নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিঞাৰ প্ৰথম পছন্দৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈ, বেকফুটত বদৰুদ্দিন

২০২৪ৰ লোকসভা নিৰ্বাচনত আৰম্ভ হোৱা ৰাজনৈতিক ধাৰা যেন এতিয়াও অসমৰ ৰাজনীতিত অব্যাহত আছে। বিশেষকৈ সংখ্যালঘু তথা মিঞা প্ৰধান সমষ্টিসমূহত AIDUFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ জনপ্ৰিয়তা ক্ৰমাৎ হ্ৰাস পোৱাৰ বিপৰীতে কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ গ্ৰহণযোগ্যতা বৃদ্ধি পোৱা দেখা গৈছে।

২০২৪ৰ লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিত ৰকিবুল হুছেইনৰ হাতত লজ্জাজনক পৰাজয় স্বীকাৰ কৰি একপ্ৰকাৰ অসমৰ ৰাজনীতিত প্ৰাসংগিক হৈ পৰিছিল বদৰুদ্দিন আজমল। বিগত এটা বছৰে অসমৰ ৰাজনীতিত নিজক প্ৰাসংগিক কৰি তুলিবলৈ আপ্ৰাণ চেষ্টা কৰিছল আজমলে।

কিন্তু নিৰ্বাচন লৈ প্ৰায় ডেৰ মাহ থকা অৱস্থাত ভোট ভাইবে প্ৰকাশ কৰা সমীক্ষাই টোপনি কঢ়িছে আজমলৰ। ভোট ভাইবৰ সমীক্ষা অনুসৰি, সংখ্যালঘু সমষ্টিত সৰ্বাধিক পছন্দৰ নেতা হিচাপে গৌৰৱ গগৈয়ে স্থান লাভ কৰিছে। মাত্ৰ ৩ শতাংশ সংখ্যালঘু ভোটাৰেহে বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী পদৰ যোগ্য প্ৰাৰ্থী হিচাপে পছন্দ কৰিছে, আনহাতে ৭৯ শতাংশ ভোটাৰে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰে বুলি মত প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে ২০২৪ৰ লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হাতত লজ্জাজনক পৰাজয় স্বীকাৰ কৰাৰ পাছত বদৰুদ্দিন আজমলৰ ৰাজনৈতিক প্ৰাসংগিকতা লৈ বহু প্ৰশ্ন উঠিছিল। সেই পৰাজয়ৰ পাছৰ পৰা নিজ দলক পুনৰ সক্ৰিয় কৰি তুলিবলৈ আজমলে বিভিন্ন ৰাজনৈতিক কৌশল অৱলম্বন কৰি আহিছিল যদিও শেহতীয়া সমীক্ষাই তেওঁৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে।

এই সমীক্ষা প্ৰকাশ পোৱাৰ পাছতে কংগ্ৰেছ নেতৃত্ব আত্মবিশ্বাসী হৈ উঠা পৰিলক্ষিত হৈছে। কংগ্ৰেছৰ একাংশ নেতাই দাবী কৰিছে যে এই সমীক্ষা বাস্তৱ ভিত্তিক আৰু বিজেপিৰ পক্ষপাতিত্ব থকা সমীক্ষাৰ দৰে মেকিং কৰা নহয়।

ইফালে, AIDUFয়ে এই সমীক্ষাক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে। দলটোৰ বক্তব্য অনুসৰি, ২০২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ অস্তিত্বেই সংকটত পৰিব আৰু গৌৰৱ গগৈৰ দল বিৰোধী দলৰ মৰ্যাদাও হেৰুৱাব বুলি দাবী কৰে AIDUF নেতৃত্বই। এই ৰাজনৈতিক বিতৰ্কৰ মাজতে ৰাইজৰ দলত শেহতীয়াকৈ যোগদান কৰা কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে AIDUFক লক্ষ্য কৰি তীব্ৰ মন্তব্য আগবঢ়াইছে।

তেওঁৰ মতে, AIDUF এতিয়া বিদায় লগ্নত উপনীত হৈছে আৰু দলটোক ৰাজনৈতিকভাৱে সান্তনা দিয়াৰ প্ৰয়োজনহে আছে। মুঠৰ ওপৰত, বিজেপিৰ আগ্ৰাসী ৰাজনীতিৰ বিপৰীতে কংগ্ৰেছ দলে সংখ্যালঘু প্ৰধান প্ৰায় ২২টা সমষ্টিত AIDUFৰ বিৰুদ্ধে কঠোৰ ৰাজনৈতিক যুঁজত অৱতীৰ্ণ হৈছে। এনে পৰিস্থিতিত, এই সীমিত সমষ্টিত মাত্ৰ মিঞা ভোটৰ ওপৰত ভিত্তি কৰি গৌৰৱ গগৈয়ে ২০২৬ত মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে নে নাই, সেয়া নিশ্চিত।

ডিজিটেল ডেস্ক, ১৭ জানুৱাৰী

You might also like