কোহলিক অতিক্রম বৈভৱ সূর্যবংশীৰ, ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপত নতুন নজিৰ
নিউজ ডেস্ক, ১৮ জানুৱাৰী : টুর্ণামেণ্ট সলনি হয়, খেলপথাৰ সলনি হয়৷ কিন্তু বৈভৱ সূর্যবংশীৰ বেটিং বিক্রম একেই থাকে৷ ২২ গজত যেতিয়াই ভৰি দিয়ে তেতিয়াই তেওঁ নজিৰ গঢ়ে৷ ১৯ বছৰ অনূর্ধ্ব এদিনীয়া বিশ্বকাপতো বিস্ফোৰক বেটিঙেৰে ১৪ বছৰীয়া বৈভৱে টীম ইণ্ডিয়াৰ তাৰকা ক্রিকেটাৰ বিৰাট কোহলিৰ এক অভিলেখ ভংগ কৰে৷
যুৱ এদিনীয়া ক্রিকেটত সর্বাধিক ৰান সংগ্রহকাৰীৰ তালিকাত কোহলিক অতিক্রম কৰিলে বৈভৱে৷ কালি বাংলাদেশৰ বিপক্ষে খেলা বিশ্বকাপৰ মেচখনত ৬৭টা বলত ৭২ ৰান সংগ্রহ কৰি বৈভৱে কোহলিক অতিক্রম কৰে৷ যুৱ এদিনীয়া ক্রিকেটত কোহলিয়ে ২৮খন মেচত ৯৭৮ ৰান সংগ্রহ কৰিছিল৷ কোহলিৰ এই ৰানৰ সংখ্যা অতিক্রম কৰিবলৈ বৈভৱক কালি প্রয়োজন আছিল মাত্র ২৭ ৰানৰ৷ বৈভৱে ৬টা চাৰি আৰু ৩টা ছয়েৰে ৭২ ৰান কৰি এতিয়ালৈকে মুঠ ১০৪৭ ৰান সংগ্রহ কৰিছে৷
এই তালিকাত ১৪০৪ ৰান কৰি শীর্ষস্থানত আছে বিজয় জোল৷ যশস্বী জয়ছোৱালে ১৩৮৬ ৰান কৰি দ্বিতীয় স্থানত থকাৰ বিপৰীতে তন্ময় শ্রীবাস্তৱে ১৩১৬ ৰান কৰি তৃতীয় স্থানত, শুভমন গিল আৰু উন্মুক্ত চান্দ উভয়ে ১১৪৯ ৰান কৰি যুটীয়াভাৱে চতুর্থ স্থানত আছে৷ আনহাতে, ১০৮০ ৰান কৰি পঞ্চম স্থানত আছে ছৰফৰাজ খান৷
মাত্র ১৪ বছৰ ২৯৬ দিনত পুৰুষ ১৯ বছৰ অনূর্ধ্বৰ এদিনীয়া বিশ্বকাপত অর্ধশতক অর্জন কৰি কনিষ্ঠতম খেলুৱৈ হিচাপে নজিৰ গঢ়িছে বৈভৱ সূর্যবংশীয়ে৷