অসম চৰকাৰৰ অধীনস্থ কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ উন্নয়ন পুঁজিৰ দ্বাৰা কোচ ৰাজবংশী কালচাৰেল ছ’চাইটীৰ কোকৰাঝাৰৰ ডিমলগাঁওস্থিত মুখ্য কাৰ্যালয় চৌহদত নিৰ্মিত ‘চিলাৰায় ভৱন’টি ২৫ জানুৱাৰীত শুভ উদ্বোধন কৰা হ’ব । দুই কোটি দহ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মিত ভৱনটি কাইলৈ দিনৰ ১১ বজাত শংখ-উৰুলিৰ ধ্বনিত ফিতা কাটি উদ্বোধন কৰিব কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ কুমাৰ প্ৰণৱ নাৰায়ণ দেৱে ।
ইয়াৰ পিছতে এখন মুকলি সভা অনুষ্ঠিত হ’ব। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব কুমাৰ প্ৰণৱ নাৰায়ণ দেৱ, বি টি চিৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী। তদুপৰি কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড০ দ্বিজেন্দ্ৰ নাথ ভকত, নেপালৰ ৰাজবংশী সমাজ বিকাশ সমিতিৰ সম্পাদক চন্দ্ৰ প্ৰসাদ ৰাজবংশী, সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি ৰাণাদিত্য দেব বৰ্মন, আক্ৰাছুৰ সভাপতি মনোজ ৰায়, সম্পাদক বলোৰাম বৰ্মন আৰু কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ সদস্য দুৰ্বাসা মোহন ৰায় সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব।
উল্লেখযোগ্য যে ইয়াৰ প্ৰাকমুহূৰ্তত পুৱা কোচ ৰাজবংশী কালচাৰেল ছ’চাইটীৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কৰা হ’ব । পতাকা উত্তোলন কৰিব ছ’চাইটীৰ সভাপতি বুদ্ধেশ্বৰ ৰায় আৰু শ্বহীদ তৰ্পণ কৰিব আদৰণী সমিতিৰ সভাপতি শৰৎ চন্দ্ৰ ৰায়ে । গছপুলি ৰোপণ কৰিব আদৰণী সমিতিৰ উপ-সভাপতি ৰাজেন্দ্ৰ অধিকাৰীয়ে। কোচ ৰাজবংশী সাংস্কৃতিক সন্থাৰ শিল্পীসকলে কুশান, কাৰ্তিকা, গোৱালিনী আৰু হুদুম নৃত্য-গীত পৰিৱেশন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰিব।
নিয়মীয়া বাৰ্তা, বাসুগাঁও, ২৪ জানুৱাৰী :