ইৰান অভিমুখে ৰাওনা ৭৫০০ সেনাৰে মার্কিন যুুদ্ধ জাহাজ
নিউজ ডেস্ক, ১৭ জানুৱাৰী : চীন সাগৰৰ পৰা মধ্য প্রাচ্য অভিমুখে ৰাওনা হৈছে এটা বৃহৎ মার্কিন নৌসেনা বাহিনী৷ এই খবৰ পোহৰলৈ আহিছে সূত্রৰ জৰিয়তে৷ যোৱা কিছুদিন ধৰি যুদ্ধৰ ঘন ছায়াই আৱৰি ধৰিছে সমগ্র ইৰানক৷ এনে এটা পৰিস্থিতিতে এই খবৰ বিয়পি পৰিছে যে ৭,৫০০ সেনাৰে মার্কিন কেৰিয়াৰ ষ্ট্রাইক গ্রুপ ৰাওনা হৈছে মধ্য প্রাচ্য অভিমুখে৷ কেইসপ্তাহমানৰ ভিতৰতেই এই বিৰাট বাহিনীটো ইৰান সংলগ্ণ এলেকাত উপনীত হ’ব৷
মার্কিন সংবাদ প্রতিষ্ঠানৰ খবৰ মতে, দক্ষিণ চীন সাগৰত মোতায়েন কৰা হৈছিল আমেৰিকাৰ কেৰিয়াৰ ষ্ট্রাইক গ্রুপটোক৷ এই চেন্ট্ৰেল কমাণ্ডে মুখ্যতঃ মধ্য প্রাচ্যত নিজৰ কাম–কাজ কৰে৷ ইৰানৰ সৈতে আমেৰিকাৰ বর্তমানৰ সম্পর্কৰ কথা মনত ৰাখিয়েই চেন্ট্ৰেল কমাণ্ডৰ আওতালৈ অনা হৈছে যুদ্ধ জাহাজখনক৷ দক্ষিণ চীন সাগৰৰ পৰা ইৰান সংলগ্ণ জলসীমাত উপনীত হ’বলৈ সাত দিনৰ সময় লাগিব এই কেৰিয়াৰ ষ্ট্রাইক গ্রুপটোক৷
ইৰানৰ আভ্যন্তৰীণ পৰিস্থিতি সন্দর্ভত মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে ইতিপূর্বে ইৰানক সকীয়াই দি এইক্ষেত্রত ব্যৱস্থা গ্রহণৰ আহ্বান জনাইছিল৷ এনে পৰিস্থিতিত কেৰিয়াৰ ষ্ট্রাইক গ্রুপৰ এই সঞ্চালন তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ উইকিপিডিয়াৰ পৰা পোৱা তথ্য অনুযায়ী কমেও ৭,৫০০ সেনা থাকে এই গ্রুপটোত৷ সাধাৰণতে এটা এয়াৰ ক্রাফ্ট এৰিয়াৰ, এটা ক্রুজাৰ, দুটা ডেষ্ট্র’য়াৰ থাকে৷ ইয়াৰ উপৰি ছাবমেৰিন আৰু অন্যান্য সাহায্যকাৰী জাহাজো থাকে৷ মার্কিন নৌসেনাৰ হাতত সকলো মিলি ১১টি এনে কেৰিয়াৰ ষ্ট্রাইক গ্রুপ আছে৷ এখন দেশৰ সমগ্র নৌসেনাৰে মোকাবিলা কৰাৰ ক্ষমতা আছে এই কেৰিয়াৰ ষ্ট্রাইক গ্রুপৰ৷
যিহেতু ইৰানৰ আভ্যন্তৰীণ অস্থিৰতাৰ পৰিপ্রেক্ষিতত আৰু বহিঃৰাষ্ট্রৰ হুমকিৰ প্রতি লক্ষ্য ৰাখি আকাশী আক্রমণৰ আশংকাত দেশখনৰ শাসকে ইতিমধ্যে ইৰানৰ আকাশী সীমা বন্ধ কৰি দিছে৷ সেইবাবে জলপথেৰে মার্কিন নৌসেনাৰ এই সঞ্চালনক লৈ চর্চা চলিছে যে মার্কিন যুক্তৰাষ্ট্রই ইৰানৰ ওপৰত আক্রমণ চলোৱাৰ কথা ভাবিছে নেকি?
মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে স্পষ্টকৈ কৈছে– ‘ইৰানে যদি আন্দোলনকাৰীসকলৰ মৃত্যুদণ্ড কার্যকৰী কৰে, তেনেহ’লে আমেৰিকাই কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ পিছপৰি নাথাকিব৷ ভয়ংকৰ কিবা এটা ঘটিব৷’
ইৰানৰ আন্দোলনকাৰীসকলক মৃত্যুদণ্ড দিয়াৰ কথা ঘোষণা কৰাৰ পিছতে দেশখনৰ প্রতি মার্কিন ৰাষ্ট্রপতিৰ এই হুমকিৰ পিছতেই তেওঁক ওলোটাই প্রত্যাক্রমণ কৰে তেহৰানে৷ আমেৰিকাই যদি আক্রমণ চলায়, তেনেহ’লে তাৰ যোগ্য প্রত্যুত্তৰ দিবলৈ ইৰান সাজু হৈ আছে বুলি ধাৰণা কৰিছে আন্তঃৰাষ্ট্রীয় বিশ্লেষক মহলে৷
উল্লেখ্য যে যোৱা বছৰৰ জুন মাহত ইৰানৰ পাৰমাণৱিক গৱেষণা কেন্দ্রক লক্ষ্য কৰি মার্কিন বোমা নিক্ষেপ কৰা হৈছিল৷ এনে পৰিপ্রেক্ষিততে চর্চা চলিছে এইবাৰ মার্কিন যুক্তৰাষ্ট্রই জলপথেৰে ইৰানৰ বিৰুদ্ধে যুদ্ধত নামিব নেকি?