দলে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰে। বৈঠকৰ পাছতেই মাচাডোৱে এই বিশেষ উপহাৰ আগবঢ়োৱাত ঘটনাটোৱে তাৎক্ষণিকভাৱে আন্তর্জাতিক সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰে।
শান্তিৰ ন’বেল বঁটা প্ৰদান কৰি মাৰিয়া ক’ৰিনা মাচাডোৱে কয়, “ভেনিজুৱেলাৰ স্বাধীনতা আৰু গণতন্ত্ৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত ড’নাল্ড ট্ৰাম্পে দেখুওৱা দায়বদ্ধতাৰ স্বীকৃতি হিচাপে মই নিজৰ লাভ কৰা শান্তিৰ ন’বেল বঁটা তেওঁক আগবঢ়াইছো।”
উল্লেখযোগ্য যে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক আমেৰিকাই ক্ষমতাচ্যুত কৰাৰ পাছত দেশখনৰ শাসনভাৰ কোনে গ্ৰহণ কৰিব তাক লৈ ইতিমধ্যে ব্যাপক চৰ্চা চলি আছে। এই প্ৰসংগত বিৰোধী নেত্ৰী হিচাপে মাচাডোৰ ভূমিকাক গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে।
সামাজিক মাধ্যমত ড’নাল্ড ট্ৰাম্পে মাচাডোক ধন্যবাদ জনাই এই উপহাৰক “বিশ্বাস আৰু বন্ধুত্বৰ প্ৰতীক” বুলি উল্লেখ কৰে। ইফালে, ৰাজনৈতিক বিশেষজ্ঞসকলে এই ঘটনাক ভেনিজুৱেলাৰ ভৱিষ্যৎ শাসন ব্যৱস্থাৰ সৈতে সংযোগ কৰি মূল্যায়ন কৰিছে।
ট্ৰাম্পে ন’বেল বঁটা উপহাৰ গ্ৰহণ কৰাৰ পাছত ভেনিজুৱেলাৰ শাসনভাৰ সঁচাকৈয়ে মাৰিয়া ক’ৰিনা মাচাডোৰ হাতত তুলি দিব নে? এই সিদ্ধান্তই দেশখনৰ ৰাজনীতিত নতুন মোৰ আনিব নেকি—তাক লৈ এতিয়া সকলোৰে দৃষ্টি।
ডিজিটেল ডেস্ক, ১৬ জানুৱাৰী