২০২৬ চনতেই মানুহক বশ কৰিব কৃত্রিম বুদ্ধিমত্তাই : এলন মাস্ক
নিউজ ডেস্ক, ২৪ জানুৱাৰী : সময়ৰ লগে লগে আগবাঢ়িছে প্রযুক্তিও৷ বর্তমান সময়ত কিছু ক্ষেত্ৰত বৃহৎ প্রত্যাহ্বান হিচাপে থিয় দিছে আর্টিফিচিয়েল ইণ্টেলিজেঞ্চ অথবা কৃত্রিম বুদ্ধিমত্তা৷
ডাভোছত অনুষ্ঠিত ৱ’র্ল্ড ইক’নমিক ফ’ৰামৰ বার্ষিক সভাত উপস্থিত থাকি এলন মাস্কে কয় যে কৃত্রিম বুদ্ধিমত্তা, ৰব’টিক্ছৰ দৰে প্রযুক্তি এনে গতিৰে আগবাঢ়িছে যিয়ে সভ্যতা, অর্থনীতি আৰু দৈনন্দিন জীৱনলৈ আমূল পৰিৱর্তন আনি দিব পাৰে৷
তেওঁ কয়- ‘অহা ১০ বছৰত কি ঘটিব আমি নাজানো৷ কিন্তু কৃত্রিম বুদ্ধিমত্তাৰ অগ্রগতিৰ হাৰ দেখি আমাৰ ধাৰণা হৈছে যে এই বছৰৰ শেষৰফালে বা বৰ বেছি অহা বছৰৰ মাজভাগলৈ আমি এনে এক বুদ্ধিমত্তা পাম, যি মানুহতকৈ বহু বেছি বুদ্ধিমান৷ তেওঁ দাবী কৰে যে ২০৩০ বা ২০৩১ চনৰ ভিতৰতে কৃত্রিম বুদ্ধিমত্তাই সমষ্টিগতভাৱে সমগ্র মানৱ জাতিক অতিক্রম কৰিব৷