মাত্র দুঘণ্টাৰ বাবে ভাৰতত আৰব আমীৰশ্বাহীৰ ৰাষ্ট্রপতি
নিউজ ডেস্ক, ২০ জানুৱাৰী : ক্ষণিকৰ আলহী হৈ ধুমুহাৰ দৰে ভাৰতলৈ আহি উভতি গ’ল আৰব আমীৰশ্বাহীৰ ৰাষ্ট্রপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ান৷ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত আলহী ৰাষ্ট্রপতিগৰাকীক উষ্ম আলিংগনেৰে আদৰণি জনায় প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷
সূত্রৰ খবৰ মতে, মোদীৰ সৈতে বিশেষ বৈঠকত যোগ দিবলৈকে মাথোঁ দুঘণ্টীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহে আমিৰশ্বাহীৰ ৰাষ্ট্রপতিগৰাকী৷ ইৰানত খোমেইনিবিৰোধী বিক্ষোভ আৰু মার্কিন যুক্তৰাষ্ট্রৰ সাৱধানবাণীৰ মাজতেই ইউএইৰ ৰাষ্ট্রপতিগৰাকীৰ এই ভাৰত ভ্রমণ তাৎপর্যপূর্ণ বুলি ধাৰণা কৰিছে সচেতন মহলে৷
এই সন্দর্ভত কেইবাখনো ছবি পোহৰলৈ আহিছে, য’ত দেখা গৈছে বিমানবন্দৰত আমিৰশ্বাহীৰ ৰাষ্ট্রপতিগৰাকীক আদৰণি জনাইছে মোদীয়ে৷ বিমানবন্দৰতেই ৰঙা দলিচাত ‘গার্ড অৱ অনাৰ’ সন্মান প্রদর্শন কৰা হয় ৰাষ্ট্রপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক৷ ৰাষ্ট্রপতিগৰাকীৰ এই ভ্রমণ তেনেই চমু হ’লেও কূটনৈতিকভাৱে তাৎপর্যপূর্ণ বুলি ধাৰণা কৰা হৈছে৷ কাৰণ প্রতিৰক্ষা, বাণিজ্য, ইন্ধন আৰু আঞ্চলিক নিৰাপত্তাৰ ক্ষেত্রত দুয়োখন দেশৰ মাজত সহযোগিতা ক্রমশঃ বৃদ্ধি পাবলৈ ধৰিছে৷
নিজৰ এক্স হেণ্ডেলৰ পোষ্টত ৰাষ্ট্রপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক ‘ভাই’ সম্বোধন কৰিছে প্রধানমন্ত্রী মোদীয়ে৷ একাধিক ছবিসহ তেওঁ লিখিছে– ‘আমাৰ ভাইক আদৰণি জনাবলৈ বিমানবন্দৰলৈ গৈছিলোঁ৷ সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্রপতি মহামান্য শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ান৷ এই ভ্রমণ ভাৰত আৰু আৰব আমীৰশ্বাহীৰ মাজত শক্তিশালী বন্ধুত্বৰ উদাহৰণ৷ আলোচনাৰ বাবে অধীৰ আগ্রহেৰে অপেক্ষা কৰিছোঁ৷ ধাৰণা কৰা হৈছে ইউএইৰ ৰাষ্ট্রপতিৰ তৃতীয় ভ্রমণত ইৰানৰ খোমেইনিবিৰোধী বিক্ষোভ, মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সাৱধানবাণীক লৈ মধ্য প্রাচ্যত যি অস্থিৰতাৰ সৃষ্টি হৈছে, সেই বিষয়েও আলোচনা হ’ব৷’