পলাশবাৰী সমষ্টিৰ অন্তৰ্গত আমৰাংগা নিৱাসী পিতৃহীন দুই কণমানি শিশু জিতুমণি দাস আৰু চয়নিকা দাস। কেইবাবছৰ আগেয়েই পিতৃ ঢুকায়। আনহাতে মাতৃও একপ্ৰকাৰ মানসিকভাৱে বিকাৰগ্ৰস্ত। যাৰ বাবে এই কণমানি দুই শিশুৱে জীয়াই থকাৰ সংকটত পৰিছে।
আনৰ পৰা খুজি-মাগি চলি অহা এই দুই কণমানি শিশুৱে হয়তো বুজিবই পৰা নাই- কি মাঘৰ বিহু। বিহু পাৰ হ’ল, তেওঁলোকে আজিও এসাঁজ ভাতৰ বাবে বৰিহাট বজাৰৰ বাটে-ঘাটে ঘূৰি ফুৰিছে। আনকি থাকিবলৈ নাই এটি ভাল ঘৰ। শীতৰ দিনতো নাই ভাল এখনি বস্ত্ৰ।
উল্লেখ্য যে এই দুই কণমানিয়েও এদিন আমৰাংগা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ গৈছিল। একপ্ৰকাৰ পঢ়া-শুনাত ভাল আছিল। কিন্তু দুখৰ কথা, দেউতাকৰ মৃত্যুৰ পিছত সিহঁতৰ স্কুললৈ যোৱাটো বন্ধ হয়। মাক থাকিও নথকাৰ দৰে, কাৰণ তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত। ফলত প্ৰাথমিক পৰ্যায়তে পঢ়া-শুনা এৰিবলৈ বাধ্য হয়। লগতে এসাঁজ খাই এসাঁজ লঘোনে দিন কটাবলগীয়া হৈছে। এই পৃথিৱীত তেওঁলোকৰ বাবে আমোদ-ভ্ৰমণ নহয়, কেৱল হুমুনিয়াহ কাঢ়ি আনৰ মুখলৈ চাই থকাটোৱেই এতিয়া জীৱন। কোনোবা সহৃদয়ৱান আগবাঢ়ি আহিবনে এই দুই কণমানিক অকণমান সহায়ৰ হাত আগবঢ়াবলৈ।
নিয়মীয়া বাৰ্তা, পলাশবাৰী, ১৯ জানুৱাৰী :