নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম মহাপুৰুষীয়া সমাজৰ প্ৰাক্তন সভাপতি ত্ৰৈলোক্য দত্তৰ দেহাৱসান

অসম মহাপুৰুষীয়া সমাজৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি, বৰ্তমানৰ উপদেষ্টা তথা শিৱসাগৰ জিলা সমিতিৰ শৰণাচাৰ্য হাঁহচৰা লাটুম গাঁও নিৱাসী ত্ৰৈলোক্য দত্তৰ (৮৪) কালি মৃত্যু হয় ৷ উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ বিগত এমাহ দিন ধৰি চিকিৎসাধীন অৱস্থাত কালি বিয়লি মৃত্যুক আঁকোৱালি লয় ত্ৰৈলোক্য দত্তই।

দত্ত হাঁহচৰা অঞ্চলৰ আধ্যাত্মিক ক্ষেত্ৰখনত বিশেষ দখল থকা এগৰাকী ধৰ্মপৰায়ণ ব্যক্তি আছিল। ভাগৱত দৰ্শন সন্দৰ্ভত তেওঁৰ যি ব্যুৎপত্তি আছিল সেয়া অঞ্চলটোৰ প্ৰতিজন লোকেই শলাগিছিল। বিশ্ববিদ্যালয়ৰ শিক্ষা গ্ৰহণেৰে উচ্চ শিক্ষিত ত্ৰৈলোক্য দত্তই সাহিত্য চৰ্চা কৰাৰ সমান্তৰালভাৱে এসময়ত সাংবাদিকতাৰ ক্ষেত্ৰখনতো জড়িত হৈ পৰিছিল ৷ অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত থকা এইগৰাকী সমাজকৰ্মী তথা ধৰ্মপৰায়ণ ব্যক্তিৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

কালি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰাকক্ষণত বাসগৃহত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত স্থানীয় সৰুঘৰীয়া আৰু ঘটাচুক নামঘৰ পৰিচালনা সমিতি, লাটুম গাঁও প্ৰাথমিক বিদ্যালয়ৰ লগতে বিভিন্নজনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত ত্ৰৈলোক্য দত্তই পত্নীৰ লগতে দুগৰাকী বিবাহিতা কন্যাক এৰি যায়৷

নিয়মীয়া বাৰ্তা, নাজিৰা, ২০ জানুৱাৰী :

You might also like