নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানত পিষ্টলসহ আৰক্ষীৰ জালত নাগালেণ্ডৰ ড্ৰাগছ সৰবৰাহকাৰী

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত বোকাজানত পিষ্টলসহ আৰক্ষীৰ জালত এজন ড্ৰাগছ সৰবৰাহকাৰী। খটখটি আৰক্ষী থানাৰ অন্তৰ্গত লাহৰীজান নিৰ্মল কুমাৰ চাহ বাগিচাৰ সমীপত ডিমাপুৰ দিশৰ পৰা অহা AS-01 P-3324 নম্বৰৰ এখন বলেৰ’ বাহনত আৰক্ষীয়ে তালাচী চলাই এটা পইণ্ট 22 পিষ্টল, ছয় জাঁই সক্ৰিয় গুলী, এটা মেগজিনৰ লগতে দুটা প্লাষ্টিকৰ চাবোনৰ বাকচত ১৬ গ্ৰাম হেৰ’ইন জব্দ কৰে।

পিষ্টলসহ আৰক্ষীৰ জালত পৰা নাগালেণ্ডৰ নিউলেণ্ডৰ খুগাহুটো আওমিক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

বিশেষ বাৰ্তা, ২৫ জানুৱাৰী :

You might also like