দুদিনীয়া অসম ভ্ৰমণৰ দ্বিতীয় দিনটোত দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰায় ৬,৯৫০ কোটি টকাৰ অধিক ব্যয়সাপেক্ষ কাজিৰঙা এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ শিলান্যাস কৰে।
কাজিৰঙাৰ ওপৰেৰে নিৰ্মাণ হ’বলগীয়া ৩৫ কিলোমিটাৰ দীঘল এলিভেটেড কৰিড’ৰৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ–৭১৫ৰ কলিয়াবৰ–নুমলীগড় অংশটোও চাৰিলেনযুক্ত ঘাইপথলৈ উন্নীত কৰা হ’ব।
ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কলিয়াবৰৰ পৰা গুৱাহাটী–ৰোহতক আৰু ডিব্ৰুগড়–লক্ষ্ণৌৰ মাজত চলিবলগীয়া দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লসেৱাৰ ভাৰ্চুৱেলী শুভাৰম্ভ কৰে।
প্ৰধানমন্ত্ৰীয়ে এখন বৃহৎ জনসভাত অংশ লৈ কয় যে এই এলিভেটেড কৰিড’ৰে ৰাজ্যবাসীৰ যথেষ্ট উপকাৰ সাধন কৰিব। তেওঁ কংগ্ৰেছ দলক কটাক্ষ কৰি কয় যে ৰাইজে বাৰে বাৰে কংগ্ৰেছক নাকচ কৰি আহিছে আৰু কংগ্ৰেছে কেতিয়াও কাজিৰঙাৰ উন্নয়ন বিচৰা নাছিল।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়- “কাজিৰঙা কেৱল এখন ৰাষ্ট্ৰীয় উদ্যান নহয়, ই অসমৰ আত্মা।” লগতে তেওঁ উল্লেখ কৰে যে কংগ্ৰেছৰ শাসনৰ সময়ত যিদৰে উত্তৰ-পূৰ্বাঞ্চল দিল্লীৰ পৰা দূৰত আছিল, এতিয়া আৰু তেনে নহয়।
“উত্তৰ-পূৰ্বাঞ্চল এতিয়া কেৱল দিল্লীৰ ওচৰতে নহয়, আমাৰ হৃদয়ৰো ওচৰত” বুলি তেওঁ ভাষণত উল্লেখ কৰে।
উল্লেখযোগ্য যে শনিবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত ‘বাগৰুম্বা দ’হৌ–২০২৬’ অনুষ্ঠানত ইতিহাস ৰচনা হোৱা দৃশ্য স্বচক্ষে প্রত্যক্ষ কৰে। এই অনুষ্ঠানত ১০ হাজাৰৰো অধিক শিল্পীয়ে একেলগে বাগৰুম্বা নৃত্য পৰিৱেশন কৰে।
প্ৰায় ১০ হাজাৰ শিল্পীৰ সমন্বিত পৰিৱেশনে এক অবিস্মৰণীয় পৰিৱেশ সৃষ্টি কৰে, যিয়ে প্ৰধানমন্ত্ৰী মোদীসহ হাজাৰ হাজাৰ দৰ্শকক মুগ্ধ কৰি তোলে।
প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপি চৰকাৰৰ সময়ছোৱাত অসমে লাভ কৰা বিভিন্ন সাংস্কৃতিক সাফল্যৰ কথাও উল্লেখ কৰে আৰু একে সময়তে কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰি কয় যে কংগ্ৰেছে সদায় অসমৰ অগ্ৰগতিৰ বিৰোধিতা কৰি আহিছে।