কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ হেকৰাবাসী ৰাইজৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিল অঞ্চলটোৰ বিশিষ্ট উদ্যোগপতি কমল মেধি৷ দীৰ্ঘদিনৰে পৰা হেকৰা গাঁৱত এখন ৰাজহুৱা শ্মশানৰ অভাৱ অনুভৱ কৰি আহিছিল সাধাৰণ ৰাইজে৷ সেই অভাৱ দূৰ কৰি নিজৰ গাঁঠিৰ ধনেৰে এখন শ্মশান নিৰ্মাণ কৰি উলিয়ালে ব্যৱসায়ীগৰাকীয়ে৷
নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত এক ৰাজহুৱা স্থানত প্ৰায় পাঁচ লাখ টকা ব্যয়সাপেক্ষে সাজি উলিওৱা শ্মশানখন অলপতে মুকলি কৰে হেকৰা গাঁৱৰ বিশিষ্ট সমাজসেৱক উমেশ চন্দ্ৰ মেধিয়ে ৷
মুকলি অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন গাঁওবুঢ়া বিশ্বনাথ পাটোৱাৰী, মিলনপুৰ বজাৰ উন্নয়ন সমিতিৰ সম্পাদক হৰি দাস বিশ্বাস, প্ৰাক্তন শিক্ষক দীনবন্ধু কলিতাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি ৷ ৰাইজৰ সুবিধাৰ্থে আগবঢ়োৱা এনে মহানুভৱতাৰ বাবে কমল মেধিক ভূয়সী প্ৰশংসা কৰিছে অঞ্চলবাসীয়ে৷
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২০ জানুৱাৰী :