ডিজিটেল ডেস্ক, ২০ জানুৱাৰী : চূড়ান্ত হ’ল বিজেপিৰ ৰাষ্ট্রীয় সভাপতি৷ নীতিন নবীনেই হ’ব বিজেপিৰ নতুন ৰাষ্ট্রীয় সভাপতি৷ বিহাৰৰ কেবিনেট মন্ত্রী হিচাপে দীর্ঘসময় দায়িত্ব চম্ভালি যোৱা নীতিন নবীনে এইবাৰ বিজেপিৰ শীর্ষ পদত অধিষ্ঠিত হৈ শাসকীয় দলটোক নেতৃত্ব প্রদান কৰিব৷
উল্লেখ্য যে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি পদৰ বাবে কালি মনোনয়ন দাখিলৰ অন্তিম দিন আছিল৷ নীতিন নবীনৰ হৈ ৩৭খন মনোনয়ন–পত্র দাখিল হয় আৰু আটাইকেইখন মনোনয়ন–পত্র বৈধ বুলি ঘোষণা কৰা হৈছে৷ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি নির্বাচনত ৰিটার্নিং বিষয়া কে লক্ষ্মণে ঘোষণা কৰা অনুসৰি বিজেপিৰ ৰাষ্ট্রীয় সভাপতি পদৰ বাবে নীতিন নবীনৰ নামত একমাত্র মনোনয়ন দাখিল হৈছে৷
মন কৰিবলগীয়া যে নীতিন নবীনৰ সপক্ষে দাখিল কৰা মনোনয়নত প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰী, জে পি নাড্ডাকে ধৰি আটাইকেইগৰাকী বিজেপিৰ শীর্ষ নেতাই প্রস্তাৱক আছিল৷ মনোনয়ন দাখিলৰ অন্তিম সময়সীমাৰ পূর্বে দাখিল কৰা ৩৭খন মনোনয়ন–পত্রৰ ভিতৰত ৩৬খন মনোনয়ন আহিছিল বিভিন্ন ৰাজ্যৰ পৰা৷ কেইবাখনো বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্রী, শীর্ষ নেতাকে ধৰি বহুকেইজনে নীতিন নবীনৰ হৈ মনোনয়ন দাখিল কৰে৷
জে পি নাড্ডাৰ লগতে জ্যেষ্ঠ নেতা অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰী, নির্মলা সীতাৰমণ, কিৰেণ ৰিজিজু, যোগী আদিত্যনাথ, প্রমোদ সাৱন্ত, পুষ্কৰ সিং ধামি, নায়াব চাইনীকে ধৰি কেইবাজনো নেতাই নীতিন নবীনৰ হৈ ৰিটার্নিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে৷ কার্যতঃ সভাপতি পদৰ বাবে নীতিন নবীনেই একমাত্র প্রার্থী হোৱাত বিজেপিৰ পৰৱর্তী ৰাষ্ট্রীয় সভাপতি হিচাপে আজি তেওঁৰ নাম ঘোষণা কৰা হ’ব৷
উল্লেখ্য যে বিগত ২৫ বছৰ ধৰি বিজেপিৰ বিধায়ক হিচাপে নির্বাচিত হৈ অহা নীতিন নবীন বর্তমান বিহাৰ চৰকাৰৰ আইন আৰু ন্যায়, নগৰ উন্নয়ন আৰু গৃহ নির্মাণ বিভাগৰ মন্ত্রী হিচাপে কার্যনির্বাহ কৰি আছে৷ নীতিন নবীনক যোৱা ১৪ ডিচেম্বৰত বিজেপিৰ কার্যকৰী সভাপতি ৰূপে নিযুক্তি দিয়া হৈছিল৷ ২০২০ চনৰ পৰা বিজেপিক নেতৃত্ব দি থকা জে পি নাড্ডাৰ স্থানত আজি আনুষ্ঠানিকভাৱে নীতিন নবীনে দায়িত্বভাৰ চম্ভালিব৷