নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত পথ মেৰামতিত ব্যাপক অনিয়মৰ অভিযোগ

ৰাজপথ মেৰামতিৰ নামত পালমৰাবিধৰ কাম কৰাৰ অভিযোগ। পকীকৰণৰ দুদিন পাছতে বখলা বখলে হাতেৰে এৰুৱাব পাৰি ব্লেকটপিং। সেয়ে ৰাইজে বন্ধ কৰি দিলে কাম |

বকো ছয়গাওঁ সমজিলাৰ অন্তৰ্গত নগৰবেৰাৰ পথালিপাৰা পলাহৰটাৰীৰ পথ মেৰামতিত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে | নিম্নমানৰ কাম প্ৰতিপন্ন কৰিবলৈ হাতৰ আঙুলিৰে একাংশই এৰুৱালে পথৰ ব্লেকটপিং | কাষত বিভাগীয় কাকো নাপাই ক্ষোভিত হৈ পৰিছে সচেতন ৰাইজ |

সেয়ে যেতিয়ালৈকে বিভাগীয় বিষয়াই কামৰ তদাৰক কৰি ৰাইজক সৈমান নকৰে তেতিয়ালৈকে ৰাইজে বন্ধ কৰি দিয়ে পথটিৰ মেৰামতিৰ কাম | অভিযোগ মতে, নিৰ্মাণকাৰী সংস্থাই অতি নিম্নমানৰ সামগ্ৰীৰে কৰি গৈছে পালমৰাবিধৰ মেৰামতি | প্ৰশ্ন হয়- ৰাইজৰ দাবীক গুৰুত্ব দি সংশ্লিষ্ট লোকনিৰ্মাণ বিভাগে তদাৰক কৰিবনে উক্ত পথৰ মেৰামতিৰ কাম ?

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২৪ জানুৱাৰী :

You might also like