নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাটাছাৰকুছি শাখা সাহিত্য সভাৰ উদ্যোগত জ্যোতি দিৱস পালন

অসম সাহিত্য সভাৰ আহ্বান মৰ্মে আজি পাটাছাৰকুছি শাখা সাহিত্য সভা (শতদল)ৰ উদ্যোগত ‘জ্যোতি দিৱস’ সভাৰ আজীৱন সভ্য ৰত্নেশ্বৰ ৰয়ৰ নিজ সৰিহ গাঁৱৰ ভোহাপাৰাস্থিত বাসগৃহত অনন্য ৰূপত অনুষ্ঠিত কৰা হয়। এই উপলক্ষে আয়োজিত সভাৰ আৰম্ভণিতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে দক্ষিণ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা হিতৈষী সভ্য মতিৰাম ৰয়ে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা হিতৈষী সভ্য ৰবীন্দ্ৰনাথ শৰ্মাই।

পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক তথা সভাৰ হিতৈষী সভ্যদ্বয় ক্ৰমে ভাবিত চন্দ্ৰ হালৈ আৰু বিনন্দ শীলে নিৰ্দিষ্ট বক্তা আৰু বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই আগবঢ়াই যোৱা অৱদানসমূহৰ বিষয়ে বিতংকৈ আলোচনা কৰে। অৱসৰী বিষয় শিক্ষক, হিতৈষী সভ্য তথা শাখা সাহিত্য সভাৰ উপ-সভাপতি অপূৰ্ব কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অংশগ্ৰহণ কৰি সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক, বজালীৰ বিশিষ্ট সাহিত্যিক হিতৈষী সভ্য দিলীপ কুমাৰ ৰয়ে নিজ ভাষণত জ্যোতি দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে অসম সাহিত্য সভাৰ জন্ম বৃত্তান্ত বৰ্ণনা কৰাৰ উপৰি ‘অসম সাহিত্য সভা’ অসম তথা অসমীয়া জাতিৰ জাতীয় অনুষ্ঠান বুলি উল্লেখ কৰে।

শাখা সাহিত্য সভাৰ সম্পাদক সুভাষ ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত গঞা ৰাইজ, শাখাৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰাৰ লগতে  বিশিষ্ট শিল্পী ভবেশ গোস্বামী, স্থানীয় নীলিমা ৰয় মধ্য ইংৰাজী বিদ্যালয় আৰু নিজ সৰিহ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে জ্যোতি সংগীত পৰিৱেশন কৰাৰ উপৰি আয়েচা বেগম, জ্যোতিস্মিতা ৰয়, হিমাশ্ৰী ৰয় আৰু ভ্ৰান্তি ৰয়ে জ্যোতিপ্ৰসাদৰ গীতৰ আধাৰত নৃত্য পৰিৱেশন কৰে৷ ৰত্নেশ্বৰ ৰয়ে শলাগ জ্ঞাপন কৰা অনুষ্ঠানৰ আৰম্ভণিতে ’চিৰ চেনেহী মোৰ ভাষা জননী’ আৰু শেষত ‘অ’ মোৰ আপোনাৰ দেশ’ পৰিৱেশন কৰা হয়৷

নিয়মীয়া বাৰ্তা, পাটাছাৰকুছি, ১৭ জানুৱাৰী :

You might also like