ডিজিটেল ডেস্ক, ১৯ জানুৱাৰী : বিতৰ্কিত শিখা শৰ্মাক গ্ৰেপ্তাৰ। মহানগৰীৰ পাথৰকোৱেৰীৰ ঘৰৰ পৰা ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে শিখা শৰ্মাক। সামাজিক মাধ্যমত জুবিন গাৰ্গ সন্দৰ্ভত বিতৰ্কিত পোষ্ট দিয়া শিখা শৰ্মাৰ বিৰুদ্ধে আজি পুৱা গোচৰ তৰিছিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে।
উল্লেখ্য যে শিখা শৰ্মাই সামাজিক মাধ্যমত সীমা চেৰাই গৈ জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা পোষ্ট দিছিল। এই লৈ আজি গৰিমা শইকীয়া গাৰ্গে বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ তৰিছিল। গোচৰ তৰাৰ কেইঘণ্টামানৰ ভিতৰতে ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে বিতৰ্কিত শিখা শৰ্মাক। শিখা শৰ্মাক গ্ৰেপ্তাৰৰ পিছতে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিলে গৰিমা শইকীয়া গাৰ্গে।